← Back to list

মই অসমীয়া | Class 10 Assamese Lesson 4 Question Answer Assam

মই অসমীয়া

Assam Learning · 2021-09-01 16:37 · 0 claps · 1.9 min read
#seba #class-10-assamese #assam #assamese #মই-অসমীয়া
Open on Medium ↗

মই অসমীয়া | Class 10 Assamese Lesson 4 Question Answer Assam

মই অসমীয়া

চৈয়দ আব্দুল মালিক

ভাব-বিষয়কঃ

১ । চমু উত্তৰ দিয়াঃ ক ) চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা । উত্তৰ:- চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম হল বেদুইন।

খ ) মােগলসকলে অসমৰ ক’ত ভৰি দিছিল ? উত্তৰ:- মোগলসকলে অসমৰ সেউজীয়া দূবৰি বনত ভৰি দিছিল।

গ ) অসমৰ হেংদাং ক’ত জিলিকিছিল ? উত্তৰ:- অসমৰ হেংদাং দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল বুলি কৈছে ।

ঘ ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল ? উত্তৰ:- অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল।

ঙ ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল ? উত্তৰ:- অসমৰ স্বৰ্গদেৱে হাঁহ — কণী আৰু চাউলেৰে দেউল সাজিছিল।

২ । ‘অসমৰ হেংদাং জিলিকিল । দুপৰৰ পূর্ণ আলােকত ’ — কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা । উত্তৰ:- অসমখন জয় কৰিবৰ বাবে এদিন প্ৰবল পৰাক্ৰমী মোগল আহিছিল। সেই সময়ত স্বাধীন অসমত আহোমে ৰাজত্ব কৰিছিল। অসমখনক অনায়সে জয় কৰাৰ সপোণ লৈ মোগলসকলে অসমত প্ৰৱেশ কৰিছিল। কাৰণ মোগলসকলে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্ববিজয়ী বুলি ভাবিছিল। ভাৰতৰ পূৱ দিশৰ ৰাজ্য অসমখনক শক্তিহীন বুলি মোগলসকলে ভাবিছিল। মোগল ৰাজ্য সংস্থাপনৰ লক্ষ্যৰে বীৰদৰ্পে আছিল। পিছে মোগলসকলৰ আশাত চেঁচাপানী ঢালিলে অসমৰ বীৰ-বীৰাংগনা সকলে। অসমৰ মাটিত ভৰি দিয়েই তেওঁলোকে দেখিলে শস্য-শ্যামলা ভূমি, যুদ্ধভূমিত থিয় হৈ সেউজীয়া পৰিৱেশ দেখিয়ে হেং-দাঙৰ চিকমিকনি। আহোমসকলৰ যুদ্ধত ব্যৱহৃত হেংদাং হল তৰোৱাল, সেই তৰোৱাল হাতত লৈ দুগুনে উৎসাহ আৰু প্ৰবল পৰাক্ৰমেৰে যুঁজিছিল আহোমৰ বীৰ-বীৰাংগনাই। সেই যুদ্ধত পৰাক্ৰমৰ মুখামুখি হৈ তিষ্ঠিব নোৱাৰিলে মোগলসকল আৰু পৰাজয় বৰণ কৰিবলগীয়া হল।

৩ । অসমৰ পুৰুষ — নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা । উত্তৰ:- সপ্তদশ শতিকাত আহোমসকল আছিল স্বাধীন অসমৰ শাসক। সেই সময়ছোৱাত দিল্লীত থাকিও ভাৰতবৰ্ষৰ একছত্ৰী শাসক হোৱাৰ বাবে মন মেলিছিল মোগলসকলে। অন্য দেশসমূহৰ দৰে অসমখনকো আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকলে অসমত ভৰি দিছিলে। যিকোনো প্ৰকাৰে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজভূমি। মোগলসকলে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰেই অধিকাৰী। দেশৰ হকে যুদ্ধ কৰিবলৈ তেওঁলোক প্ৰস্তুত। শত্ৰু সৈন্য অহা খবৰ পাই অসমৰ পুৰুষ-মহিলা সকলোৱে হাতে হাতে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। শত্ৰুৰ আক্ৰমণ বুকু পাতি লবলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ কৰা নাছিল। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰনত কৰি মোগলসকল অহাবাটে উভতি গৈছিল।

৪ । ক’ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আঁজলিত । ” — কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা । উত্তৰ :- প্ৰবল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। অসমখন দুৰ্বল জাতিৰ দেশ বুলি মনতে ভাবি অনায়াসে বিজয়ৰ গৌৰৱ লাভ কৰিবলৈ প্ৰস্তুত হৈ আহিছিল। আহোমসকলে সেই সময়ত আকৌ অসমত ৰাজত্ব কৰিছিল। অসমখন মোগলৰ হাতলৈ অহাৰ আগতে আহোমসকলে ৰণকৌশল তৈয়াৰ কৰিছিল। আকৌ সেই সময়ত অসমৰ পুৰুষ-নাৰী সকলো ওলাই আহিছিল শত্ৰুসৈন্যক ভেটিবলৈ। ৰণচণ্ডী মূৰ্তিৰে যুজঁ আৰম্ভ সৈন্যবিলাকক দেখি মোগলসকল স্তম্ভিত হল। অসমৰ লোক সকল অতিথিপৰায়ণ, সহজ — সৰল আৰু কৃষিজীৱী বুলি সকলোৱে জানিছিল। তেওঁলোকৰ ধানৰ পৰা উৎপাদিত সামগ্ৰী খায়েই মোগলসকলে পেট প্ৰৱৰ্তাইছিলে বুলি তেওঁলোকৰ মনত এটা ধাৰণা হৈছিল। মোগলসকলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে গৰম পানীৰে সান্দহ গুড়ি জীয়াই থকা মানুহ ইমান বলবন্ত হব পাৰে বুলি।বীৰদৰ্পে যূঁজা অসমৰ সৈন্যৰ সন্মুখত মোগলৰ বীৰত্ব ম্লান পৰিল।দৰাচলতে মানসিক শক্তিয়ে বলীয়ান হৈ অসমৰ সৈন্যদলে লাভ কৰিলে দুগুণ শাৰীৰিক শক্তি।

…………………………Click Here Read More…………………………………

https://www.assamlearning.com/2021/06/class-10-assamese-lesson-4-question.html


메타데이터
post_id
33f5d7378ead
slug
মই-অসমীয়া-class-10-assamese-lesson-4-question-answer-assam-33f5d7378ead
url
https://medium.com/@AssamLearning/%E0%A6%AE%E0%A6%87-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-class-10-assamese-lesson-4-question-answer-assam-33f5d7378ead
canonical_url
https://medium.com/@AssamLearning/%E0%A6%AE%E0%A6%87-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-class-10-assamese-lesson-4-question-answer-assam-33f5d7378ead
author_url
https://medium.com/@AssamLearning
status
ok
fetched_at
2026-07-15 23:48:04