ছাত্ৰ জীৱন আৰু সমাজ সেৱা | Class 10 Assamese Lesson 6 Question Answer Assam
ছাত্ৰ জীৱন আৰু সমাজ সেৱা
ছাত্ৰ জীৱন আৰু সমাজ সেৱা | Class 10 Assamese Lesson 6 Question Answer Assam
ছাত্ৰ জীৱন আৰু সমাজ সেৱা
(ডিম্বেশ্বৰ নেওগ)
১) অতি চমুকৈ উত্তৰ লিখা :
ক) লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি?
উত্তৰঃ লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হল — ছাত্ৰ-ছাত্ৰীয়ে কি কি কাম কৰিলে মানুহ জনম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হব পাৰি, এনেবিলাক বিষয়ৰ জ্ঞান অৰ্জন কৰাই হৈছে ছাত্ৰ জীৱনৰ মূল উদ্দেশ্য।
খ) বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ কি কি?
উত্তৰঃ বৰ্তমান প্ৰচলিত শিক্ষা কামৰ শিক্ষা নহয়, এয়ে ইয়াৰ ঘাই দোষ। বৰ্তমান সময়ৰ শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই বুলি কব পাৰি। উদাহৰণস্বৰূপে — বৰ্তমান সময়ৰ শিক্ষাৰ্থীয়ে পাঠ্যপুথি পঢ়ি দুখীয়াক মৰম কৰিব’,দুখীয়াক সহায় কৰিব’ আদিৰ দৰে বহুতো বাক্য আজিৰ দিনৰ শিক্ষাৰ্থীয়ে আতৰাই থয়। বাস্তৱ জীৱনত কিন্তু ইয়াৰ অৰ্থ কি সেইয়া শিক্ষাৰ্থীয়ে উপলব্ধি কৰিবলৈ সক্ষম নহয়। কিয়নো আজিৰ দিনত শিক্ষকসকলেও শিক্ষাৰ্থীসকলক এনে ধৰণৰ বাক্যবোৰৰ অন্তৰ্নিহিত থকা প্ৰকৃত অৰ্থবোৰ বুজাই দিয়াৰ পৰিৱৰ্তে তেওঁলোকে শিক্ষাৰ্থীৰ বানানসমূহৰ গুৰুত্ব দিয়ে। শিক্ষকসকলে কত আ- কাৰ, ই- কাৰ, উ- কাৰ আদি শুদ্ধ কৰিছেনে ভূল কৰিছে সেইবোৰ চাই নিজৰ পাঠদানৰ কৰ্তব্য সামৰণি মাৰে। শিক্ষকসকলে কেতিয়াও এইটো গুৰুত্ব নিদিয়ে যে শিক্ষাৰ্থীসকলে পাঠটো পঢ়ি শুনি কিবা জ্ঞান লাভ কৰিছে নাই সেইতো গুৰুত্ব নিদিয়ে।শিক্ষকে কেৱল বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে নাই বা শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ উৰ্ত্তীন হব পাৰিছেনে নাই সেইতো গুৰুত্ব দিয়ে। এইবোৰ হৈছে বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ।
গ) ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হব লাগে।
উত্তৰঃ ছাত্ৰসকলে দেশৰ ভৱিষ্যত, আশা- ভৰসাৰ কলি। সেয়েহে ছাত্ৰসকলে যিমানদূৰ সম্ভৱ হয় জ্ঞানকাৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হব লাগে।
ঘ) ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা কৰ পৰা কিদৰে লাভ কৰিব পাৰে?
উত্তৰঃ ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা লাভ কৰিব পৰা উপযুক্ত স্থান হৈছে গাঁও অঞ্চল। এই কুৰি শতিকাৰ মাজভাগতো আমাৰ দেশৰ গাওঁসমূহত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰি আছে, ইয়াৰ বাহিৰেও কু- সংস্কাৰ, অন্ধবিশ্বাসে সকলো দিশ অন্ধকাৰ কৰি দেশৰ প্ৰগতি আৰু উন্নতিৰ পথটো হেঙাৰ হৈ থিয় দিছে। এই বাধাসমূহ দূৰ কৰিবলৈ হলে ছাত্ৰসকলে নিজৰ কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে গাঁওসমূহকে বাচি লৈ গাঁওবাসীক অজ্ঞানতা, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি বিভিন্ন দিশৰ পৰা মুক্ত কৰি অভিজ্ঞতা লাভৰ দ্বাৰা কাৰ্যকৰী জ্ঞান অৰ্জন কৰিব লাগিব।
ঙ) লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা?
উত্তৰ:- লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা।
২) ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কোনবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশসেৱাত ব্ৰতী হবলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ হলে শিক্ষাৰ সময়ছোৱাত ছাত্ৰসকলে একাগ্ৰতাৰে জ্ঞান অৰ্জনত ব্ৰতী হব লাগে। একাগ্ৰতা হৈছে ছাত্ৰ জীৱনৰ উন্নতিৰ ঘাই মন্ত্ৰ। এই অৱস্থাত মনৰ গতি একমুখী হব লাগে, বহুমুখী হলে ছাত্ৰৰ ছাত্ৰত্ব শক্তি লোপ পাব খোজে। ছাত্ৰ হৈ থকা সময়ছোৱাত ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ললে, নাইবা বাহিৰত হৈ চৈ কোলাহল আদিত গা ঢালি দিলে ছাত্ৰই নিজ জীৱনত উন্নতি কৰিব নোৱাৰে। এনে কিছুমান কথা কাল আৰু পাত্ৰভেদে বিচাৰ কৰি চলিব লাগে।
ছাত্ৰসকলে ছাত্ৰ জীৱনত শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি সকলো বিধ শিক্ষাৰে অনুশীলন কৰিব লাগে। আমাৰ দেশত এই ধৰণৰ সকলো শিক্ষা প্ৰদান কৰা হয়। ছাত্ৰসকলে মানুহৰ জীৱনৰ লক্ষ্য কি, কি কি কাম কৰিলে মনুষ্য জনম সাৰ্থক হব, সাংসাৰিক জীৱনত মানুহে কি কাম কৰিলে কৃতকাৰ্য হব পাৰিব এই সকলোবোৰ ব্যৱহাৰিক তথা কাৰ্যকৰী জ্ঞান আহৰণ কৰাটো গুৰুত্ব দিব লাগে।
ছাত্ৰসকল হল দেশৰ ভৱিষ্যত, আশা- ভৰসাৰ কলি। সেয়ে ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমানদূৰ সম্ভৱ হয় জ্ঞানকৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হব লাগে। দেশত বিৰাজ কৰি থকা নিৰক্ষৰতা, অজ্ঞানতা, কু- সংস্কাৰ তথা অন্ধবিশ্বাসৰে কবলৰ পৰা দেশবাসীক মুক্ত কৰাৰ চেষ্টা কৰিব লাগে। সৎ উপদেশ আৰু উদাহৰণেৰে নিজৰ ঘৰ তথা গাওঁখনক আদৰ্শ ঘৰ বা গাঁও কৰিবলৈ চেষ্টা কৰিব লাগে। শিক্ষাৰ্থীসকলে এই ধৰণৰ কাম বোৰত অংশগ্ৰহণ কৰিলেও শিক্ষা কালছোৱাত ছাত্ৰসকলে ছাত্ৰ জীৱনৰ সীমাত থাকিহে সমাজ তথা দেশৰ সেৱা কৰিব লাগিব।
৩)`এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।’ — কোনখিনি শিক্ষা তেওঁলোকৰ (ছাত্ৰ- ছাত্ৰীসকলৰ) কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা।
উত্তৰঃ ছাত্ৰসকলে গাঁও অঞ্চলসমূহত ৰাজত্ব কৰা অজ্ঞানতা, নিৰক্ষৰতা, কু- সংস্কাৰ, অন্ধবিশ্বাস আদি সকলো দিশ অন্ধকাৰাছন্ন কৰি দেশৰ প্ৰগতি, উন্নতি আদিৰ পথত হেঙাৰৰূপে থিয় দিব লাগিব। ছাত্ৰসকলে গাঁৱত সোমাই নিজ ঘৰে- ঘৰে গাঁৱে গাঁৱে অশিক্ষিত লোকসকলক এই বিষয়ে চকু মুকলি কৰিব লাগিব। বাতৰি কাকত আৰু জ্ঞান তথা জগতৰ বাতৰি থকা পুথি পঢ়ি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব। তেওঁলোকৰ মাজৰ পৰা কুৰ্চুট- কপট গুচাবলৈ চাব লাগিব। গাঁৱত কোনো নৰীয়া আদি হলে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব। উপদেশেৰে আৰু উদাহৰণৰে নিজৰ ঘৰ আৰু গাঁওখন একোখন আদৰ্শ গাঁও কৰিবলৈ চাব লাগিব। এইবোৰ কাম ছাত্ৰৰ কৰ্তব্যৰ বাহিৰ নহয়, কিয়নো এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।
……………………………………Click Here Read More……………………..
https://www.assamlearning.com/2021/06/class-10-assamese-lesson-6-question.html
메타데이터
- post_id
- 2e6563ef313f
- slug
- ছাত্ৰ-জীৱন-আৰু-সমাজ-সেৱা-class-10-assamese-lesson-6-question-answer-assam-2e6563ef313f
- url
- https://medium.com/@AssamLearning/%E0%A6%9B%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0-%E0%A6%9C%E0%A7%80%E0%A7%B1%E0%A6%A8-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C-%E0%A6%B8%E0%A7%87%E0%A7%B1%E0%A6%BE-class-10-assamese-lesson-6-question-answer-assam-2e6563ef313f
- canonical_url
- https://medium.com/@AssamLearning/%E0%A6%9B%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0-%E0%A6%9C%E0%A7%80%E0%A7%B1%E0%A6%A8-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C-%E0%A6%B8%E0%A7%87%E0%A7%B1%E0%A6%BE-class-10-assamese-lesson-6-question-answer-assam-2e6563ef313f
- author_url
- https://medium.com/@AssamLearning
- status
- ok
- fetched_at
- 2026-07-15 23:48:04