জুবিন : অসমৰ প্ৰাণস্পন্দন
১. মহাকাব্যিক পুনৰ্জন্ম
জুবিন : অসমৰ প্ৰাণস্পন্দন
১. মহাকাব্যিক পুনৰ্জন্ম
জুবিন গাৰ্গৰ মৃত্যু হ’ল৷ এই কথাটো অসমৰ মানুহৰ বাবে এটা বিৰোধাভাস৷ কিয়নো জুবিনৰ মৃত্যু কাৰো বাবে কল্পনা কৰিব নোৱৰা কথা, অকাল মৃত্যুৰ কথাতো বাদেই৷ সেয়ে তেওঁৰ মৃত্যুৰ এমাহৰ পাছতো (মৃত্যু ঘটিছিল ১৯ ছেপ্টেম্বৰত, আমি লিখি আছো ১৯ অক্টোবৰত) মানুহে কথাটো গ্ৰহণ কৰিব পৰা নাই, সত্যক সহ্য কৰাৰ ক্ষমতা আয়ত্ত কৰিব পৰা নাই৷ হঠাতে শূন্য হৈ পৰা মানুহৰ বুকুৰ চিৎকাৰ এতিয়াও বতাহত উৰি ফুৰিছে, মানুহৰ চকুৱেদি চকুলোৰ নিছিগা ধাৰ এতিয়াও একেৰাহে বৈয়েই আছে৷ এই চিৎকাৰ আৰু কান্দোন সহজে বন্ধ নহয় — ভিন্ন ৰূপত ই হয়তো চলি থাকিব সুদূৰ ভৱিষ্যতলৈ, প্ৰজন্মৰপৰা প্ৰজন্মান্তৰলৈ৷ কিয়নো জুবিন হ’ল আমাৰ অস্তিত্ব আৰু চেতনাৰ এক অভিন্ন অংশ৷ তেওঁৰ মৃত্যুৱে আমাৰো এফাল মাৰি নিছে — আমি হৈ পৰিছো পক্ষাঘাতগ্ৰস্ত৷ এই অভাৱনীয় পক্ষাঘাতগ্ৰস্ততাৰ যন্ত্ৰণা আৰু কান্দোন জীৱন থকালৈকে চলি থাকিব৷
জুবিনক যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব বুলি অভিহিত কৰা হৈ আহিছে, তেওঁৰ প্ৰতি থকা ভালপোৱা ৰাজহুৱাভাৱে প্ৰকাশ কৰা যুৱচামটোক ‘জুবিনৰ অনুৰাগী’ বুলি কোৱা হৈ আহিছে৷ কিন্তু প্ৰকৃতপক্ষে অসমৰ সমগ্ৰ জনসাধাৰণেই জুবিনৰ সাংগীতিক মায়াত মন্ত্ৰমুগ্ধ হৈ আহিছে৷ বৰ্তমান অসমৰ আটাইবোৰ প্ৰজন্মক একেটা কণ্ঠৰ ডোলেৰে সংলগ্ন কৰিছে জুবিনে৷ অসমৰ ঐতিহ্যক বৰ্তমানৰ সৈতে, বিংশ শতিকাক একবিংশ শতিকাৰ সৈতে সংযোগ কৰিছে জুবিনে৷ ধৰ্মীয় ধ্ৰুপদীৰপৰা ফ’ক (folk)লৈ, তাৰপৰা ৰকলৈ — সকলোধৰণৰ সাংগীতিক ধাৰা সমন্বিত হৈছে জুবিনৰ কণ্ঠত৷ সেই কণ্ঠত ভাস্বৰ হৈ উঠিছে অসমৰ সমগ্ৰ vernacular lifeworld — তাৰ সমস্ত আশা-আকাংক্ষা, ঐতিহ্য-প্ৰমূল্য, শংকা-ভীতি, দ্বন্দ্ব-সংঘাতেৰে সৈতে৷ অসমৰ আকাশে-বতাহে, গছে-লতাই, বালিয়ে-বোকাই সৰ্বত্ৰ ব্যাপ্ত হৈ আছে জুবিনৰ কণ্ঠ। অসমৰ প্ৰতিটো পাহাৰে প্ৰতিখন নদীয়ে বহন কৰি আছে সেই কণ্ঠৰ স্বাক্ষৰ, অসমৰ প্ৰতিখন পথাৰে প্ৰতিটো আলিবাটে চিনি পায় সেই কণ্ঠৰ গান। সেই কণ্ঠই বহন কৰিছে অসমৰ (লগতে উত্তৰ-পূবৰ) সৰু-বৰ সকলো ভাষাৰ কালিকা, প্ৰাণ দিছে সকলো জাতি-ধৰ্মৰ মানুহৰ কামনাক৷ দেশে-বিদেশে থকা প্ৰবাসী অসমীয়াৰ বাবে জুবিন হ’ল ঘৰ৷ এনেকৈ জুবিন হৈ পৰিছে অসমৰেই নামান্তৰ মাথোন৷ জুবিন অসমীয়া জাতিৰ কণ্ঠই কেৱল নহয়, তেওঁ হ’ল অসমীয়া জাতীয়তাবাদৰ শেষৰডাল এনাজৰী৷ সেয়ে তেওঁৰ মৃত্যুত আমি দেখিবলৈ পালো, ঐতিহাসিক অৰ্থত, অসমীয়া জাতীয়তাবাদৰ শেষৰটো স্বতঃস্ফূৰ্ত আৰু সৰ্বাত্মক জাগৰণ৷ এয়া হ’ল প্ৰকৃতাৰ্থত শেষ জাতীয় শোক — কিয়নো জুবিনেই হ’ল অসমীয়া জাতিয়ে জন্ম দিয়া শেষৰজন ডাঙৰ মানুহ, যাৰ পৰৱৰ্তী সময়ত ইতিহাসৰ গতিধাৰা অনুসৰিয়েই তেনে কোনো মানুহৰ আবিৰ্ভাব সম্ভৱ নহয়৷
কবি হুইটমেনে লিখিছিল — “Do I contradict myself?/Very well then I contradict myself,/(I am large, I contain multitudes)”. সমস্ত স্ববিৰোধেৰে সৈতে তেনেকুৱাই বিশাল আছিল জুবিন৷ সৰ্বসাধাৰণ ৰাইজৰ মাজতে উমলি-জামলি থাকিলেও তেওঁৰ চেতনা বাস কৰিছিল বহু উচ্চতাত, অসমীয়া সামাজিক জীৱনৰ কূপমণ্ডূকতাৰ বহু ঊৰ্ধত৷ আমাৰ অসমখন তেনেই সৰু; আমাৰ মনবোৰ তেনেই ক্ষুদ্ৰ আৰু তুচ্ছ — কিন্তু আমাৰ মাজতেই থাকি কাঞ্চনজংঘাৰ দৰে শিৰ তুলি জীয়াই আছিল জুবিন৷ জুবিন আছিল এক অসম্ভৱৰ নাম, এক impossibility. আমাৰ সন্মুখতেই তেওঁ জীয়াই আছিল সপোনৰ দৰে এক জীৱন, যাৰ বাবে তেওঁ হৈ পৰিছিল এটা লিজেণ্ড, এটা মিথ৷ এতিয়া মৃত্যুৰ মাজেৰেও তেওঁ দেখুৱাই থৈ গ’ল নিজৰ অপাৰ বিশালতা৷
জুবিনৰ মৃত্যুত অসমত কি ঘটিল তাক ভাষাৰে বৰ্ণনা কৰাটো সম্ভৱ নহয়৷ আমি মাত্ৰ তাৰ বিষয়ে অকণমান আভাসহে দিব পাৰো৷ আমি চকুৰ সন্মুখতে দেখিবলৈ পালো ইতিহাস; আমি প্ৰত্যেকেই নিজকে আৱিষ্কাৰ কৰিলো এক মহাকাব্যৰ মাজত৷ স্তব্ধ হৈ গ’ল জীৱন, থমকি ৰ’ল সময়৷ অসমৰ কেঁচা মাটি ফাটি যেন আবিৰ্ভাব ঘটিল এক আদিম মহাজাগতিক শক্তিৰ — যি বৰ্ণনাতীত, অতুলনীয় আৰু অপৰাজেয়৷ আজি গোটেই অসমখনক সেই শক্তিটোৱে লম্ভি আছে৷ অসহ্য যন্ত্ৰণাত মানুহবোৰ পাগল হৈ গৈছে, তাৰপৰা মুক্তিৰ পথ বিচাৰি হাহাকাৰ কৰি ফুৰিছে৷ তেওঁলোকে নাজানে কেনেকৈ প্ৰকাশ কৰিব এই মৃত্যুৱে অনা শূন্যতাৰ কথা, তেওঁলোকে নাজানে কেনেকৈ সহ্য কৰিব এই দহন৷ সেইবাবে তেওঁলোকে সমগ্ৰ সত্তা উজাৰি যি পাৰে তাকে কৰিছে — কান্দিছে, গাইছে, চিঞৰিছে, আৰু কত কি কৰিছে৷ সামূহিক শোকৰ এনেকুৱা বিৰাট, কাহানিও নোহোৱা-নোপজা, অসম্ভৱ, সৃষ্টিশীল প্ৰকাশ নিশ্চয় মানৱ জাতিৰ ইতিহাসতে বিৰল৷
জুবিনৰ মৃত্যু আচলতে মৃত্যু নহয়, এয়া তেওঁৰ মহাকাব্যিক পুনৰ্জন্ম৷ হয়তো ফিনিক্স পখীৰ দৰে, নতুবা হয়তো যিছুৰ দৰে এক পুনৰুত্থান৷ সেয়ে জুবিনৰ obituary লিখিব নোৱাৰি৷ মৃত্যুৰ লগে লগে তেওঁৰ দ্বিতীয় জীৱন আৰম্ভ হৈছে, আৰু গোটেই অসমে চকুলোৰে বাট তিয়াই তেওঁক আদৰণি জনাইছে নতুন জীৱনলৈ৷ মানুহে জুবিনক পুনৰাৱিষ্কাৰ কৰিছে, তেওঁক নতুনকৈ উপলব্ধি কৰিছে৷ জুবিনে ইমানেই গান গালে আৰু তেওঁ ইমানেই জনপ্ৰিয় হ’ল যে তেওঁ হৈ পৰিল অসমৰ সাংস্কৃতিক জীৱনৰ default, এটা ধ্ৰুৱক৷ তেওঁ হৈ পৰিল banal. এই banalityৰ বাবে বহুতেই তেওঁক নেদেখা হৈ পৰিল; কেৱল তেওঁক লৈ ঘটা কিবা বিশেষ ঘটনাকহে দেখে, তেওঁক লৈ হোৱা বিতৰ্কবিলাক দেখে, কিন্তু গোটেই জুবিনটোক নেদেখে৷ কিন্তু মৃত্যুৰ লগে লগে তেওঁলোকে জুবিনক দেখা পালে আৰু হেৰুওৱাৰ যন্ত্ৰণাত কাতৰ হৈ পৰিল — ঠিক গুৰিদাঁত এটা অকস্মাতে জোৰকৈ উঘালি দিয়াৰ দৰে৷ এচাম মানুহ আছিল যি জুবিনৰ প্ৰতি বিৰাগ পুহি ৰাখিছিল — ধন-ক্ষমতাৰে বলীয়ান কিছু স্বাৰ্থান্বেষী গোষ্ঠী, এচাম পশ্চিমীকৃত (westernised) উচ্চবিত্ত মানুহ আৰু মুষ্টিমেয় সাংস্কৃতিক উচ্চমন্যতা-গ্ৰস্ত ব্যক্তি৷ কিন্তু জুবিনৰ মৃত্যুৱে কঢ়িয়াই অনা মহাজাগতিক ধুমুহাৰ সন্মুখত তেওঁলোকে স্বজ্ঞানে মূৰ দোঁৱালে৷ স্বাৰ্থান্বেষী মহলৰ কথা সুকীয়া; কিন্তু আগতে জুবিনক বুজিব নিবিচৰা বা নস্যাৎ কৰা বাকীসকলে এতিয়া জুবিনৰ হাতত ধৰি নিজৰ অতীতটো পুনৰ্বিবেচনা কৰিবলৈ চেষ্টা কৰিছে৷ একে সময়তে জুবিনৰ গানবিলাকে এতিয়া নতুন জীৱন লাভ কৰিব ধৰিছে — মানুহে সিবিলাকত নতুন নতুন অৰ্থ বিচাৰি পাইছে, সিবিলাকৰ সৈতে তেওঁলোকে নতুনকৈ আৱেগিক-প্ৰতীকী সম্পৰ্ক আৱিষ্কাৰ কৰিছে৷ ‘মায়াৱিনী’ গানটোৰ যি ৰূপান্তৰ ঘটিল সেয়া হয়তো বিশ্বৰ সাংগীতিক ইতিহাসতে এটা বিৰল ঘটনা৷ প্ৰেম আৰু জীৱন সংগ্ৰামৰ মহৎ গাথা হিচাপে এই গানটো জুবিনৰ উৎকৃষ্টতম সৃষ্টি; কিন্তু তাকো অতিক্ৰম কৰি গানটোৱে এতিয়া এক divine আয়তন লাভ কৰিলে৷ গানটো হৈ পৰিল একাধাৰে এটা এ’লিজি, এটা সৰ্বধৰ্মীয় প্ৰাৰ্থনা, এটা মূলমন্ত্ৰ, এটা শ্লোগান, এটা জাতীয় সংগীত, আৰু কত কি৷ এই এটা গানে আজি গোটেই অসমক বান্ধি পেলালে; আমাৰ চুবুৰীয়া ৰাজ্যকেইখনকে ধৰি দেশে-বিদেশে এই এটা গানৰ প্ৰতিধ্বনি উঠিছে৷ ‘মায়াৱিনী’ হৈ উঠিছে আমাৰ পৰিচয় — এটা জাতিৰ, এখন সমাজৰ, এখন ৰাজ্যৰ পৰিচয়৷
জুবিনৰ পুনৰ্জন্মই অসমত প্ৰচলিত ৰাজনীতি বন্ধ কৰি দিলে৷ এটা কথা ঠিক যে নিকৃষ্ট ৰাজনীতিকৰ ৰাজনৈতিক কাৰচাজি আৰু ধূৰ্তালি একেৰাহে চলিয়েই আছে; কিন্তু তাৰ জৰিয়তে তেওঁলোক নিজেই অধিক নগ্ন আৰু ধিকৃত হৈছে, জনসাধাৰণক সি টলাব পৰাটো দূৰৰ কথা৷ আগতে জুবিনে কোনোবা এঠাইত পলিটিক্স বন্ধ কৰি দিয়াৰ কথা কৈছিল; সেই কামটো তেওঁ এতিয়া কৰি পেলালে৷ অসমৰ ৰাজনৈতিক ব্যাকৰণখন সলনি হৈ থাকিল৷ যোৱা সময়ছোৱাত হিন্দুত্ববাদী শক্তিবিলাকে সাম্প্ৰদায়িক বিষবাস্পৰে অসমৰ সমাজজীৱন বিষাক্ত কৰি পেলাইছে — অসমক এক হিন্দুত্বৰ পৰীক্ষাগাৰত পৰিণত কৰিছে৷ ঘৃণা, অবিশ্বাস আৰু হিংসাই সমাজখন ভাঙি পেলাব খুজিছে৷ তেনেকুৱা এটা সময়তে সমাজখনৰ বাবে সঞ্জীৱনী জল হৈ আহিল জুবিনৰ পুনৰ্জন্ম৷ গোটেই সমাজখন যেন টোপনিৰপৰা সাৰ পাই উঠিল, আৰু এক অন্তৰ্ভুক্তিবাদী ঐক্য-সম্প্ৰীতিৰ অসম গঢ়াৰ সংকল্প গ্ৰহণ কৰিলে৷ ধৰ্মীয় সমন্বয়ৰ অভূতপূৰ্ব নজিৰ আমি সকলোতে দেখিবলৈ পালো৷ তদুপৰি অসমীয়া জাতীয়তাবাদৰ মাজত ন-কৈ প্ৰাণ সঞ্চাৰ হ’ল। সি লাভ কৰিলে এজন নতুন জাতীয় নায়ক, লাভ কৰিলে এক নতুন ভাষা আৰু এক নতুন প্ৰতীকীবাদ। ইতিমধ্যে অসমীয়া জাতীয়তাবাদৰ প্ৰবাহটো স্তিমিত হৈ পৰিছিল; নতুন প্ৰজন্মবিলাকৰ তাৰ প্ৰতি তেনে কোনো আকৰ্ষণ নাছিল। কিন্তু এতিয়া জুবিনে তেওঁলোকক জাতীয়তাবাদৰ সৈতে অংগাংগীভাৱে বান্ধি পেলালে। শংকৰদেৱৰপৰা জুবিনলৈকে অসমীয়া জাতিৰ যিটো অবিচ্ছিন্ন ঐতিহ্য নতুনকৈ উদ্ভাসিত হৈ উঠিল, ক’ব নোৱৰাকৈয়ে নতুন প্ৰজন্মবিলাক হৈ পৰিল তাৰ সক্ৰিয় অংশীদাৰ। ইয়াৰ পৰিমাণস্বৰূপে অসমীয়া জাতীয়তাবাদৰ ৰাজনীতিত কেনেধৰণৰ গুণগত পৰিবৰ্তন আহে সেইটো ভৱিষ্যতেহে দেখা পোৱা যাব। আনহাতে, শাসক পক্ষৰ কুটিল ৰাজনীতি আৰু দমন-পীড়নে বিভ্ৰান্ত আৰু সন্ত্ৰস্ত কৰি ৰখা মূক মানুহৰ বাবে জুবিন হৈ উঠিল প্ৰতিবাদৰ কণ্ঠ৷ জুবিনৰ বিদ্ৰোহী চেতনা যেন উঠি আহি জনসাধাৰণৰ মাজত সঞ্চাৰিত হৈ পৰিল, বনজুইৰ দৰে সি সমাজৰ স্তৰে স্তৰে বিয়পি পৰিবলৈ ধৰিলে৷ জনসাধাৰণৰ মাজত অতদিনে সুপ্ত হৈ থকা ক্ষোভ এতিয়া ওপৰলৈ আহি দপদপাই জ্বলি উঠিল৷ জুবিনৰ পুনৰ্জন্মই এতিয়া অসমত গুণগত ৰাজনৈতিক পৰিবৰ্তনৰ যিটো সম্ভাৱনা কঢ়িয়াই আনিছে, তাৰ তুলনাত অতদিনে সকলো প্ৰতিবাদী-বিৰোধী শক্তিয়ে চলাই থকা প্ৰচেষ্টাসমূহ আছিল কেৰ্কেটুৱাৰ বাঁহপাতৰ ভেটি মাত্ৰ৷ এই সদৰ্থক সম্ভাৱনা কিমান দূৰ ফলৱতী হয় ক’ব নোৱাৰি৷ কিন্তু জুবিনে নিজৰ দায়িত্ব পালন কৰিলে — আমি বিচৰা সপোনৰ অসমখন আমাৰ হাতত গতাই দিলে৷ ইয়াৰ পিছৰখিনি অসমবাসীৰ দায়িত্ব৷ সেই দায়িত্ব আমি পালন কৰিব পাৰিলেহে জুবিনৰ আদৰ্শ জীয়াই থাকিব৷ নহ’লে ঘোৰ অন্ধকাৰৰ মাজত এটা বিজুলীৰ চমকৰ দৰে সি ক্ষণিকতে নুমাই যাব পাৰে, কিয়নো তাক ধ্বংস কৰিবলৈ হিন্দুত্ববাদী শক্তিবিলাকে যেন-তেন-প্ৰকাৰেণ চেষ্টা কৰি থাকিব। Zubeen did not fail us, but we may fail him.
জুবিনৰ পুনৰ্জন্মই অসমত Cultural elitismঅৰ অৱসান ঘটালে৷ এয়া হ’ল সাংস্কৃতিক উচ্চমন্যতা আৰু পদানুক্ৰমৰ (hierarchy) বিপৰীতে গণতন্ত্ৰৰ জয়; জ্ঞানীয় অহংকাৰ (epistemic arrogance) আৰু পণ্ডিতালিৰ বিপৰীতে ৰাইজৰ মুখৰ মাতৰ জয়৷ জুবিনে যোৱা তিনিটা দশকত অসমত যি সাংস্কৃতিক নৱজাগৰণৰ সূচনা কৰিলে তাৰ পূৰ্ণতাপ্ৰাপ্তিৰ বাবে এটা কাম আৰু বাকী আছিল৷ অসমৰ সাংস্কৃতিক এলিট গোষ্ঠীয়ে জনপ্ৰিয় সংস্কৃতি আৰু লোকসংগীতক যথাৰ্থ স্বীকৃতি আৰু মৰ্যাদা কাহানিও দিয়া নাই, কিয়নো তেওঁলোকে সৰ্বসাধাৰণ ৰাইজক সদায়েই এটা সচেতন দূৰত্বত ৰাখি আহিছে৷ উল্লেখ্য যে Cultural elitism অসমৰ ৰক্ষণশীল মহলৰ মাজতো আছে, প্ৰগতিশীল মহলৰ মাজতো আছে৷ সেয়ে জুবিনে অনা সাংস্কৃতিক গণতান্ত্ৰিকীকৰণ তেওঁলোকে দেখা নাছিল আৰু তাক গ্ৰহণ কৰিবলৈ স্বাভাৱিকতেই প্ৰস্তুত নাছিল৷ কিন্তু জুবিনৰ পুনৰ্জন্মই এই এলিট গোষ্ঠীৰ বিপৰীতে ৰাইজৰ সাংস্কৃতিক আৰু নৈতিক জয় ঘোষণা কৰিলে৷ এনেকৈয়ে জুবিনে সূচনা কৰা সাংস্কৃতিক নৱজাগৰণৰ পূৰ্ণতাপ্ৰাপ্তি ঘটিল৷
২. জুবিন : এটা বৌদ্ধিক সাঁথৰ
জুবিনৰ আকাশলংঘী প্ৰতিভা আৰু সীমাহীন জনপ্ৰিয়তা সত্ত্বেও জীৱনকালত তেওঁৰ বিষয়ে বৌদ্ধিক চিন্তা-চৰ্চা একেবাৰে নাছিল বুলিয়েই ক’ব পাৰি৷ দুই-এক ব্যতিক্ৰমক বাদ দিলে অসমৰ বৌদ্ধিক জগতখনে তেওঁক সম্পূৰ্ণ অৱজ্ঞা কৰিয়েই চলিছিল৷ এতিয়া মৃত্যুৰ পাছত তেওঁক কেন্দ্ৰ কৰি বিভিন্নধৰণৰ চৰ্চাৰ যে এখন বিশাল ক্ষেত্ৰ গঢ় লৈ উঠিব সেইটো সহজেই অনুমেয়৷ কিন্তু জীৱনকালত বিদ্যায়তনিক আলোচনাৰ বাবে তেওঁৰ কৰ্মৰাজিক যোগ্য বুলিয়েই বিবেচনা কৰা নহৈছিল৷ কিন্তু কিয়? আচলতে জুবিন হ’ল অসমৰ সমাজজীৱনত আবিৰ্ভূত হোৱা এটা সম্পূৰ্ণ নতুন বস্তু, যি এক নতুন যুগৰ আৰু নতুন সংস্কৃতিৰ বাৰ্তা বহন কৰি আনিছিল৷ তেওঁক বুজিবৰ বাবে অসমৰ বিদ্বৎ মহল বৌদ্ধিকভাৱে প্ৰস্তুত নাছিল৷ তাৰ লগতে আছিল তেওঁৰ প্ৰতি বিৰাগ-প্ৰসূত অৱজ্ঞা৷ গতিকে জীৱনকালত জুবিন এটা বৌদ্ধিক সাঁথৰ হৈয়েই ৰৈ গ’ল — যাক বিদ্বৎ মহলে দেখিলে যদিও অৱহেলা কৰিলে, বুজিবলৈ কাহানিও চেষ্টা নকৰিলে৷ এতিয়া সেই সাঁথৰ ভঙাৰ দায়িত্ব আহি পৰিছে৷ বহুজনে নিজা নিজাধৰণে জুবিনৰ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছে; এয়া খুবেই স্বাভাৱিক আৰু আদৰণীয়৷ কিন্তু আমি সকলোৱে বিনম্ৰতাৰে স্বীকাৰ কৰি লোৱা উচিত যে জুবিনৰ পূৰ্ণাংগ ব্যাখ্যা এতিয়াও আমাৰ হাতত নাই৷
সৰহ ক্ষেত্ৰতে, অসমত সাংস্কৃতিক বিশ্লেষণ মানে হ’ল সাহিত্য সমালোচনাৰে এটা সম্প্ৰসাৰণ মাত্ৰ, য’ত এতিয়াও লিখিত শব্দই একাধিপত্য বিৰাজ কৰি আছে৷ তাৰ বাহিৰত সমাজ-চিন্তাৰ বাবে বা সংস্কৃতিৰ বিচাৰৰ বাবে কোনো স্বতন্তৰীয়া তাত্ত্বিক ফ্ৰেমৱৰ্ক গঢ় লৈ উঠা নাই৷ সংগীতৰ বিশ্লেষণৰ ক্ষেত্ৰতো সেয়েহে সাহিত্য সমালোচনাৰ পদ্ধতি তথা সূত্ৰসমূহকেই বহুলভাৱে প্ৰয়োগ কৰা হয়৷ সুৰ, ছবি, ভিডিঅ’ আদিক বুজিবৰ বাবে আমাৰ চিন্তা এতিয়াও সাজু হৈ উঠা বুলি ক’ব নোৱাৰি৷ গানৰ লিৰিক্সৰ বিশেষ সাহিত্যিক মূল্য থাকিলেহে, অৰ্থাৎ গীতিসাহিত্য হিচাপেহে, সংগীত আমাৰ বাবে আলোচ্য বিষয় হৈ উঠে৷ জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদৰপৰা ভূপেন হাজৰিকালৈকে অসমীয়া গীতিসাহিত্যৰ যিধৰণৰ সাহিত্য সমালোচনা হৈ আহিছে, তাৰ মাজত জুবিনক সাঙুৰি লোৱাটো টান বা তাৰ মাজেৰে জুবিনক বুজাটো সম্ভৱ নহয়৷
আন এটা স্তৰত, অসমৰ বৌদ্ধিক মহলৰ আধুনিকতাবাদী যুক্তিৰ বাবে বোধগম্য হোৱাকৈ জুবিনৰ গান শৈল্পিক-ৰাজনৈতিকভাৱে স্বচ্ছ নাছিল৷ এইক্ষেত্ৰত আমি তেওঁক ভূপেন হাজৰিকাৰ সৈতে ৰিজাই চাব পাৰো৷ ভূপেন আছিল ৰাজনৈতিকভাৱে আত্মসচেতন শিল্পী, যাৰ জীৱন দৰ্শন আৰু সমাজ-ভাবনা স্পষ্ট আৰু সুবিন্যস্ত ৰূপত উচ্চ শৈল্পিক ভাষাৰে প্ৰকাশ পাইছিল গানৰ মাজত৷ গতিকে গানৰ বিশ্লেষণৰ মাজেৰে আমি ভূপেনক পূৰ্ণাংগ ৰূপত পুনৰ্নিৰ্মাণ কৰিব পাৰো; লগতে মানুহে তেওঁক কিয় কেনেকৈ ভাল পায় সেইটোৰো এক স্পষ্ট আভাস পাব পাৰো৷ কিন্তু এনেকুৱা দৃষ্টিভংগীৰে জুবিনক সম্যকভাৱে বুজি পোৱা সম্ভৱ নহয়৷ ক্ৰিটিকেল অৰ্থত জুবিন ৰাজনৈতিকভাৱে আত্মসচেতন শিল্পী নহয়, আৰু তেওঁ হ’ল জনপ্ৰিয় সংস্কৃতিৰ প্ৰতিনিধি৷ সেয়ে তেওঁৰ গানৰ মাজত তেওঁৰ জীৱন দৰ্শন আৰু সমাজ-ভাবনাৰ এখন স্পষ্ট আৰু পূৰ্ণাংগ ছবি বিচাৰি উলিওৱাটো ইমান সহজ নহয়, আৰু তেওঁৰ গানবোৰ কিয় মানুহে ইমান ভাল পায় তাৰো বিশ্বাসযোগ্য যৌক্তিক ব্যাখ্যা পাবলৈ কঠিন৷ জুবিনে কেনেকৈ কেইবা দশক জুৰি জনসাধাৰণৰ মাজত এক সন্মোহনৰ সৃষ্টি কৰিছিল, কেনেকৈ তেওঁ অসমীয়া মনটোৰ অবিচ্ছেদ্য অংশ হৈ পৰিল, কেনেকৈ তেওঁ অসমীয়া সামূহিক অৱচেতনৰ (কাৰ্ল য়ুঙৰ collective unconscious ধাৰণাৰ আধাৰত ৰবি সিনহাই এক Indian unconsciousঅৰ কথা কৈছে; আমি একেধৰণে এক অসমীয়া অৱচেতনৰ কথা ক’ব পাৰো) সৈতে প্ৰতীকী স্তৰত এক আত্মিক সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’ল, তাৰ কোনো সহজ ৰেডিমেড ব্যাখ্যা আমাৰ হাতত নাই৷ আমাৰ অনুভৱ এই যে এফালে সাহিত্য সমালোচনাৰ অভ্যস্ত পথ পৰিহাৰ কৰি আৰু আনফালে আধুনিকতাবাদী যুক্তিৰ নিৰাপদ পৰিধি অতিক্ৰম কৰি গৈ জনপ্ৰিয় সংস্কৃতিৰ প্ৰতীকী ক্ষেত্ৰখনত খোজ থ’ব পাৰিলেহে জুবিনক সঠিকভাৱে বুজাৰ ক্ষেত্ৰত যথাসম্ভৱ সফল হ’ব পাৰিম৷
জুবিনৰ প্ৰতি বৌদ্ধিক অৱজ্ঞাৰ প্ৰধান কাৰণ হ’ল অসমীয়া বৌদ্ধিক-সাংস্কৃতিক শিবিৰৰ নৈতিকতাবাদ আৰু এলিটিষ্ট সাংস্কৃতিক ৰাজনীতি৷ ব্যক্তিগত স্তৰত বিৰল কিছুমান ব্যতিক্ৰম থাকিলেও সাধাৰণ ভাষাত ক’ব পাৰি যে সামগ্ৰিকভাৱে অসমীয়া মধ্যবিত্ত তথা বিশেষভাৱে অসমীয়া বৌদ্ধিক-সাংস্কৃতিক শিবিৰৰ সাংস্কৃতিক আৰু নৈতিক চৰিত্ৰ ঊধৰপৰা মূধলৈ একেই৷ প্ৰগতিশীল ৰাজনৈতিক ধ্যান-ধাৰণায়ো ইয়াৰ ওপৰত গভীৰ আৰু বহল গুণগত প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা নাযায়৷ সেয়ে ৰক্ষণশীলেই হওক বা জাতীয়তাবাদীয়েই হওক বা লিবাৰেল-প্ৰগতিশীলেই হওক, সামাজিক ৰক্ষণশীলতা আৰু নীতিবাগীশতাৰ ক্ষেত্ৰত সকলোৱেই এটা ধাৰাবাহিকতা বা continuumঅৰ ভিন ভিন বিন্দুত অৱস্থান কৰে মাত্ৰ, যাৰ বাহিৰত কোনো নাই৷ সাংস্কৃতিক চাকচিক্য, নৈতিক ষ্টেণ্ডাৰ্ড আৰু আচৰণগত গাম্ভীৰ্যৰ ভৰত দোঁ খাই থকা এই সাংস্কৃতিক পৰিমণ্ডলটো হ’ল ভদ্ৰ সমাজৰ পৃথিৱী৷ গাঁও-নগৰৰ শ্ৰমজীৱী জনসাধাৰণে বসবাস কৰা অভদ্ৰ সমাজৰ পৃথিৱীখন স্থানিকভাৱে নহ’লেও ধাৰণাগতভাৱে ইয়াৰপৰা বহু দূৰত অৱস্থিত৷ (এই লেখকৰ ‘লোকেল চুলাইৰ পৃথিৱীখন’ প্ৰবন্ধটো দ্ৰষ্টব্য৷) সি যি নহওক, এই মধ্যবিত্তীয় ভদ্ৰ সমাজখনৰ মাজত জুবিনৰ প্ৰতি স্বাভাৱিকতেই বিৰাগ আৰু ভীতি দুইটাই বিদ্যমান৷ কিয়নো জুবিন হ’ল এই নৈতিকতাবাদী পৃথিৱীখনৰ সম্পূৰ্ণ ওলোটা৷ এই ভদ্ৰ সমাজখনে গ্ৰহণ কৰিবলৈ হ’লে তেওঁলোকৰ মতে ৰাজনৈতিকভাৱে শুদ্ধ ভাষাত কথা ক’ব লাগিব আৰু গ্ৰহণযোগ্যতাৰ সকলো চৰ্ত পূৰণ কৰি নিজকে উপস্থাপন কৰিব পাৰিব লাগিব৷ কিন্তু জুবিনে সেই সকলোবিলাক প্ৰকাশ্যে অস্বীকাৰ কৰিছিল৷ এনেকুৱা মৰসাহ কৰাৰ নজিৰ আমাৰ ইতিহাসত পাবলৈ টান৷ যিমানেই সৃষ্টিশীল বা প্ৰগতিশীল বা জংগী নহওক, মধ্যবিত্তীয় গ্ৰহণযোগ্যতাৰ খাতিৰত প্ৰায় সকলোৱেই জীৱনত সাংস্কৃতিক-নৈতিকভাৱে এক নৰম পন্থা অৱলম্বন কৰা পৰিলক্ষিত হয়৷ শিল্প-সাহিত্যতো জনজীৱন তথা তাত ঘটা বিদ্ৰোহ-বিবাদ-সংঘৰ্ষৰ চিত্ৰণ কৰিবলৈ যাওঁতে তাক সাধাৰণতে পৰিমাৰ্জিত ৰূপত পৰিশীলিত উচ্চ ভাষাৰে উপস্থাপন কৰা হয়৷ প্ৰথমবাৰৰ বাবে জুবিনে এই সাংস্কৃতিক-নৈতিক বান্ধোন ওফৰাই পেলালে৷ অসমৰ সমাজ-সংস্কৃতিৰ কেন্দ্ৰীয় স্থানত থাকিলেও তেওঁৰ জীৱন আচৰণ আছিল সাধাৰণ শ্ৰমজীৱী ডেকা এজনৰ দৰেই স্বতঃস্ফূৰ্ত আৰু খাঁটি (authentic)৷ কোনোধৰণৰ performative ভদ্ৰতাত তেওঁৰ বিশ্বাস নাছিল, নিজকে sanitized ৰূপত তুলি ধৰিবলৈ তেওঁ কেতিয়াও চেষ্টা কৰা নাছিল; বৰং ভদ্ৰ সমাজৰ ভণ্ডামিক পোনপটীয়াকৈ আক্ৰমণ কৰিছিল৷ জুবিনে মদ খাইছিল আৰু তাৰ কথা ৰাজহুৱাভাৱে কৈছিল; উৎপাত কৰিছিল; মুখত যি কথা যেনেকৈ আহে তেনেকৈয়ে কৈ দিছিল, সুচিন্তিতভাৱে আৰু সুগঠিত বাক্যৰে ভাব প্ৰকাশ কৰাৰ গহীন কথনভংগী তেওঁৰ পছন্দৰ নাছিল; সাধাৰণ ৰাইজৰ কথিত ভাষাই (colloquial language) তেওঁৰ ভাষা; কথাই পতি অবাইচ মাত (বাল, কেলা আদি; তেওঁ সততে কোৱা ঘেণ্টা শব্দটোকো অশিষ্ট বুলি গণ্য কৰা হয়) মাতিছিল৷ ক’বলৈ গ’লে, জুবিন হ’ল অসমৰ ইতিহাসৰ প্ৰথমজন অভদ্ৰ নায়ক, যাৰ হাতত অসমীয়া ভদ্ৰ সমাজৰ সৰ্বগ্ৰাসী নৈতিকতাবাদ ধৰাশায়ী হৈছিল৷ এয়া হ’ল এটা প্ৰধান কাৰণ যাৰ বাবে অসমৰ বৌদ্ধিক-সাংস্কৃতিক সমাজখনে তেওঁক হজম কৰিব পৰা নাছিল, আৰু সেইবাবে বুজিবলৈ চেষ্টা কৰাও নাছিল৷
অসমীয়া বৌদ্ধিক-সাংস্কৃতিক শিবিৰৰ সাংস্কৃতিক ৰাজনীতিৰ এলিটিষ্ট চৰিত্ৰ জুবিনৰ প্ৰসংগটোৱে স্পষ্টভাৱে উন্মোচন কৰে৷ এই cultural elitism হ’ল মধ্যবিত্তৰ শ্ৰেণী ৰাজনীতিৰে এক ৰূপ, তেওঁলোকৰ স্বপৃথকীকৰণৰ প্ৰধান অৱলম্বন — যাৰ জৰিয়তে তেওঁলোকে নিজকে এক পৃথক আৰু উচ্চতৰ সামাজিক-সাংস্কৃতিক গোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰিব খোজে৷ এই শিবিৰৰ উচ্চ সাংস্কৃতিক ৰুচিৰ বিচাৰত জনপ্ৰিয় সংস্কৃতি তথা সংগীতক সংস্কৃতি তথা সংগীত বুলি ধৰাই নহয়৷ সৰ্বসাধাৰণ ৰাইজে শুনা আৰু ভাল পোৱা সংগীতক বাদ দিয়াৰ পাছতহে তেওঁলোকৰ সংগীতৰ সংজ্ঞা আৰম্ভ হয়৷ ফেন সংস্কৃতিক ঘৃণাৰে নস্যাৎ কৰা হয়; ফেনসকলক সভ্যতাই ঢুকি নোপোৱা মূঢ় আৰু উন্মাদ মানুহ হিচাপে গণ্য কৰা হয়৷ নক’লেও হ’ব যে এই এলিটিষ্ট চৰিত্ৰ ৰক্ষণশীলেই হওক বা প্ৰগতিশীলেই হওক উভয়ৰ মাজতেই কম-বেছি পৰিমাণে দেখিবলৈ পোৱা যায়৷
কিন্তু আমাৰ বোধেৰে প্ৰগতিশীল মহলৰ ক্ষেত্ৰত অধিক সমস্যাজনক কথাটো হ’ল, তেওঁলোকে গণমুখিতাৰ নাম লৈ cultural elitism বৰ্তাই ৰাখিছে৷ এই সম্পৰ্কে অতি চমুকৈ দুটামান কথা উল্লেখ কৰা যাওক৷ অসমত প্ৰগতিশীল জাতীয়তাবাদৰ মহান খনিকৰসকলে এসময়ত যেনেকৈ প্ৰগতিশীল-বাঁওপন্থী চিন্তাক গভীৰ সামাজিক পোতন আৰু বিস্তাৰ প্ৰদান কৰিছিল, তেনেকৈ দুজনমান কৃতবিদ্য দ্বিভাষিক বিদ্বানৰ প্ৰচেষ্টাত সি এক বিদ্যায়তনিক তীক্ষ্ণতা আৰু সমৃদ্ধি লাভ কৰিছিল৷ সেয়ে ৰাজনৈতিক-সাংগঠনিকভাৱে পশ্চাদপসৰণ ঘটিলেও প্ৰগতিশীল-বাঁওপন্থী চিন্তা সামাজিক-বৌদ্ধিকভাৱে এক চহকী আৰু শক্তিশালী ধাৰাত পৰিণত হৈছিল৷ কিন্তু সাম্প্ৰতিক সময়ত এই ধাৰাটো নিজম পৰিল; হয়তো প্ৰধানতঃ নতুন সময় আৰু বাস্তৱতাৰ সৈতে সক্ৰিয় আৰু সৃষ্টিশীল সমূহীয়া এংগেজমেণ্টৰ অভাৱত৷ দুই-এক বিৰল ব্যতিক্ৰম বাদ দিলে সাধাৰণ অৰ্থত এতিয়া প্ৰগতিশীল বুলিলে ঘাইকৈ একধৰণৰ প্ৰগতিশীল কমন ছেন্সৰ কথাই বুজা যায়৷ এই প্ৰগতিশীল কমন ছেন্স অনুসৰি জনপ্ৰিয় সংস্কৃতি বস্তুটো প্ৰতিক্ৰিয়াশীল আৰু বৰ্জনীয়, তাৰ বাদে আন কোনো কথা থাকিব নোৱাৰে৷ এইখিনিতে উনুকিয়াব পাৰি যে বিংশ শতিকাৰ শেষভাগৰপৰা বিশ্ব জুৰি বাঁওপন্থী ৰাজনীতি এক অস্তিত্বজনিত সংকটৰ মুখামুখি হৈছে, যাৰ অনাকাংক্ষিত প্ৰভাৱ চিন্তাৰ ওপৰতো পৰিছে৷ এই লৈ বিভিন্ন বিচাৰ-বিশ্লেষণ বিশ্বৰ বিদ্বৎসমাজত হৈছে; সেইসমূহ এই আলোচনাত সাঙুৰি লোৱাটো সম্ভৱ নহয়৷ (এই লেখকৰ ‘সাম্প্ৰতিক বিশ্ব পৰিস্থিতি আৰু বাঁওপন্থীৰ কৰ্তব্য’ প্ৰবন্ধ দ্ৰষ্টব্য৷) কিন্তু সক্ৰিয় সামাজিক-ৰাজনৈতিক এংগেজমেণ্ট নথকা অৱস্থাত সাম্প্ৰতিক অসমীয়া প্ৰগতিশীল কমন ছেন্সটোৱে কেনেধৰণৰ শিলীভূত ৰূপ লাভ কৰিছে আৰু সেইটোৱে জনপ্ৰিয় সংস্কৃতিৰ বিচাৰৰ ক্ষেত্ৰত কিদৰে বাধাৰ সৃষ্টি কৰিছে, সেই কথা উনুকিয়াই দিয়াটো অতিকে জৰুৰী৷ এই টিপিকেল অসমীয়া প্ৰগতিশীল মনটো এক বাঁওপন্থী নষ্টালজিয়াত (অথবা ৱেণ্ডি ব্ৰাউনৰ ভাষাত ক’বলৈ হ’লে, এক left melancholiaত) আচ্ছন্ন৷ ইয়াক এক শোকাৰ্ত আৰু ৰক্ষণশীল পশ্চাৎমুখী মনোভাব বুলি ক’ব পাৰি, য’ত অতীতৰ এটা সোণালী সময়ৰ পৰিস্থিতি, কৰ্ম আৰু অনুভৱৰ প্ৰতি এক মোহান্ধ অনুৰাগ দেখিবলৈ পোৱা যায়৷ ই এক ফেটিছৰ ৰূপ পৰিগ্ৰহ কৰে, যাক প্ৰশ্ন কৰা নাযায় আৰু সাৰ্থকভাৱে historicize কৰা নাযায়৷ অসমীয়া প্ৰগতিশীল মনটো আজিও বহু দশকৰ আগৰ অতীতত বাস কৰে, আৰু তাৰপৰাই সি বৰ্তমানটোক প্ৰতিৰোধ কৰি ৰাখিব খোজে৷ এক কল্পিত নৈতিক উচ্চতাত সি বাস কৰে; ইতিহাস তথা মতাদৰ্শগত বিভাজনৰ সঠিক দিশত নিজে অৱস্থান কৰিছো বুলি আত্মসন্তুষ্টি লভে — এই দুয়োটাই তাক এক সহজ আৰু নিৰন্ধ্ৰ নিশ্চয়তা প্ৰদান কৰে, আৰু বৰ্তমানৰ সৈতে সক্ৰিয় এংগেজমেণ্টৰ প্ৰয়োজন নুই কৰে৷ স্বাভাৱিকতেই তাৰ ৰাজনীতি হ’ল এক বিশুদ্ধ ৰাজনীতি — এক মতাদৰ্শগত বিশুদ্ধতাবাদ (ideological purism), যাৰ চৰিত্ৰ হ’ল অন্তৰ্নিহিতভাৱে নৈতিকতাবাদী৷ সকলো কথাৰে সৰ্বশেষ ৰায়টো সি ইতিমধ্যে জানেই; গতিকে আত্মসমালোচনাৰে নিজক অতিক্ৰম কৰি গৈ কোনো কথা নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন সি বোধ নকৰে৷ সাম্প্ৰতিক ইতিহাসক সি বিবেচনা কৰে এক নৈতিক ক্ৰমাৱক্ষয়ৰ মাপকাঠিৰে৷ জনপ্ৰিয় সংস্কৃতি হ’ল বজাৰসৰ্বস্ব স্খলিত সংস্কৃতি — নৈতিক উচ্চতাৰপৰা তাক নিন্দা কৰাৰ বাদে, ব্যংগাত্মক আক্ৰমণ কৰাৰ বাদে আন একো ক’বলগীয়া-ভাবিবলগীয়া থাকিব নোৱাৰে৷ সি যি নহওক, এনে নৈতিকতাবাদী মনোভাবৰ বাবেই অসমীয়া নাগৰিক-মধ্যবিত্তীয় প্ৰগতিশীল মহলে জনসাধাৰণৰ সাংস্কৃতিক মনটোক (বা আন ভাষাত, অসমীয়া জনপ্ৰিয় মনটোক) বুজিব নোৱাৰিলে৷ আচলতে তাৰ প্ৰগতিশীল কমন ছেন্সৰ মাজত অন্তৰ্নিহিত হৈ আছে সেই জনপ্ৰিয় মনটোৰ প্ৰতি এক তীব্ৰ বিৰাগ, যি তাৰ শ্ৰেণীগত ঘৃণাৰেই নামান্তৰ মাথোন, আৰু সেইটো প্ৰকাশ পায় তাৰ জনপ্ৰিয় সংস্কৃতিৰ প্ৰতি থকা দৃষ্টিভংগীত৷ জুবিন হ’ল অসমীয়া জনপ্ৰিয় সংস্কৃতিৰ পূৰ্ণাংগ প্ৰতীক৷ গতিকে জীৱনকালত জুবিনক বুজিবলৈ প্ৰগতিশীল মহলটোৱে স্বাভাৱিকভাৱেই চেষ্টা কৰা নাছিল৷
আধুনিকতাবাদী নন্দনতত্ত্বত (modernist aesthetics) বিশ্বাসীসকলৰ মতে, জনপ্ৰিয় নন্দনতত্ত্ব বুলি কোনো বস্তু থাকিবই নোৱাৰে৷ কিয়নো জনপ্ৰিয় বা পপুলাৰ আৰু নন্দনতত্ত্ব, এই দুইটাৰ মাজত অহি-নকুল সম্পৰ্ক৷ নন্দনতত্ত্বই সুকুমাৰ কলাৰ মাজেৰে লাভ কৰিব পৰা একধৰণৰ সূক্ষ্ম আৰু গূঢ় মেটাফিজিকেল অভিজ্ঞতাৰ কথা সূচায়, যাৰ সৈতে জড়িত হৈ থাকে উচ্চতৰ ৰুচি, কৰ্ষণলব্ধ বোধ আৰু চেতনাক উত্তোলিত কৰিব পৰা মহৎ আকাংক্ষা৷ ইয়াৰ মতে, প্ৰকৃত সংস্কৃতি হ’ল মেথিউ আৰ্নল্ডে কোৱাৰ দৰে — ‘’the best that has been thought and said in the world”. তাৰ বিপৰীতে জনপ্ৰিয়ৰ অৰ্থ হ’ল শিল্প সম্পৰ্কে জ্ঞান নথকা সৰ্বসাধাৰণ জনতা আৰু তেওঁলোকৰ ৰুচিহীন অপকৃষ্টতা৷ জনপ্ৰিয় সংস্কৃতি হ’ল নিৰ্বুদ্ধিতা, তৰলতা আৰু অশিষ্টতাৰ সমাহাৰ মাত্ৰ৷ ইয়াক প্ৰকৃতাৰ্থত সংস্কৃতি বুলি অভিহিত কৰিব নোৱাৰি; যদি কৰিব লাগেও তেনেহ’লে ই হ’ল এক নিম্ন স্তৰৰ বজাৰ সংস্কৃতি৷ উচ্চ সংস্কৃতিয়ে আমাৰপৰা এক নন্দনতাত্ত্বিক আৰু বৌদ্ধিক মনোযোগ দাবী কৰে৷ তাৰ বিপৰীতে, জনপ্ৰিয় সংস্কৃতিয়ে ভৰ্ৎসনাৰ উপৰি যদি কিবা দাবী কৰে, তেনেহ’লে খুব বেছি সেয়া হ’ব অলপ উপৰুৱা মনস্তাত্ত্বিক অথবা সমাজতাত্ত্বিক বিশ্লেষণ৷ সি যি নহওক, সংস্কৃতিৰ এই পদানুক্ৰমিক (hierarchical) ধাৰণা কেৱল অগণতান্ত্ৰিক আৰু বহিষ্কৰণবাদীয়েই নহয়, ই ধাৰণাগতভাৱে নিঃকিন আৰু বাস্তৱ-বৰ্জিতও৷ গতিকে আমি আধুনিকতাবাদী নন্দনতত্ত্বৰ এলিটিষ্ট সংকীৰ্ণতাৰ গণ্ডী অতিক্ৰম কৰি যাব পাৰিলেহে জনপ্ৰিয় সংস্কৃতিৰ পূৰ্ণাংগ আৰু জীৱন্ত ৰূপ উপলব্ধি কৰিবলৈ সক্ষম হ’ম৷ জুবিনক বুজাৰ ক্ষেত্ৰত সেইটো হ’ব এটা ডাঙৰ পদক্ষেপ৷
‘Culture is ordinary’ নামৰ ৰচনাখনত ৰে’মণ্ড উইলিয়াম্ছে ঘোষণা কৰিছে — সংস্কৃতি হ’ল অৰ্ডিনেৰি বা প্ৰাত্যহিক, আৰু সেয়াই হ’ল প্ৰথম সত্য৷ (‘’Culture is ordinary; that is the first fact.”) ৰচনাখনত সংস্কৃতিৰ দুইধৰণৰ অৰ্থৰ কথা কোৱা হৈছে — এটা সামূহিক, আনটো ব্যক্তিগত (individual)৷ প্ৰতিখন মানৱ সমাজৰে এটা নিজা গঠন থাকে, নিজা কিছুমান উদ্দেশ্য থাকে, আৰু থাকে নিজা কিছুমান অৰ্থ৷ সমাজখনে সেইবোৰ এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ কঢ়িয়াই লৈ ফুৰে; তাৰ অনুষ্ঠান-প্ৰতিষ্ঠান, কলা-সংস্কৃতি আৰু চিন্তা-চৰ্চাৰ মাজেৰে সেইবোৰে প্ৰকাশ লাভ কৰে৷ সেই সামূহিক উদ্দেশ্য আৰু অৰ্থসমূহক লৈয়েই এখন সমাজ জীয়াই থাকে৷ সময়ৰ লগে লগে নতুন অভিজ্ঞতা, সংযোগ আৰু আৱিষ্কাৰৰ ফলত সমাজে নতুন কথা শিকে আৰু নিজৰ মাজত জীণ নিয়ায়৷ একে সময়তে মানুহৰ প্ৰতিটো ব্যক্তিগত মনৰ মাজতো সমাজখন প্ৰবাহিত হৈ থাকে, তাৰ নিৰ্মাণ-পুনৰ্নিৰ্মাণ হৈ থাকে৷ ব্যক্তিগত মনটো গঢ় লৈ উঠে সমাজৰ গঠন, উদ্দেশ্য আৰু অৰ্থসমূহ আত্মস্থ কৰাৰ মাজেৰে, যাৰ ফলত কৰ্ম, চিন্তা আৰু গণসংযোগ সম্ভৱপৰ হৈ উঠে৷ কিন্তু একে সময়তে অভিজ্ঞতাৰ কষটি শিলত সেইসমূহক পৰীক্ষা কৰি চোৱাটোও সমানেই জৰুৰী, যাতে নতুন চিন্তা আৰু অৰ্থৰ সৃষ্টি হ’ব পাৰে, সমাজে লাভ কৰিব পাৰে নতুন দিশা৷ সেইবাবে সংস্কৃতিৰ দুটা দিশ আছে : এটা হ’ল সমাজৰ সৰ্বজনবিদিত উদ্দেশ্য আৰু অৰ্থসমূহ, যিসমূহ সামাজিকীকৰণৰ যোগেদি মানুহে আয়ত্ত কৰে; আনটো হ’ল সৃষ্টিশীল পৰীক্ষা-নিৰীক্ষাৰ ফলত সূচনা হোৱা নতুন চিন্তা আৰু অৰ্থসমূহ৷ আচলতে এই দুইটা দিশেই হ’ল মানৱ সমাজ আৰু মানৱ মনত চলি থকা চিৰন্তন প্ৰাত্যহিক প্ৰক্ৰিয়া৷ এইসমূহ প্ৰক্ৰিয়াৰ মাজেদি আমি সংস্কৃতিৰ চৰিত্ৰ অনুধাৱন কৰিব পাৰো — ই একে সময়তে পৰম্পৰাগতও হয় আৰু সৃষ্টিশীলো হয়; ই একে সময়তে সবাতোকৈ মামুলি (most ordinary) উমৈহতীয়া অৰ্থসমূহকো সূচায় আৰু উৎকৃষ্টতম ব্যক্তিগত অৰ্থসমূহকো সূচায়৷ এই দুইটা অৰ্থতে সংস্কৃতি শব্দটো ব্যৱহাৰ কৰা হয় : প্ৰথম, সমগ্ৰ জীৱনশৈলীক বুজাবৰ বাবে, যিটোৱে উমৈহতীয়া অৰ্থসমূহক সামৰি লয়; দ্বিতীয়, কলা-শিল্প আৰু শিক্ষাক বুজাবৰ বাবে, যিটোৱে আৱিষ্কাৰ আৰু সৃষ্টিশীল প্ৰচেষ্টাৰ বিশেষ প্ৰক্ৰিয়াসমূহক সামৰি লয়৷ কিছুমান লেখকে সংস্কৃতি শব্দটোক ইয়াৰে কোনোবা এটা অৰ্থতহে প্ৰয়োগ কৰিব বিচাৰে৷ কিন্তু উইলিয়াম্ছে দুইটা অৰ্থৰ ওপৰতেই জোৰ দিব বিচাৰে, আৰু দুইটাৰ সমন্বয়ৰ পোষকতা কৰে৷ “The questions I ask about our culture are questions about our general and common purposes, yet also questions about deep personal meanings. Culture is ordinary, in every society and in every mind.”
জনপ্ৰিয় সংস্কৃতিৰ জন্ম হৈছে ঔদ্যোগীকৰণ আৰু নগৰীকৰণৰ প্ৰেক্ষাপটত, উপভোক্তা পুঁজিবাদৰ (consumer capitalism) পৰিবেশত৷ ইয়াৰ প্ৰচাৰ-প্ৰসাৰ বজাৰৰ লজিকৰ সৈতে এৰাব নোৱৰাকৈ বান্ধ খাই আছে৷ সেইবাবে ইয়াৰ বিচাৰ কৰোতে এক অৰ্থনৈতিক নিৰ্ধাৰণবাদৰ (economic determinism) প্ৰৱণতা দেখিবলৈ পোৱা যায়, য’ত কেৱল পুঁজিবাদী উৎপাদনৰ চৰিত্ৰৰ জৰিয়তে ইয়াক বিশ্লেষণ কৰিবলৈ বিচৰা হয়৷ এনে বিচাৰত জনপ্ৰিয় সংস্কৃতি হ’ল গোটে-পাতে বাণিজ্যিক সংস্কৃতি : পুঞ্জ উপভোগৰ (mass consumption) উদ্দেশ্য আগত ৰাখি ইয়াক পুঞ্জ স্তৰত উৎপাদন কৰা হয়; ইয়াৰ চৰিত্ৰ হ’ল ফৰ্মুলা-সৰ্বস্ব আৰু মেনিপুলেটিভ; ইয়াৰ অ’ডিয়েন্সো হ’ল ভেৰাৰ পালৰ দৰে বিশেষত্ববিহীন আৰু সকলো সদৃশ; ইয়াৰ উপভোগ কৰা হয় অসাৰ মগজুৰে আৰু নিষ্ক্ৰিয়ভাৱে৷ অৰ্থাৎ, উৎপাদনেই সম্পূৰ্ণৰূপে নিৰ্ধাৰণ কৰে সাংস্কৃতিক উৎপাদৰ (product) চৰিত্ৰ; উপভোগৰ কোনো নিজা ভূমিকা নাই, ই হ’ল স্বয়ংক্ৰিয় আৰু নিষ্ক্ৰিয় কৰ্ম, যি উৎপাদনৰ উদ্দেশ্য আৰু লজিকসমূহ প্ৰতিপাদন কৰে মাত্ৰ৷ সেয়ে জনপ্ৰিয় সংস্কৃতি মানে হ’ল পুঞ্জ সংস্কৃতি (mass culture), যি নাচে সংস্কৃতি উদ্যোগৰ আঙুলিৰ ঠাৰত৷ কিন্তু ৰাজনৈতিক অৰ্থনীতিৰ বিচাৰেৰে জনপ্ৰিয় সংস্কৃতিৰ স্বৰূপ বুজিব নোৱাৰি৷ এইখিনিতে উল্লেখ কৰা দৰকাৰ যে জনপ্ৰিয় সংস্কৃতিক উচ্চ সংস্কৃতি, লোক সংস্কৃতি, পুঞ্জ সংস্কৃতি আদি সংস্কৃতিৰ বিভিন্ন ধাৰণাৰ সৈতে সততে তুলনা কৰা হয়৷ আচলতে সংস্কৃতিৰ এই ধাৰণাসমূহ স্পষ্টভাৱে স্বতন্ত্ৰ বা পৃথক নহয়, বৰং ওপৰা-উপৰি আৰু অংগাংগীভাৱে সম্পৰ্কিতহে; সিহঁতৰ মাজত কেৱল পাৰস্পৰিক বিনিময় চলাই নহয়, এটা আনটোলৈ পৰিবৰ্তিত হ’ব পাৰে (যেনে, এসময়ৰ জনপ্ৰিয় সংস্কৃতি পৰৱৰ্তী সময়ত উচ্চ সংস্কৃতিত পৰিণত হ’ব পাৰে)৷ সৰলভাৱে ক’বলৈ গ’লে, উচ্চ সংস্কৃতি হ’ল ব্যক্তিগত কলাত্মক উৎকৰ্ষৰ আধাৰত প্ৰতিষ্ঠিত; লোক সংস্কৃতি হ’ল লোকজীৱনৰ সংস্কৃতি, যিটো জনসাধাৰণৰ বাবে জনসাধাৰণে নিজে সৃষ্টি কৰা এক নিভাঁজ সংস্কৃতি; পুঞ্জ সংস্কৃতি হ’ল পুঁজিবাদী সংস্কৃতি উদ্যোগৰদ্বাৰা পৰিচালিত৷ তদুপৰি শ্ৰমিক শ্ৰেণীৰ মাজত বিদ্যমান এবিধ প্ৰতিবাদী-প্ৰগতিশীল সংস্কৃতিৰ ৰোমাণ্টিক ধাৰণা বাঁওপন্থী মহলত দেখিবলৈ পোৱা যায়, যাক পুঞ্জ সংস্কৃতি তথা জনপ্ৰিয় সংস্কৃতিৰ বিপৰীতে ৰখা হয়৷ ইয়াৰ ভিতৰত লোকসংস্কৃতিৰ প্ৰশ্নটো বিশেষভাৱে বিচাৰ্য৷ পুঁজিবাদৰ বিকাশৰ লগে লগে কোনো জনগোটেই নিজকে বাহিৰৰ সমাজ তথা বজাৰৰপৰা বিচ্ছিন্ন ৰাখি গাইগুটীয়াভাৱে জীয়াই থকাটো অসম্ভৱ হৈ পৰিল৷ সেইবাবে পুঁজিবাদৰ বাহিৰত থকা কোনো বিশুদ্ধ জনসাধাৰণ এতিয়া পাবলৈ নাই; একেদৰে কোনো বিশুদ্ধ অথেণ্টিক লোকসংস্কৃতিও নাই৷ ঠায়ে ঠায়ে লোকসংস্কৃতিৰ কিছুমান ৰূপ এতিয়াও থাকিব পাৰে যিবিলাক সাংস্কৃতিক উদ্যোগৰ কবলত পৰা নাই; কিন্তু সামগ্ৰিকভাৱে পুঁজিবাদী সামাজিক পৰিবৰ্তনৰ প্ৰভাৱ কিবা নহয় কিবা প্ৰকাৰে লোকসংস্কৃতিৰ ওপৰতো পৰিছেই৷ জনপ্ৰিয় সংস্কৃতি তথা পুঞ্জ সংস্কৃতিৰ সৈতে ইয়াৰ বিনিময় চলি আহিছে আৰু তাৰ ফলত ইয়াৰ নতুন নতুন দিশত বিকাশ ঘটিছে৷ এই বিকাশক আমি কেনেকৈ বিশ্লেষণ কৰিম সেইটো বেলেগ কথা, কিন্তু এই সমস্ত পৰিবৰ্তনক অস্বীকাৰ কৰি এক অথেণ্টিক লোকসংস্কৃতিৰ কথা কৈ জনপ্ৰিয় সংস্কৃতিক প্ৰতিৰোধ বা নস্যাৎ কৰিব খোজাটো এটা ৰোমাণ্টিক নষ্টালজিয়া মাথোন৷ এতিয়া আমাৰ প্ৰশ্ন হ’ল, জনপ্ৰিয় সংস্কৃতিৰ প্ৰকৃত সংজ্ঞাটো কি? ইয়াৰ উত্তৰ বিচাৰিব লাগিব মানুহৰ উপভোগৰ মাজত৷ সংস্কৃতি উদ্যোগৰপৰা অহা সাংস্কৃতিক উৎপাদবিলাক মানুহে সৃষ্টিশীলভাৱে কেনেকৈ উপভোগ কৰে, তাৰ মাজতেই জনপ্ৰিয় সংস্কৃতিৰ সৃষ্টি হয়৷ ই হ’ল একধৰণৰ interface — interface between the culture industries and people consuming their products. আন ভাষাত, ইয়াৰ অৱস্থান হ’ল কাঠামো আৰু এজেন্সিৰ (structure and agency) মাজত ঘটা এক দ্বান্দ্বিক সম্পৰ্কত৷ সাংস্কৃতিক উদ্যোগে যোগান ধৰা সাংস্কৃতিক সমলবিলাক মানুহে কেনেকৈ গ্ৰহণ কৰে, বুজে, সিবোৰৰ ওপৰত নতুন অৰ্থ আৰোপ কৰে, নিজাকৈ পুনৰ্নিৰ্মাণ কৰে, সেয়াই হৈছে জনপ্ৰিয় সংস্কৃতি৷ সাংস্কৃতিক উদ্যোগৰপৰা উৎসাৰিত হ’লেও সেই সাংস্কৃতিক উৎপাদবিলাকৰ চৰিত্ৰ মানুহে সক্ৰিয় উপভোগৰ জৰিয়তে নিজৰ মতে গঢ় দি লয়৷ গতিকে উপভোগৰ সক্ৰিয়তা তথা সৃষ্টিশীলতা জনপ্ৰিয় সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য৷ সাংস্কৃতিক উৎপাদনৰ ক্ষেত্ৰত উৎপাদনৰ অৰ্থনীতি আৰু উপভোগৰ অৰ্থনীতি দুইটা হ’ল বহু পৰিমাণে সুকীয়া আৰু সমান্তৰাল ধাৰা; দ্বিতীয়টোক প্ৰথমটোৰ মাজত বিলীন কৰি দিব নোৱাৰি, কেৱল প্ৰথমটোৰ বিশ্লেষণৰ জৰিয়তে দ্বিতীয়টোক বুজিব নোৱাৰি৷ পুঁজিবাদী উৎপাদনৰ অৰ্থনীতিয়ে উপভোগৰ পৰিধি নিৰ্মাণ কৰি দিয়ে আৰু তাৰ চৰ্তসমূহ নিৰ্ধাৰণ কৰি দিয়ে৷ কিন্তু এই সীমাবদ্ধতাৰ মাজতো বজাৰে একধৰণৰ স্ববিৰোধপূৰ্ণ সবলীকৰণৰ (contradictory empowerment) সৃষ্টি কৰে৷ ই প্ৰদান কৰা এজেন্সি সীমিত, কিন্তু তাৰ মাজতেই সি সাংস্কৃতিক বিকাশৰ বহু সম্ভাৱনা উন্মোচন কৰে৷ বৰ্তমান জনপ্ৰিয় সংস্কৃতি কোনো আছুতীয়া বা প্ৰান্তীয় সাংস্কৃতিক ধাৰা নহয়, বৰং সিয়েই হ’ল কেন্দ্ৰীয় ধাৰা; বৰ্তমান সংস্কৃতি বুলিলে মূলতঃ জনপ্ৰিয় সংস্কৃতিকেই বুজা যায়৷ বৰ্তমানটো হ’ল জনপ্ৰিয় সংস্কৃতিৰ যুগ৷ জনপ্ৰিয় সংস্কৃতিয়ে যিহেতু বৰ্তমান সমগ্ৰ সমাজখনকে সাঙুৰি লয়, গতিকে তাৰ ওপৰত বজাৰৰ চৰ্ত আৰু লজিকসমূহে ভবা মতে কাম কৰিব নোৱাৰে, পুঁজিৰ স্বাৰ্থই তাক স্বেচ্ছাচাৰীভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰে৷ সাংস্কৃতিক উদ্যোগৰ কৰ্মীসকল যদি সামাজিকভাৱে সচেতন আৰু উৎসৰ্গিত হয়, তেতিয়াহ’লে জনপ্ৰিয় সংস্কৃতিয়ে পুঁজিৰ স্বাৰ্থ নেওচি এটা পৰ্যায়ত জনসাধাৰণৰ নিজৰ সংস্কৃতি হৈ পৰিব পাৰে৷ এনেকৈ পৰিস্থিতি অনুসৰি গণতন্ত্ৰৰ ওচৰত পুঁজিয়ে সেও মানিব পাৰে৷ ক’বলৈ গ’লে, জনপ্ৰিয় সংস্কৃতিয়ে এক গণতান্ত্ৰিক সংস্কৃতিৰ সম্ভাৱনা বহন কৰি আনিছে৷ সি যি নহওক, গ্ৰামশ্চিয়ে দাঙি ধৰা আৰু পৰৱৰ্তী কালত অধিক বিকশিত হোৱা আধিপত্য (hegemony) তত্ত্বই এই প্ৰক্ৰিয়াটো ভালদৰে বুজাত সহায় কৰিব পাৰে৷ উপভোগৰ ঐতিহাসিক আৰু অৰ্থনৈতিক প্ৰেক্ষাপটটো আওকাণ নকৰাকৈও, পুঁজিৰ ক্ষমতাক স্বীকাৰ কৰি লৈও উপভোগৰ এই কেন্দ্ৰীয়ত্ব আৰু স্বকীয় গুৰুত্ব সাব্যস্ত কৰিব পাৰি৷ এইক্ষেত্ৰত সাংস্কৃতিক বিশ্লেষণৰ এটা ethnographic মডেল লৈ আগ বঢ়াটো অধিক ফলপ্ৰসূ, যাতে অৰ্থনৈতিক নিৰ্ধাৰণবাদৰ বাহিৰত গৈ জনসাধাৰণৰ মাজত সাংস্কৃতিক উপভোগৰ জীৱন্ত অভিজ্ঞতাক (lived experience) সঠিকভাৱে বুজিব পৰা যায়, য’ত তাত্ত্বিক পূৰ্বধাৰণাই আগতীয়াকৈ সিদ্ধান্তসমূহ নিৰ্ণয় নকৰে৷
জনপ্ৰিয় সংস্কৃতিৰ বিচাৰত সন্মুখীন হোৱা আন এটা প্ৰধান সমস্যা হ’ল পাঠসৰ্বস্বতা বা পাঠগত নিৰ্ধাৰণবাদ (textualism or textual determinism)৷ এইটো আহিছে উচ্চ সংস্কৃতিৰ বিচাৰৰপৰা, যাৰ মতে পাঠৰ মাজতেই সকলো অৰ্থ অন্তৰ্নিহিত হৈ থাকে আৰু তাৰ ওপৰত লেখকীয় (authorial) কৰ্তৃত্ব সৰ্বোচ্চ৷ গতিকে পাঠকৰ কাম হ’ল লেখকৰ মতে পাঠৰ অৰ্থসমূহ বুজিবলৈ চেষ্টা কৰা৷ এইক্ষেত্ৰত সহায় কৰাটো উচ্চ বোধসম্পন্ন আৰু প্ৰশিক্ষণপ্ৰাপ্ত বিশ্লেষকৰ দায়িত্ব৷ পাঠৰ মাজত যদি কিবা অস্পষ্ট বা সুপ্ত অৰ্থ থাকে সেইখিনিও তেওঁলোকে পাঠকক জনাই দিব লাগে৷ কিন্তু পঠনৰ প্ৰক্ৰিয়াত অৰ্থৰ ক্ষেত্ৰত পাঠকৰ নিজাকৈ কোনো ভূমিকা নাথাকে৷ জনপ্ৰিয় সংস্কৃতি হ’ল ইয়াৰ বিপৰীত৷ জনপ্ৰিয় সংস্কৃতিত পাঠতকৈ উপপাঠ অধিক গুৰুত্বপূৰ্ণ — the subtext is more important than the text. পাঠৰ ব্যক্তখিনিতকৈ অব্যক্তখিনি বেছি অৰ্থপূৰ্ণ৷ পাঠৰ আক্ষৰিক অৰ্থৰ উপৰি, উপৰিভাগত দেখা পোৱা বক্তব্যৰ উপৰি পাঠৰ অভ্যন্তৰত এটা সূক্ষ্ম স্তৰ লুকাই থাকে — সেয়া কোনোবা ধাৰণাৰ প্ৰতি ইংগিত হ’ব পাৰে, আনুভূতিক অন্তঃস্ৰোত হ’ব পাৰে, কোনো সামাজিক দ্বন্দ্বৰ অস্ফুট আভাস হ’ব পাৰে, ইত্যাদি ইত্যাদি৷ তাৰ আধাৰত বা তাৰ ব্যতিৰেকেও পাঠকে জনপ্ৰিয় সংস্কৃতিৰ পাঠ একোটাক নিজৰ মতে ব্যাখ্যা আৰু পুনৰ্নিৰ্মাণ কৰি ল’ব পাৰে৷ আন ভাষাত, জনপ্ৰিয় সংস্কৃতিত উপভোগ হ’ল এটা সৃষ্টিশীল প্ৰতীকী কৰ্ম৷ ইয়াত উপভোক্তাৰ নিজৰ জীৱন-অভিজ্ঞতা, অনুভৱ আৰু সামাজিক অৱস্থানে নিৰ্ণায়ক ভূমিকা পালন কৰে৷ উপভোগৰ মাজত নিহিত হৈ থকা এই ক্ৰিয়াকলাপৰ চৰিত্ৰৰ আধাৰত ফৰাচী তত্ত্ববিদ Michel de Certeauৱে আনকি উপভোক্তা টাৰ্মটোকো প্ৰশ্নৰ কাঠগৰাত থিয় কৰাইছে, আৰু উপভোগক অভিহিত কৰিছে ‘secondary production’ বুলি৷ এইখিনিতে সংশয় জাগে, উপভোগৰ ওপৰত এই মাত্ৰাধিক গুৰুত্বই আৰু জনপ্ৰিয় পঠনৰ প্ৰতি এই অবাধ প্ৰশংসাই গুণগত বিচাৰক সংকটাপন্ন কৰিব নেকি? ই নব্য উদাৰতাবাদী বজাৰে দাঙি ধৰা উপভোক্তাৰ সাৰ্বভৌমত্বৰ (consumer sovereignty) সৈতে মিলি পৰিব নেকি বা উত্তৰাধুনিকতাবাদী বৌদ্ধিক অনিশ্চয়তাৰ মাজত বিলীন হৈ যাব নেকি? এনে সংশয়ৰ উত্তৰ কিন্তু আধুনিকতাবাদী নিশ্চয়তাৰ মাজলৈ উভতি যোৱাটো হ’ব নোৱাৰ — য’ত আধুনিকতাবাদী বুদ্ধিজীৱীয়ে সাংস্কৃতিক অভিভাৱকৰ ভূমিকা পালন কৰিব, সংস্কৃতিৰ নন্দনতাত্ত্বিক মূল্য নিৰূপণ কৰিব, নিৰ্বোধ জনসাধাৰণক জ্ঞান দিব আৰু তেওঁলোকে কেনেকৈ কি বুজা উচিত কৰ্তৃত্বৰে শিকাই দিব৷ আচলতে পাঠৰ জনপ্ৰিয় পঠন বজাৰৰদ্বাৰা নহয়, জনসাধাৰণৰ জীৱন-পৰিস্থিতিৰদ্বাৰাহে নিৰ্দেশিত আৰু নিয়ন্ত্ৰিত৷ জনসাধাৰণৰ জীৱন সংগ্ৰামৰ মাজতেই সৃষ্টিশীল প্ৰতীকী কৰ্ম হিচাপে সাংস্কৃতিক উপভোগৰ ৰহস্য লুকাই আছে, আৰু সিয়েই উক্তধৰণৰ সংশয় নিৰসন কৰে৷ সংগ্ৰামৰত মানুহে নিজৰ অস্তিত্ব আৰু সংগ্ৰামৰ অৰ্থ উলিয়াব খোজে, শোষণ আৰু বৈষম্যৰে ভাৰাক্ৰান্ত পৃথিৱীখনৰ ৰহস্য উদ্ঘাটন কৰিব খোজে, তাৰ মাজত নিজৰ বাবে এটুকুৰা ঠাই মোকলাব খোজে আৰু জীৱনটো উদযাপন কৰিব খোজে৷ জনপ্ৰিয় সংস্কৃতিয়ে তাৰ বাবে তেওঁলোকক এখন প্ৰতীকী প্লেটফৰ্ম যোগান ধৰে৷ উচ্চ সংস্কৃতিৰ উচ্চতা আৰু গাম্ভীৰ্যৰ বিপৰীতে জনপ্ৰিয় সংস্কৃতিৰ সৈতে জনসাধাৰণে কোনোধৰণৰ ধাৰণাগত দূৰত্ব অনুভৱ নকৰে৷ ইয়াৰ জৰিয়তে তেওঁলোকে পৃথিৱীখনক নিজৰ বাবে অধিক মানৱীয় কৰি তুলিবলৈ, চৌপাশৰ অনিয়ন্ত্ৰণীয় প্ৰাকৃতিক আৰু সামাজিক ঘটনাৰাজিৰ ওপৰত এক প্ৰতীকী নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ চেষ্টা কৰে৷ আনহাতে, জনপ্ৰিয় সংস্কৃতিয়ে জনসাধাৰণক জীৱনৰ সহজ উদযাপনত সহযোগ কৰে, প্ৰাত্যহিকতাৰ মাজতে আনন্দ আহৰণ কৰিবলৈ উদগনি যোগায়৷ জীৱন-আনন্দৰ এনে অনাবিল আৰু চৰ্তবিহীন উদযাপন মানুহৰ পুনৰুজ্জীৱন আৰু প্ৰাণশক্তি বৃদ্ধিৰ বাবে অপৰিহাৰ্য৷ আৰু সি পৰিবৰ্তন তথা ৰূপান্তৰকামী ৰাজনীতিৰ বিৰোধী নহয়৷ বাঁওপন্থী মহলত এনে আনন্দৰ প্ৰতি প্ৰায়ে এক বিৰাগ দেখিবলৈ পোৱা যায় : ইয়াক এটা প্ৰতিবিপ্লৱী (counterrevolutionary) বস্তু বুলি গণ্য কৰা হয়; জনসাধাৰণে শোষণ-বৈষম্যৰ বিৰুদ্ধে হয় প্ৰতিবাদ কৰিব, নতুবা কষ্ট ভোগ কৰি কান্দি-কাতি থাকিব; কিন্তু নিজৰ দুৰ্ভোগ ‘পাহৰি’ আনন্দত আত্মহাৰা হোৱাটো এটা আত্মঘাতী কাৰবাৰ৷ নক’লেও হ’ব যে জনসাধাৰণৰ সৃষ্টিশীল ক্ষমতাই এই এলিটিষ্ট গণবিৰোধী ধাৰণাক নস্যাৎ কৰে৷ সি যি নহওক, আমি জনপ্ৰিয় সংস্কৃতিক সাধাৰণভাৱে এক প্ৰতীকী ক্ষেত্ৰ হিচাপে অভিহিত কৰি আহিছো; কিন্তু অধিক বিশেষভাৱে ইয়াক সূচিত কৰিবলৈ আমি সাংকেতিক বা semiotic টাৰ্মটো ব্যৱহাৰ কৰিব পাৰো৷ এই টাৰ্মটোৱে সংস্কৃতিৰ শৰীৰগত, অৱচেতনমূলক তথা প্ৰাক-ভাষিক দিশসমূহ সাঙুৰি ল’ব পাৰে৷ গতিকে জনপ্ৰিয় সংস্কৃতি হ’ল মূলতঃ এক সাংকেতিক ক্ষেত্ৰ৷ এই সাংকেতিক ক্ষেত্ৰখনত এখন সাংকেতিক যুদ্ধও হৈ থাকে — সামাজিক আধিপত্য আৰু গণতান্ত্ৰিক প্ৰতিৰোধৰ মাজত, সমসত্ত্বকৰণ আৰু বৈচিত্ৰ্যৰ মাজত, সহমত আৰু সংঘাতৰ মাজত৷ এই যুদ্ধখন আৰ্থ-ৰাজনৈতিক নহয়; সমাজৰ ব্যৱস্থাগত ৰূপান্তৰৰ ধাৰণা বা প্ৰচেষ্টা ইয়াত নাই৷ কিন্তু সাংকেতিক স্তৰত ইয়াত প্ৰায়েই ক্ষমতাক প্ৰশ্ন কৰা হয় আৰু প্ৰত্যাহ্বান জনোৱা হয়৷ পাঠৰ ওপৰত ক্ষমতাৰদ্বাৰা আৰোপিত অৰ্থ ইয়াত খাৰিজ কৰা হয়, উপভোক্তা পুঁজিবাদৰ অৰ্থনৈতিক শক্তিসমূহে মুকলি কৰি দিয়া প্ৰৱণতাসমূহ নিষ্ফল কৰি দিয়া হয়৷ আধিপত্যশীল শ্ৰেণীয়ে ল’ব খোজা বৌদ্ধিক আৰু নৈতিক নেতৃত্বৰ বিৰুদ্ধে সাংকেতিক প্ৰতিৰোধ গঢ়ি তোলা হয়৷ এনেকৈ জনপ্ৰিয় পঠনে জনসাধাৰণৰ বাবে এক সাংকেতিক গণতান্ত্ৰিক প্ৰতিবাদৰ সম্ভাৱনা কঢ়িয়াই আনে৷
ফেনসকল তথা ফেন সংস্কৃতি (Fan culture) জনপ্ৰিয় সংস্কৃতিৰ এটা অভিন্ন অংগই কেৱল নহয়, ইয়াৰ এটা সবাতোকৈ দৃশ্যমান উপাদান৷ পৰম্পৰাগতভাৱে ফেনসকলক তেওঁলোকৰ আতিশয্য আৰু উন্মাদনাৰ বাবে হয় ভৰ্ৎসনা কৰা হয় নতুবা pathologize কৰা হয়; obsessed বা hysterical বুলি চিহ্নিত কৰা হয়৷ তেওঁলোকক আধুনিকতাৰ এক বিফলতা বুলি, সামাজিক প্ৰতিবন্ধিতাৰ প্ৰতিভূ বুলি গণ্য কৰা হয়৷ কিন্তু প্ৰকৃততে ফেন সংস্কৃতি হ’ল সাংস্কৃতিক গণতান্ত্ৰিকীকৰণৰ এক গুৰুত্বপূৰ্ণ প্ৰবাহ৷ ফেন সংস্কৃতিয়ে ৰাজহুৱাভাৱে আৰু সামুদায়িকভাৱে সংস্কৃতি উপভোগ কৰে, তাৰ পুনৰ্নিৰ্মাণ কৰে, আৰু ইয়াৰ জৰিয়তে সি এক অধিক অংশগ্ৰহণমূলক সংস্কৃতিৰ (participatory culture) ভেটি গঢ়ি তোলে৷ উপভোগৰ ক্ষেত্ৰত ই উচ্চ সংস্কৃতিৰ বিপৰীতে এখন সম্পূৰ্ণ ভিন্ন ছবি দাঙি ধৰে৷ উচ্চ সংস্কৃতিত উপভোগ হ’ল মূলতঃ নিজানত কৰা এটা ব্যক্তিগত কৰ্ম; ইয়াত উপভোক্তাই এক ৰুচিসন্মত আত্মনিয়ন্ত্ৰণ আৰু উপভোগৰ বস্তুটোৰপৰা এক নন্দনতাত্ত্বিক দূৰত্ব বৰ্তাই ৰখাই নিয়ম৷ ইয়াৰ বিপৰীতে উপভোগক সৃষ্টিশীলতাৰ এক প্ৰতীকী কৰ্ম হিচাপে পূৰ্ণাংগ ৰূপ প্ৰদান কৰে ফেনসকলে৷ সংস্কৃতি যে ধাৰণাগত বস্তু নহয় যাক এক জ্ঞানতত্ত্ব (epistemology) হিচাপে বিবেচনা কৰি ভুল-শুদ্ধ ৰায় দিব পাৰি, বৰং সি এটা জীৱন্ত ভৌতিক প্ৰেক্টিচ (material practice) — এই সত্য প্ৰতীয়মান কৰি তোলে ফেনসকলে৷ তেওঁলোকে উপভোগ কৰে সমগ্ৰ সত্তাৰে — এই কৰ্ম একাধাৰে ইন্দ্ৰিয়জ, আৱেগিক আৰু জ্ঞানীয়৷ তেওঁলোকে আনন্দ প্ৰকাশ কৰে শাৰীৰিক অভিব্যক্তিৰে, আৱেগিক আতিশয্যৰে৷ সাংস্কৃতিক পাঠৰ মাজৰপৰা তেওঁলোকে নতুন অৰ্থ আৰু প্ৰাণশক্তি বাহিৰ কৰি আনে, যাৰ ভিত্তিত তেওঁলোকে এক সমুদায়ৰ (community) সৃষ্টি কৰে৷ এনেকৈ ফেনসকলে সংস্কৃতিৰ সামাজিক বিস্তাৰ ঘটায় আৰু তাক সামুদায়িক উদযাপনৰ বস্তু কৰি তোলে৷ উপভোক্তা পুঁজিবাদৰ লজিকে তাক শেষপৰ্যন্ত নিয়ন্ত্ৰণ কৰিব নোৱাৰে৷
ৰুচি বস্তুটো কেৱল এটা নন্দনতাত্ত্বিক কেটেগৰি নহয়, বৰং ই এটা মতাদৰ্শগত কেটেগৰি৷ ৰুচিৰ বিচাৰ হ’ল এটা ৰাজনৈতিক কৰ্ম৷ ৰুচিৰ চৰিত্ৰ আৰু শ্ৰেণীগত ৰাজনীতি সম্পৰ্কে সবিশেষ বিশ্লেষণ দাঙি ধৰিছে পিয়েৰ বুঅ’ৰ্ডিউৱে (Pierre Bourdieu)৷ তেওঁ দেখুৱাইছে যে ৰুচি বস্তুটো কোনো প্ৰাকৃতিক আৰু ব্যক্তিগত গুণ নহয়; বৰং ই হ’ল এটা সামাজিক সৃষ্টি, যি শ্ৰেণীগত পাৰ্থক্যৰ (class distinction) সূচক হিচাপে কাম কৰে৷ তেওঁৰ ভাষাত — ‘’taste classifies, and it classifies the classifier’’. ইয়াৰ সাধাৰণ মানেটো হ’ল এই যে ৰুচিৰ বিচাৰে (judgement of taste) আমাক কেৱল বিচাৰটোৱেই নিদিয়ে, বিচাৰকজনৰ সামাজিক অৱস্থানটোও উন্মোচন কৰি দিয়ে৷ মাৰ্ক্সৰ পুঁজিৰ ধাৰণাটো সম্প্ৰসাৰিত কৰি বুঅ’ৰ্ডিউৱে তিনিধৰণৰ পুঁজিৰ কথা কৈছে — অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক৷ সৰলভাৱে ক’বলৈ গ’লে, অৰ্থনৈতিক পুঁজিয়ে মানুহৰ শ্ৰেণীগত অৱস্থানটো নিৰ্ণয় কৰে, কিন্তু মানুহে সেই অৱস্থানত কেনেকৈ জীয়াই থাকিব আৰু শ্ৰেণীগত অভিজ্ঞতা কিদৰে ৰূপায়িত কৰিব সেইটো নিৰ্ভৰ কৰে সামাজিক আৰু সাংস্কৃতিক পুঁজিৰ ওপৰত৷ ইয়াৰ ভিতৰত সাংস্কৃতিক পুঁজিয়ে সেইসমূহ সাংস্কৃতিক সম্পদক বুজায় যি মানুহক সামাজিক মৰ্যাদা লাভ, সাফল্য অৰ্জন তথা ঊৰ্ধমুখী গতিশীলতা অৰ্জনত সহায় কৰে৷ পাৰিবাৰিক সামাজিকীকৰণ (family socialization) আৰু শিক্ষাৰ মাধ্যমেৰে আয়ত্ত কৰা জ্ঞান, কলা-কৌশল আৰু সা-সুবিধাবিলাকেই হ’ল সাংস্কৃতিক পুঁজি৷ ইয়াৰ তিনিটা ৰূপ দেখিবলৈ পোৱা যায় : embodied (ব্যক্তিগত অভ্যাস, আচৰণ, স্বভাৱ, জ্ঞান আদি), objectified (কিতাপ, কলাকৃতি আদি সাংস্কৃতিক বস্তু), institutionalized (একাডেমিক ডিগ্ৰি, প্ৰফেছনেল দক্ষতা আদি আনুষ্ঠানিক স্বীকৃতি)। ৰুচি হ’ল একধৰণৰ embodied সাংস্কৃতিক পুঁজি৷ সমাজত সাংস্কৃতিক পুঁজিৰ বিতৰণ ঘটে শ্ৰেণীগতভাৱে — শ্ৰেণীগত সামাজিক অৱস্থান অনুসৰি মানুহে ভিন্ন ভিন্ন সাংস্কৃতিক পুঁজি আহৰণ কৰে৷ কিন্তু প্ৰভাৱশালী শ্ৰেণীয়ে সাংস্কৃতিক আধিপত্য বিস্তাৰ কৰি নিজৰ সাংস্কৃতিক পুঁজিকে সমাজত একমাত্ৰ, সাৰ্বজনীন আৰু শ্ৰেষ্ঠতম মানদণ্ড হিচাপে প্ৰতিষ্ঠা কৰে৷ ৰুচি হ’ল সামাজিক উত্তৰাধিকাৰসূত্ৰে লাভ কৰা এটা সম্পদ; সামাজিকীকৰণ আৰু শিক্ষাৰ যোগেদি ইয়াক আহৰণ কৰা হয়৷ কিন্তু এই সামাজিক আৰু শ্ৰেণীগত স্বৰূপ ঢাকি ৰাখি তাক এটা ব্যক্তিগত যোগ্যতা তথা প্ৰাকৃতিক গুণ হিচাপে উপস্থাপন কৰা হয়৷ আন ভাষাত, সামাজিকভাৱে নিৰ্মিত ৰুচিক স্বাভাৱিকীকৰণ কৰি প্ৰাকৃতিক বুলি দেখুওৱা হয়৷ এয়াই হ’ল ‘the ideology of natural taste’, যাৰ জৰিয়তে সমাজত শ্ৰেণীগত বিভাজন বৰ্তাই ৰখা হয়৷ সমাজৰ অধিকাংশ জনসাধাৰণক ইয়াৰ জৰিয়তে বৈধ ৰুচিৰ সংজ্ঞাৰ বাহিৰত ৰখা হয়৷ বুঅ’ৰ্ডিউৱে Pure gaze আৰু naïve gazeঅৰ দ্বৈত ধাৰণা দাঙি ধৰিছে সাংস্কৃতিক বিচাৰত শ্ৰেণীগত পাৰ্থক্যক সূচাবৰ বাবে৷ Pure gaze হ’ল সংস্কৃতিৰ প্ৰতি এক উচ্চ, বিমূৰ্ত আৰু নিৰাৱেগ কলাত্মক দৃষ্টিভংগী, যিটো উচ্চ শ্ৰেণীৰ সাংস্কৃতিক পুঁজি-সম্পন্ন ব্যক্তিয়েহে আয়ত্ত কৰিব পাৰে৷ আনহাতে, naïve gaze হ’ল সংস্কৃতিৰ প্ৰতি এক স্বতঃস্ফূৰ্ত, প্ৰাত্যহিক আৰু আৱেগিক দৃষ্টিভংগী, যিটো অশিক্ষিত-অৰ্ধশিক্ষিত জনসাধাৰণৰ মাজত দেখিবলৈ পোৱা যায়৷ জনপ্ৰিয় সংস্কৃতি হ’ল naïve gazeঅৰ বস্তু৷ এই দুই gazeঅৰ মাজত পৰিলক্ষিত হোৱা আপাত নন্দনতাত্ত্বিক পাৰ্থক্যৰ আঁৰত লুকাই আছে শ্ৰেণীগত বিভাজনৰ সামাজিক সত্য৷ জনপ্ৰিয় সংস্কৃতিৰ বিচাৰ কৰিবলৈ যাওঁতে ৰুচি তথা gazeঅৰ এই মতাদৰ্শগত চৰিত্ৰ হৃদয়ংগম কৰাটো বৰ দৰকাৰী৷
ওপৰত আমি খুব চমুকৈ জনপ্ৰিয় সংস্কৃতিৰ বিশ্লেষণৰ বাবে দৰকাৰী এটা তাত্ত্বিক পটভূমি দাঙি ধৰিলো৷ জুবিন সম্পৰ্কীয় বিচাৰ-বিশ্লেষণৰ ক্ষেত্ৰত এই পটভূমিটোৱে সহায় কৰিব বুলি আশা কৰিব পাৰি৷ নক’লেও হ’ব যে আমাৰ বৰ্তমান লেখাটোত সেই সম্ভাৱনা সম্পূৰ্ণ কাৰ্যকৰী কৰাটো সম্ভৱপৰ নহয়৷
৩. ন জীৱনৰ সূত্ৰধাৰ
অসমৰ সংগীত জগতত জুবিন গাৰ্গে পদাৰ্পণ কৰে বিংশ শতিকাৰ নব্বৈৰ দশকত৷ সেয়া আছিল সমাজজীৱনৰ বাবে ভয়াৱহ সময়৷ হিংসা আৰু প্ৰতিহিংসাৰ ক’লা ধোঁৱাই চৌপাশ ছানি ধৰিছিল, ৰাজনৈতিক অস্থিৰতা আৰু অৰিয়াঅৰিয়ে সমাজখন ক্ৰমাৎ বিষাক্ত কৰি পেলাইছিল, অবিশ্বাস আৰু ভীতিয়ে আচ্ছন্ন কৰি পেলাইছিল জনসাধাৰণৰ মন৷ নগৰ-চহৰ গাঁও-ভূঁই সকলো ডুব গৈছিল স্বপ্নভংগ আৰু হতাশাৰ অন্ধকাৰত৷ ক্ৰূৰ পৰিস্থিতিৰ মাজত বন্দী মানুহৰ যন্ত্ৰণাৰ চিৎকাৰ আৰু শূন্যতাৰ হাহাকাৰ মিলি গৈছিল দূৰ দিগন্তত৷ এনেকুৱা এটা মুহূৰ্ততে ব্যক্তিগত আশা, আৱেগ আৰু প্ৰেমৰ বতৰা লৈ আৱিৰ্ভূত হ’ল এটা অমৃতৰ দৰে মধুৰ আৰু সতেজ কণ্ঠ, যাৰ নাম জুবিন৷ খৰাং পথাৰলৈ নামি অহা এজাক বৰষুণৰ দৰেই জুবিনৰ কণ্ঠই মানুহৰ আশাহত নিস্তেজ মনত এক নতুন প্ৰাণৰ সঞ্চাৰ কৰিলে৷ যুৱচামৰ মাজত আৰম্ভ হোৱা এই কণ্ঠৰ যাদু ক্ৰমাৎ সকলো স্তৰৰ আৰু বয়সৰ মানুহৰ মাজলৈ বিয়পি পৰিবলৈ ধৰিলে৷ বিভাজন আৰু সংশয়ৰ দেৱাল ভেদি জুবিনৰ কণ্ঠই ক্ৰমাৎ এডাল নেদেখা এনাজৰীৰে মানুহক বান্ধিবলৈ ধৰিলে৷ এই যে মানুহে জুবিনক আৱিষ্কাৰ কৰিলে আৰু সমগ্ৰ আত্মাৰে আঁকোৱালি ধৰিলে, সেই বান্ধোন সদায় অটুট থাকিল৷ জুবিনৰ সাংগীতিক যাত্ৰা আগ বঢ়াৰ লগে লগে সেই বান্ধোন কেৱল অধিক দৃঢ় হোৱাই নহয়, সি হৈ উঠিল অবিনশ্বৰ৷ একে আষাৰে ক’বলৈ গ’লে, নব্বৈৰ দশকৰ সেই সন্ত্ৰাসজৰ্জৰ বিধ্বস্ত অসমত জুবিনৰ কণ্ঠই মানুহৰ হৃদয় জুৰাইছিল আৰু একত্ৰিত কৰিছিল৷ তাৰ পাছত জুবিন সদায় অপ্ৰতিৰোধ্যভাৱে আগ বাঢ়ি গৈ থাকিল, আৰু তেওঁ কাহানিও পিছলৈ উভতি চাবলগীয়া নহ’ল৷
নব্বৈৰ দশকটো কেৱল জুবিনৰ জন্মৰ প্ৰেক্ষাপট নাছিল, বৰং জুবিন আছিল বহুলাংশে নব্বৈৰ দশকৰ সৃষ্টি৷ এই সময়ছোৱা জুবিনৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল, তাক তেওঁ কেনেকৈ বুজিছিল আৰু সি তেওঁক কেনেকৈ গঢ় দিছিল তাৰ স্পষ্ট আভাস পোৱা যায় তেওঁ লিখা আৰু গোৱা ‘সোণেৰে সজোৱা পঁজা’ (‘মুক্তি’ এলবাম, ১৯৯৭) গানটোত৷ গানটো একে সময়তে অসমীয়া মানুহৰ ব্যক্তিগত মনটো আৰু সামুদায়িক মনটোৰ স্বগতোক্তিস্বৰূপ৷ সোণেৰে সজোৱা পঁজাটোৱে একে সময়তে মানুহৰ ব্যক্তিগত সপোন আৰু অসমীয়া জাতিয়ে বুকুত লৈ ফুৰা নতুন সমাজৰ সপোন, এই দুইটাকে সূচায়৷ সেই পঁজাটো এতিয়া জহি-খহি গৈছে, সপোনবোৰ এতিয়া ভাঙি চূৰমাৰ হৈ গৈছে৷ অনিয়ম-অনাচাৰে ছানি ধৰা, গুলীৰ শব্দই ৰজনজনাই থকা, পথাৰ-মুখ-চকু সকলো সকলো শুকাই যোৱা, আকাশৰ জোন-তৰা লুকাই যোৱা অসমখনত (য’ত পঢ়া-শুনা সংস্কৃতি সকলো অসাৰ হৈ পৰিছে) সকলোতে মাথোঁ প্ৰশ্ন, কিন্তু কোনেও নুবুজে কাকো নিজকে ধিয়ায়৷ কিন্তু আচল প্ৰশ্নটো হ’ল, এয়াই জানো সপোন আছিল কুৰি শতিকাৰ? স্বাধীনতা সংগ্ৰামৰ ঐতিহ্যৰপৰা জ্যোতি-বিষ্ণুৰ আশাসুধীয়া প্ৰচেষ্টাৰ মাজেদি উদ্ভাসিত হৈ উঠা সপোনটো আছিল শান্তি, সমৃদ্ধি আৰু সমন্বয়ৰ এখন অসম৷ নব্বৈৰ দশকৰ ৰক্তাক্ত অসমৰ মৰিশালিত থিয় হৈ জুবিনে চিঞৰি উঠিছিল সেই সপোনৰ মৃত্যুত৷ (একেদৰে, ‘মুক্তি’ এলবামৰ শীৰ্ষক গানটো হ’ল সেই মৃত্যু উপত্যকাত মুক্তি কামনাৰ গান আৰু গানটোৰ আৰম্ভণিত যিটো চিৎকাৰ শুনিবলৈ পোৱা যায়, সেইটো হ’ল নব্বৈৰ দশকৰ যন্ত্ৰণাপিষ্ট ভীতিগ্ৰস্ত মানুহৰ চিৎকাৰ।) কিন্তু এই গানটো এটা এলিজি নাছিল৷ ই আছিল এটা সতৰ্কবাণী আৰু আহ্বান, আৰু জুবিনৰ নিজৰ বাবে ই আছিল যেন এটা প্ৰতিজ্ঞা৷ বিংশ শতিকাৰ সেই সপোনটো তেওঁ নিজে বুকুত কঢ়িয়াই লৈ ফুৰিছিল, আৰু তাক সাকাৰ ৰূপ দিবলৈ গানেৰে-প্ৰাণেৰে চেষ্টা কৰি গৈছিল৷
একে সময়তে, নব্বৈৰ দশকৰ আন এটা দিশো আছিল যিটো জুবিনে ওচৰৰপৰা দেখিছিল৷ দশকটোৰ এটা পিঠিত যদি আছিল হিংসা আৰু দমন, আনটো পিঠিত আছিল প্ৰতিৰোধ আৰু সংগ্ৰাম৷ উগ্ৰপন্থীৰ সন্ত্ৰাসৰ বিৰুদ্ধে মানুহ যেনেকৈ থিয় দিছিল, উগ্ৰপন্থী দমনৰ নামত চলা ৰাজ্যজোৰা ৰাষ্ট্ৰসন্ত্ৰাসৰ বিৰুদ্ধেও জনসাধাৰণে দৃঢ়ভাৱে গৰজি উঠিছিল৷ অসমীয়া জাতীয়তাবাদে জংগী ৰূপ ধাৰণ কৰি আধিপত্যবাদী সৰ্বভাৰতীয় জাতীয়তাবাদক ফেপেৰি পাতি ধৰিছিল, অসমবাসীক একত্ৰিত কৰিছিল৷ ৰাজনৈতিক বাগধাৰাত নিত্য-নতুন প্ৰশ্ন উত্থাপিত হৈছিল, শক্তিশালী বিতৰ্ক হৈছিল৷ সেই সময়ত অসমীয়া মানুহে অভূতপূৰ্ব সংগ্ৰামী চেতনা, অসীম সাহস আৰু দুৰ্জেয় মনোবলৰ পৰিচয় দাঙি ধৰিছিল৷ তেওঁলোকৰ ডৰ-ভয় নাইকিয়া হৈ গৈছিল, আগতে কাহানিও নকৰা-নভবা ডাঙৰ কাম কৰিবলৈ আগ বাঢ়ি গৈছিল, অসম্ভৱ সপোনৰ পম খেদি অজান দেশলৈ গুচি গৈছিল৷ সকলো দমন-নিপীড়ন বিদীৰ্ণ কৰি অসমীয়া মানুহৰ অদম্য সত্তাটো মূৰ দাঙি উঠিছিল৷ সি প্ৰতিনিধিত্ব কৰা অসমীয়া জাতিৰ ধাৰণাটো আছিল ছেকুলাৰ, প্ৰগতিশীল, অন্তৰ্ভুক্তিবাদী আৰু বহুত্ববাদী৷ সাম্প্ৰদায়িকতাৰ সমস্যা তথা সংখ্যালঘুৰ প্ৰশ্নটো অসমীয়া জাতীয়তাবাদে ইতিমধ্যে মীমাংসা কৰি পেলাইছিল, অন্ততঃ বাগধাৰাগত স্তৰত৷ ৰাজনৈতিক তীক্ষ্ণতা আৰু জংগীপনা আয়ত্ত কৰা অসমীয়া জাতীয়তাবাদে এতিয়া ক’বলৈ ধৰিছিল আত্মনিৰ্ধাৰণ, সম্পদৰ অধিকাৰ, ফেডাৰেলিজম, গণতন্ত্ৰ আদিৰ বিষয়ে৷ কালক্ৰমত এই ধাৰাটো হেৰাই গৈছিল বিশ্বাসঘাতকতা আৰু মোহভংগৰ মাজেৰে৷ কিন্তু নব্বৈৰ দশকৰ ভয়াৱহ উত্তেজনাৰ মাজত সি মুক্তিৰ পতাকাখন তুলি ধৰি ৰাখিছিল৷ জুবিন ক্ৰিটিকেল অৰ্থত সমাজ সচেতন শিল্পী নহয়; সেইবাবে তেওঁ সেই পৰিস্থিতিৰ সৈতে ৰাজনৈতিক ভাষাত এংগেজ কৰাৰ কথা নাহে৷ তাৰ বিপৰীতে তেওঁ এজন প্ৰকৃত মানৱতাবাদী হিচাপে সকলো হত্যা-হিংসাৰ অৱসান ঘটাই শান্তি ঘূৰাই আনিব বিচাৰিছিল, আৰু সেই কামনা বিভিন্ন গানেৰে প্ৰকাশ কৰিছিল৷ কিন্তু নব্বৈৰ দশকৰ ঘটনাৰাজিয়ে তেওঁৰ জীৱন আৰু দৰ্শনত গভীৰ প্ৰভাৱ পেলাইছিল৷ এইখিনিতে আমি মনত ৰখা দৰকাৰ যে আজি বিশ্বায়ন-বাহিত সাৰ্বজনীন উপাদানবিলাকে আমাৰ সমাজ-সংস্কৃতিক এক ভিন্ন পৰিবৰ্তনৰ পথেৰে আগ বঢ়াই লৈ যোৱা অৱস্থাত আমি অসমীয়া জাতীয়তাবাদৰ যিটো ঐতিহ্য খামুচি ধৰি আছো সেইটো নব্বৈৰ দশকৰ মাজেৰে কেৱল পাৰ হৈ অহাই নহয়, নব্বৈৰ দশকটোৱেই হ’ল জাতীয় ইতিহাসৰ সৈতে আমাৰ শেষ সংযোগ৷ আন ভাষাত, আজিৰ অসমীয়া জাতীয়তাবাদটো হ’ল নব্বৈৰ দশকৰ উত্তৰাধিকাৰ৷ জুবিনে নব্বৈৰ দশকৰ সেই ছেকুলাৰ, প্ৰগতিশীল, অন্তৰ্ভুক্তিবাদী আৰু বহুত্ববাদী জাতীয়তাবাদটো আত্মস্থ কৰি লৈছিল হাড়ে-হিমজুৱে৷ সেই উত্তৰাধিকাৰ তেওঁ কঢ়িয়াই আনিছিল একবিংশ শতিকালৈ, যাৰ উজ্জ্বল প্ৰকাশ আমি দেখিবলৈ পাইছো তেওঁৰ মৃত্যুৰ পাছৰ ঘটনাৰাজিত৷ এনেকৈয়ে তেওঁ বিংশ শতিকাৰ সৈতে একবিংশ শতিকাক সংযুক্ত কৰিছিল৷ আনহাতে, জুবিনৰ ব্যক্তিত্বৰ ওপৰতো নব্বৈৰ দশকৰ ঘটনাৰাজিয়ে প্ৰভাৱ বিস্তাৰ কৰিছিল বুলি অনুমান কৰিব পাৰি৷ এনে লাগে যেন নব্বৈৰ দশকৰ গোটেই স্পিৰিটটো সামৰি-সুতৰি জুবিনে নিজৰ মাজত সুমুৱাই লৈছিল৷ ধুমুহাৰ শক্তি আৰু গতিৰে দেশ-জাতিৰ বাবে আজীৱন নিৰন্তৰভাৱে কাম কৰি যোৱাৰ ক্ষেত্ৰত সেই স্পিৰিটটোৱে নিশ্চয় তেওঁক অনুপ্ৰেৰণা যোগাইছিল৷ সেই সাহস আৰু দৃঢ়তা, সেই জংগীপনা আৰু বিদ্ৰোহ, সেই অসম্ভৱক সম্ভৱ কৰাৰ হাবিয়াস আৰু যিকোনো ৰিস্ক লোৱাৰ অকুতোভয় মনোবল — জুবিনৰ ব্যক্তিত্বত যেন আমি নব্বৈৰ দশকটোৰে প্ৰতিধ্বনি শুনিবলৈ পাওঁ৷ তদুপৰি দেশ-জাতিৰ স্বাৰ্থত সেই সময়ত যিবোৰ ৰাজনৈতিক সংগ্ৰাম চলিছিল, তাৰ সৈতে জুবিনৰ সাংগীতিক যাত্ৰাটো আছিল সামঞ্জস্যপূৰ্ণ — আনসকলে ৰাজনৈতিকভাৱে যি কাম কৰিছিল, সেই কাম জুবিনে কৰিছিল গানেৰে৷ সামগ্ৰিকভাৱে ক’ব পাৰি যে আমি পোৱা জুবিনজনৰ সৃষ্টিত নব্বৈৰ দশকটোৱে নিৰ্ণায়ক প্ৰভাৱ পেলাইছিল৷
অসমত এটা স্বতন্ত্ৰ সংগীত উদ্যোগৰ প্ৰতিষ্ঠাত জুবিন আছিল ঘাই খনিকৰ৷ তেওঁৰ গানে অসমৰপৰা হিন্দীৰ আধিপত্যক উৎখাত কৰিছিল৷ সেই সময়ত অসমৰ জনপ্ৰিয় পৰিসৰত হিন্দী গানৰ ব্যাপক প্ৰভাৱ আছিল; বিহু মঞ্চ তথা যিকোনো সাংস্কৃতিক অনুষ্ঠানত গান বুলিলে বেছিকৈ হিন্দী গানেই বাজিছিল৷ জুবিনৰ গানে লাহে লাহে হিন্দী গানৰ প্ৰয়োজন নোহোৱা কৰি পেলাইছিল৷ অসমীয়া জাতীয়তাবাদে ৰাজনৈতিকভাৱে কৰিব নোৱৰা কাম এটা জুবিনে প্ৰতিভাৰ বলত অকলেই কৰি পেলাইছিল৷ পৰৱৰ্তী সময়ত বিহু মঞ্চত হিন্দী গান গোৱাক লৈ জুবিনৰ আলফা আৰু বিহু কমিটিৰ সৈতে হোৱা সংঘাত আচলতে এটা বিৰোধাভাস মাত্ৰ৷ কিয়নো বিহু মঞ্চৰপৰা হিন্দী গানক উৎখাত কৰা মানুহজনেই আছিল জুবিন৷ কিন্তু তেওঁ সংকীৰ্ণ প্ৰাদেশিকতাৰ বিপৰীতে সংগীতৰ সাৰ্বজনীনতাত বিশ্বাস কৰিছিল আৰু শিল্পীৰ স্বাধীনতাক লৈ আপোচবিহীন আছিল; সেয়ে তেওঁ গান গোৱাৰ ক্ষেত্ৰত কোনোধৰণৰ বাহিৰা নিৰ্দেশ মানিবলৈ অস্বীকাৰ কৰিছিল৷ তদুপৰি জুবিনে বলিউডত গোৱা গানবোৰ এটা অৰ্থত বলিউডী নহয় : কিয়নো সেয়া আমাৰ ল’ৰাই গোৱা গান, সি বলিউডত আমাৰ অংশ; গতিকে সেইবোৰ আমাৰ বিহু মঞ্চত গোৱাটো আচলতে নিজৰেই সাফল্যৰ বা ৰাষ্ট্ৰীয় কৃতিত্বৰ উদযাপন৷ সি যি নহওক, হিন্দীৰ নিচিনাকৈ ইংৰাজী ভাষাৰ ক্ৰমবৰ্ধমান আধিপত্যই অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই আনিছিল৷ ৰাজহুৱা শিক্ষা ব্যৱস্থা ভাগি যোৱাৰ সমান্তৰালভাৱে অসমত লহপহকৈ বাঢ়ি আহিছিল ইংৰাজী মাধ্যমৰ বিদ্যালয়৷ বিশ্বায়নৰ প্ৰভাৱত ক্ৰমশঃ বাঢ়ি অহা ঊৰ্ধমুখী সামাজিক গতিশীলতাৰ প্ৰৱণতা, নিয়োগযোগ্যতাৰ প্ৰশ্ন আদিয়ে মানুহক এই বিদ্যালয়সমূহৰ ফালে অধিক আকৰ্ষিত কৰিবলৈ ধৰিছিল৷ এনে অৱস্থাত অসমীয়া ভাষা-সংস্কৃতিৰ আধাৰটো ৰক্ষা কৰা আৰু তাৰ সৈতে যুৱ প্ৰজন্মক বান্ধি ৰখাটো আছিল সময়ৰ দাবী৷ এই দাবী পূৰণ কৰিবলৈ স্বাভাৱিকতেই কোনো সামগ্ৰিক চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল; কিন্তু কিছুমান ৰাজহুৱা প্ৰচেষ্টা গঢ় লৈ উঠিছিল, জাতীয় বিদ্যালয় আন্দোলন আছিল যাৰ জাকত জিলিকা দৃষ্টান্ত৷ অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ এই দাবীটো অকলেই বহু দূৰ পূৰণ কৰিছিল জুবিনে৷ তেওঁৰ গানে নতুন প্ৰজন্মৰ বাবে অসমীয়া ভাষাটোক আপোন কৰি তুলিছিল, অসমৰ ইতিহাস আৰু সংস্কৃতিক তেওঁলোকৰ অধিক ওচৰ চপাই আনিছিল৷ এনেকৈ হিন্দী আৰু ইংৰাজীৰ প্ৰভাৱৰপৰা ছাতিৰ দৰে আৱৰি ৰাখি জুবিনৰ কণ্ঠই অসমীয়া সংগীত উদ্যোগটোক ক্ৰমাৎ ঠন ধৰি উঠাত সহায় কৰিছিল৷ এই উদ্যোগটো উপভোক্তা পুঁজিবাদৰ সাংস্কৃতিক উৎপাদন প্ৰক্ৰিয়াৰ মাজতে অৱস্থান কৰিছিল৷ কিন্তু অসমৰ উদ্যোক্তাসকলে পুঁজিৰ লজিকসমূহ বহুলাংশে নিজৰ সুবিধা মতে ব্যৱহাৰ কৰিবলৈ আৰু তাৰ মাজতেই থাকি এটা vernacular বেষ্টনী নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল, যাৰ প্ৰধান অৱলম্বন আছিল জুবিন৷ পশ্চিমীয়া সংগীতৰ গভীৰ প্ৰভাৱ আৰু অনুপ্ৰেৰণা জুবিনৰ গানত প্ৰথমৰেপৰাই আছিল, কিন্তু তেওঁৰ গানসমূহ ওলাইছিল খাঁটি অসমীয়া সৃষ্টি হৈ৷ তেওঁৰ কণ্ঠৰ আধাৰত গঢ় লৈ উঠা অসমীয়া আধুনিক সংগীতৰ ধাৰাটো আছিল বিশ্বৰ সমসাময়িক সংগীতৰ সৈতে ফেৰ মাৰিব পৰাবিধৰ, কিন্তু সি হ’ল vernacular sensibility-সম্পন্ন এটা থলুৱা ধাৰা৷
অসমীয়া সংগীতলৈ জুবিনে লৈ আহিছিল কাহানিও নেদেখা প্ৰচণ্ড সৃষ্টি প্ৰতিভা আৰু অসীম জীৱনী শক্তি৷ সেয়ে তেওঁ অবিৰতভাৱে গাই যাব পাৰিছিল বিভিন্ন ধাৰাৰ আৰু চৰিত্ৰৰ অলেখ গান, যি গানে বুৰাই পেলাইছিল গোটেই অসমখন, ভৰাই পেলাইছিল সকলো প্ৰজন্মৰ মানুহৰ জীৱন৷ এই সাংগীতিক প্ৰাচুৰ্য, গানৰ এই প্লাৱন আছিল খুবেই দৰকাৰী — অসমৰ সাংস্কৃতিক পুনৰ্জাগৰণৰ বাবে, অসমীয়া সংগীতে গৌৰৱেৰে শিৰ তুলি উঠিবৰ বাবে, সংগীতৰ এটা উদ্যোগ ঠন ধৰি উঠিবৰ বাবে, জনপ্ৰিয় সংস্কৃতিৰ ৰূপত লোকসংস্কৃতিৰ পুনৰুত্থান ঘটিবৰ বাবে৷ কিন্তু জুবিনৰ কণ্ঠক যথোপযুক্তভাৱে লালন আৰু সহযোগ কৰিব পৰাকৈ অসমত সাংস্কৃতিক আন্তঃগাঁথনি তথা যোগ্য শিল্পী-কৰ্মী পৰ্যাপ্ত নাছিল৷ ইয়াৰ ফলস্বৰূপে জুবিনে বহুতো নিম্ন মানৰ গান গাইছিল, নিজকে বাৰংবাৰ পুনৰাবৃত্তি কৰিছিল, তৰাং সৃষ্টিৰ মাজত নিজকে কেতিয়াবা হেৰুৱাই পেলাইছিল৷ তদুপৰি গানৰ এনে সীমাহীন ব্যাপ্তি দেখি শ্ৰোতাই দিক-বিদিক হেৰুৱাইছিল; এনে প্ৰাচুৰ্যই হয়তো তেওঁলোকৰ ৰুচিবোধৰ চোক কমাই দিছিল, যাৰ ফলত ভিন্ন ধাৰাৰ সংগীতৰ প্ৰতি আকৰ্ষিত হোৱাৰ সম্ভাৱনা কমি গৈছিল৷ কিন্তু তথাপি ভাল বিকল্প নোহোৱা অৱস্থাত সেই সকলোবোৰ গানেই অসমীয়া সংগীতৰ কলেৱৰ বৃদ্ধি কৰি এটা ঐতিহাসিক প্ৰয়োজন পূৰণ কৰিছিল৷ সি যি নহওক, আজি উভতি চাই ক’ব পাৰি যে জুবিনৰ গানত কি আছে বুলি সোধাটো ভুল, সুধিব লাগে কি নাই বুলি৷ আচলতে জুবিনৰ কণ্ঠত সোমাই আছে অসমৰ এখন বিশ্বকোষ — যাৰ পাতে পাতে লিপিবদ্ধ আছে অসম আৰু ইয়াৰ মানুহবোৰৰ বিষয়ে সবিশেষ৷ সকলো পৰিস্থিতি আৰু স্থানৰ বাবে জুবিনে গান গাইছিল৷ বহু সময়ত লিৰিক্সৰ দিশৰপৰা আক্ষৰিকভাৱে মিলি নাযাব পাৰে, কিন্তু মেজাজ আৰু অনুভৱৰ দিশৰপৰা জুবিনৰ কোনো নহয় কোনো গান সকলোতে খাপ খায় পৰেই — তোলনি বিয়াৰপৰা পিকনিকলৈকে, ভাগৱত পাঠৰপৰা সৰস্বতী পূজালৈকে, বাছ-অটোৰিক্সাৰপৰা বাণিজ্য মেলালৈকে, পাণ গুমটিৰপৰা গাৰ্লছ হোষ্টেললৈকে, খেতি-পথাৰৰপৰা চাহ বাগানলৈকে৷ অতিকে গুৰুত্বপূৰ্ণ কথা হ’ল জুবিনৰ গানত নাচিব পাৰি। নাচিবৰ বাবে উপযুক্ত ইমান বেছি গান অসমীয়া সংগীতৰ ইতিহাসত আগতে কেতিয়াও নাছিল৷ তেওঁৰ গানৰ সৈতে একাত্ম হ’ব পাৰি সমগ্ৰ সত্তাৰে, আনন্দ প্ৰকাশ কৰিব পাৰি শাৰীৰিকভাৱে৷ তেওঁৰ গান হ’ল সামূহিক উপভোগ আৰু সামুদায়িক উদযাপনৰ বস্তু৷ বিহুমঞ্চত জুবিনৰ গান শুনি বছৰৰ পিছত বছৰ ধৰি লাখ লাখ মানুহে নাচি আহিছে — হাত চাপৰি বজাই, গাৰ কাপোৰ দলিয়াই, পেণ্ডেলৰ ওপৰত উঠি, বৰষুণত তিতি, মাটিত বাগৰি, বোকাত লুতুৰি-পুতুৰি হৈ, আৰু কত কি ৰূপেৰে৷ অসমীয়া সংগীতক এনেকৈ জুবিনে মানুহৰ আৱেগিক-ইন্দ্ৰিয়জ স্তৰলৈকে বিয়পাই দিছিল, যাৰ ভিত্তিত গজগজীয়াকৈ বাঢ়ি আহিছিল অসমীয়া সামুদায়িক চেতনা৷
জুবিনৰ গানৰ দুটামান বিশেষ বৈশিষ্ট্য সম্পৰ্কে এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজনীয়৷ প্ৰথমতে, জুবিনৰ কণ্ঠটো হ’ল গীতিসাহিত্যৰ সীমাবদ্ধতা তথা পৰিধি অতিক্ৰম কৰি যাব পৰা কণ্ঠ৷ সেইবাবে বহু সময়ত তেওঁ কি গাইছে সেইটো ধৰ্তব্য হৈ নাথাকে — তেওঁৰ গায়কীয়ে, তেওঁৰ কণ্ঠৰ প্ৰক্ষেপণ তথা উত্থান-পতনে, তেওঁ দিয়া হামিং-এ ভাব আৰু অনুভূতিৰ মেটমৰা সম্ভাৰ বহন কৰি আনে৷ গতিকে বহুলাংশে গীতিসাহিত্যতকৈ তেওঁৰ কণ্ঠৰ নিষ্কলুষ মাধুৰ্য আৰু তাৰ চমৎকাৰ ক্ৰীড়া-কেলিয়েহে তেওঁৰ সংগীতক define কৰিছে৷ দ্বিতীয়তে, জুবিনৰ গান আৰু তেওঁৰ ব্যক্তিত্ব হ’ল ইটো সিটোৰ পৰিপূৰক৷ এয়া হ’ল এটা বিৰল সংযোগ৷ নিজৰ জীৱনচৰ্যা তেওঁ শৈল্পিক চেতনাৰে এটা সম্প্ৰসাৰণ হিচাপে বিকশিত কৰিছিল, আৰু সেইটো আজীৱন বৰ্তাই ৰাখিছিল৷ গতিকে তেওঁৰ শিল্প আৰু জীৱনচৰ্যা একেটা ধাৰাবাহিকতাৰ অংশ — দুইটাৰ মাজত বিৰাজ কৰিছে এজনেই জুবিন৷ তেওঁৰ মাজত উদ্ভাসিত হৈ উঠে এক অখণ্ড শিল্পীসত্তা৷ সেয়ে তেওঁৰ বিষয়ে কথা পাতিবলৈ গ’লে বুজিবলৈ টান — কোনখিনি গান, কোনখিনি জীৱন; কোনটো ক’ত আৰম্ভ হৈছে আৰু ক’ত শেষ হৈছে৷ তৃতীয়তে, অসমৰ সমাজজীৱনত তথা মানুহৰ মনত জুবিন এনেভাৱে ব্যাপ্ত হৈ আছে যে তাৰ এটা স্পষ্ট ঐতিহাসিক পৰিক্ৰমা চিহ্নিত কৰাটো টান, তেওঁক কালানুক্ৰমিকভাৱে বিশ্লেষণ কৰিবলৈ অসুবিধা৷ তেওঁ কোনটো গান কেতিয়া গালে বা কোনটো এলবাম কেতিয়া ওলালে সেয়া সহজে জানিব পাৰি৷ কিন্তু তেওঁক ঠিক কেতিয়াৰপৰা মানুহে ইমান ভাল পাবলৈ ধৰিলে, কেতিয়া মানুহৰ সৈতে তেওঁৰ আত্মিক সম্পৰ্ক ইমান ঘনিষ্ঠ হৈ পৰিল, কেতিয়া তেওঁ মানুহৰ অস্তিত্ব আৰু চেতনাৰ অভিন্ন অংশ হৈ পৰিল — এইসমূহ প্ৰশ্নৰ কোনো ঐতিহাসিক উত্তৰ উলিওৱাটো সহজসাধ্য নহয়৷
অসমীয়া সমাজত লৈংগিক দ্বিবিভাজনৰ কঠোৰতা হ্ৰাস কৰাৰ ক্ষেত্ৰত জুবিন আছিল এটা জনপ্ৰিয় অনুপ্ৰেৰণা৷ পুৰুষ আৰু নাৰীৰ মাজত পৰম্পৰাই বান্ধি দিয়া দূৰত্ব আৰু পাৰ্থক্য তেওঁ কাৰ্যতঃ বহু দূৰলৈ অস্বীকাৰ কৰিছিল৷ এই বিষয়ে কোনো সন্দেহ নাই যে তেওঁৰ গানৰ আবেদন তথা জনপ্ৰিয়তা লৈ পুৰুষ আৰু নাৰীৰ মাজত কোনোধৰণৰ তাৰতম্য পৰিলক্ষিত নহয়৷ তেওঁৰ প্ৰায়বোৰ গানৰে মৰ্ম লিংগ-নিৰপেক্ষভাৱে সাৰ্বজনীন৷ এইখিনিতে তেওঁৰ কণ্ঠৰ চৰিত্ৰও উনুকিয়াব পাৰি৷ তেওঁৰ কণ্ঠত পৌৰুষদীপ্ত কঠোৰতা কিম্বা কৰ্তৃত্বশীলতা নাই; তাৰ বিপৰীতে তেওঁৰ কণ্ঠটো হ’ল আৱেগঘন, স্বৰমাধুৰ্য-ভৰা (melodic) আৰু হিয়া শাঁত পেলোৱাবিধৰ (soothing), যিবোৰ বৈশিষ্ট্যক সাধাৰণতে নাৰীকণ্ঠৰ সম্পদ বুলি ভবা হয়৷ তেওঁৰ কণ্ঠটো পুৰুষ-নাৰী উভয়েই আপোন বুলি অনুভৱ কৰাৰ হয়তো ইও এটা কাৰণ৷ সি যি নহওক, জুবিনৰ গান শুনি কোনো ছোৱালীয়ে সেয়া ল’ৰাৰহে গান, তেওঁলোকৰ নহয় বুলি অনুভৱ কৰাৰ সম্ভাৱনা নাই৷ ডেকা-গাভৰুৰ মাজৰ প্ৰেম-বিজড়িত ধেমালিৰে ভৰা ভালেমান গানত জুবিন এজন পুৰুষ হিচাপে উপস্থিত হৈছে যদিও সেয়া পুৰুষ-নাৰীৰ মাজত বিদ্যমান সহজ সম্পৰ্কৰে চিত্ৰণ মাথোঁ৷ কিন্তু তেওঁ মাজে-সময়ে এনে কিছুসংখ্যক গানত কণ্ঠদান কৰিছে যিসমূহ সঁচাকৈয়ে যৌনবাদী (sexist)৷ এইক্ষেত্ৰত তেওঁৰ বক্তব্য কি বা কিবা বক্তব্য আছে নেকি সেয়া জনা নাযায়৷ এটা যৌনবাদী বিহুগীতৰ বিষয়ে সাংবাদিকে সোধাত তেওঁ তাৰ ন্যায্যতা প্ৰতিপন্ন কৰিব খুজিছিল এইবুলি যে সেইটো পৰম্পৰাগত বিহুগীত আৰু তাক অবিকৃত ৰূপতে গোৱা হৈছে৷ নক’লেও হ’ব যে আধুনিকীকৰণৰ পৰ্যায়ত বিহুগীতৰ ইমান সংযোজন-বিয়োজন-পৰিবৰ্তন ঘটোৱা হৈছিল যে তেনে অৱস্থাত পৰম্পৰাৰ নামত যৌনবাদী বিহুগীত এটাৰ ওপৰত হাত দিব নোৱৰাৰ যুক্তি বিশ্বাসযোগ্য নহয়৷ আনহাতে, জুবিনে নিজমুখে ভালেমান স্থানত যৌনবাদী মন্তব্য কৰাৰ নজিৰ আছে৷ ইয়াৰপৰা এটা কথাই ক’ব পাৰি যে পুৰুষ-নাৰী সম্পৰ্কীয় সমাজলব্ধ ধাৰণাৰাজিক নিজৰ মাজত পুনৰ্বিবেচনা কৰিবৰ বাবে তেওঁ নিশ্চয় কোনো সচেতন প্ৰচেষ্টা হাতত লোৱা নাছিল৷ সেইবাবে এইক্ষেত্ৰত তেওঁক অসমীয়া সামাজিক-সাংস্কৃতিক পৰিবেশৰপৰা নিলগাই চাবলৈ অসুবিধা৷ কিন্তু সামগ্ৰিক দৃষ্টিত জুবিনৰ জীৱনচৰ্যা বিবেচনা কৰিলে তেওঁক কোনোপধ্যেই নাৰীবিদ্বেষী বুলি অভিহিত কৰিব নোৱাৰি৷ সি যি নহওক, অসমত জনপ্ৰিয় সংস্কৃতিৰ উদ্যোগটোৱে ইতিহাসত প্ৰথমবাৰৰ বাবে নাৰীৰ স্বাধীনমনা আৰু ব্যাপক সাংস্কৃতিক অংশগ্ৰহণৰ বাট মুকলি কৰিলে৷ যদিও উদ্যোগটো প্ৰধানকৈ পুৰুষৰদ্বাৰায়েই পৰিচালিত, তাৰ মাজতে নাৰী পাৰ্ফৰ্মাৰসকলো অসমৰ সাংস্কৃতিক পৃথিৱীৰ এৰাব নোৱৰা অংশ হৈ পৰিল, তেওঁলোকে সংগীতেৰে স্বতন্ত্ৰ কেৰিয়াৰ গঢ়াৰ সুযোগ লাভ কৰিলে৷ এইক্ষেত্ৰত জুবিনৰ উদাৰ আৰু সক্ৰিয় সহযোগ মন কৰিবলগীয়া৷ এতিয়া আমি অসমীয়া সমাজত লৈংগিক দ্বিবিভাজনৰ প্ৰশ্নত জুবিনৰ ভূমিকা সম্পৰ্কে কিছু কথা উল্লেখ কৰো৷ পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাই নিৰ্ধাৰণ কৰি দিয়া পুৰুষসত্তা আৰু নাৰীসত্তাৰ (masculinity and femininity) মাজৰ কঠোৰ আৰু অলংঘনীয় বিভাজন জুবিনে অস্বীকাৰ কৰিছিল৷ তেওঁ ওৰে জীৱন এক নৰম পুৰুষসত্তাক প্ৰতিনিধিত্ব কৰিছিল : পুৰুষতন্ত্ৰৰ আদৰ্শ পুৰুষসত্তা বা উগ্ৰ পুৰুষৰ বৈশিষ্ট্যৰাজি তেওঁ উলাই কৰিছিল, বহু সময়ত অপুৰুষসুলভ (non-masculine) বা নাৰীসুলভ (feminine) আচৰণ কৰিছিল৷ জুবিনক আমি বহুতো সংঘাতত লিপ্ত হোৱা দেখিছো, প্ৰতিবাদ কৰা দেখিছো; কিন্তু হিংসাত্মক আচৰণ কৰা বা মনোভাব পোষণ কৰা দেখা নাই৷ কৰ্তৃত্বশীলতা তেওঁৰ ব্যক্তিত্বত নাছিল৷ ওজন কমাৰ ভয়ত ভদ্ৰ পুৰুষে কৰিবলৈ কল্পনাও কৰিব নোৱৰা অলেখ পাতল ধেমালি-ধুমুলা তেওঁ কৰি ভাল পাইছিল৷ মঞ্চত তেওঁ উচুপি কান্দি উঠিব পাৰিছিল৷ আনহাতে, বেশ-ভূষাৰ বাবে তেওঁক পৰম্পৰাবাদী মহলে আগতে দেখিব নোৱাৰিছিল৷ জুবিন বুলি ক’লে পোনতেই মনলৈ অহা ছবিখন হ’ল দীঘল চুলি থকা আৰু কাণফুলি পিন্ধা সেই কোমল মুখৰ যুৱকজন, যি ‘ছোৱালীৰ নিচিনা’৷ পোছাক-পৰিচ্ছদৰ ক্ষেত্ৰত তেওঁ সৃষ্টিশীল ফেছন ছেন্সেৰে এনে কিছুমান নতুন নতুন বস্তু যোগ দিছিল যাক লৈংগিক সংজ্ঞাৰে বান্ধিব নোৱাৰি৷ এনেকৈ জুবিনে নিজৰ জীৱনচৰ্যাৰ জৰিয়তে পুৰুষসত্তা আৰু নাৰীসত্তাৰ পুৰুষতান্ত্ৰিক দ্বিবিভাজন অতিক্ৰম কৰাৰ বাবে এটা আদৰ্শ দাঙি ধৰিছিল৷
জুবিন হ’ল বিশ্বায়নৰ যুগৰ শিল্পী৷ বিশ্বায়নে সূচনা কৰা সামাজিক ৰূপান্তৰৰ প্ৰেক্ষাপটতেই তেওঁৰ সাংগীতিক যাত্ৰা আৰু সামাজিক ভূমিকাৰ আলোচনা কৰা যুগুত৷ গোলকীয় পৃথিৱীত অসমীয়া যুৱ সত্তাটোৰ প্ৰতিভূ হ’ল জুবিন৷ গোলকীয় সমাজখনত অসমীয়া সত্তাটো কেনেধৰণৰ হ’ব তাৰ এটা আদৰ্শ প্ৰতিমা দাঙি ধৰিছিল জুবিনে, যিটো প্ৰতিমা একাধাৰে বিশ্বনাগৰিকীয় আৰু আমূলপ্ৰোথিত, cosmopolitan or global and deeply rooted. বিশ্বায়নৰ পৰস্পৰসংযুক্ত, সদাপৰিবৰ্তনশীল আৰু অনিশ্চয়তাপূৰ্ণ পৃথিৱীত কেনেকৈ নিজৰ ভৰিৰ খোপনি ৰাখি আগুৱাই যাব পাৰি তাৰ সাহস হ’ল জুবিন, কেনেকৈ নিজৰ সাংস্কৃতিক শিপা অটুট ৰাখিব পাৰি তাৰ নিদৰ্শন হ’ল জুবিন৷ নতুন জীৱনৰ এই যাত্ৰাত যুৱচামৰ চিৰন্তন সংগী আছিল জুবিন৷ আনহাতে, তাহানি কেছেটৰ ক’ভাৰ ফটোত থকা কোমল বয়সীয়া জুবিনজনৰপৰা জীৱনান্তৰ বয়সিয়াল জুবিনজনলৈকে — জুবিন সদায়েই আছিল প্ৰাণোচ্ছল, কেৰিজ্মেটিক আৰু ফেছনেবল৷ তেওঁ অসমৰ একমাত্ৰ ফেছন আইকন হিচাপে কেইবাটাও প্ৰজন্মক প্ৰভাৱিত কৰি আহিছে৷ কিন্তু ততোধিক কথাটো হ’ল, নব্বৈৰ দশকৰপৰা এতিয়ালৈকে হাজাৰ-লাখ ফটো-ভিডিঅ’ৰ মাজত জিলিকি থকা এই জুবিনজন হৈ আহিছে যুৱ মনৰ আকাংক্ষা আৰু কল্পনাৰ বাহক, সাফল্য আৰু উচ্চতাৰ অনুকৰণীয় আদৰ্শ৷ এনেকৈ জুবিনে বিশ্বায়নৰ পটভূমিত অসমীয়া যুৱ মনটোক পথ প্ৰদৰ্শন কৰি আহিছে — তাক সপোন দেখিবলৈও শিকাইছে আৰু নিজক হেৰুৱাই নেপেলাবলৈও শিকাইছে৷ যুৱ মনৰ বাবে জুবিন হ’ল cultural resilienceঅৰ নামান্তৰ৷
বিশ্বায়নে আমাৰ সমাজত সূচনা কৰা ব্যক্তিকৰণ (individuation or individualization) প্ৰক্ৰিয়াৰ এটা অনুঘটক হিচাপে কাম কৰিছিল জুবিনৰ কণ্ঠই৷ অসমৰ সামাজিক ৰূপান্তৰত এইটো হ’ল জুবিনৰ এটা সবাতোকৈ ডাঙৰ অৱদান৷ এই প্ৰক্ৰিয়াটোৰ বিষয়ে বুজিবলৈ আমি প্ৰথমতে দুটামান তাত্ত্বিক কথা উল্লেখ কৰা দৰকাৰ৷ Ulrich Beckএ ব্যক্তিকৰণ প্ৰক্ৰিয়াটোক দ্বিতীয় আধুনিকতাৰ (second modernity) এটা প্ৰধান বৈশিষ্ট্য হিচাপে চিহ্নিত কৰিছে৷ ইউৰোপত ঔদ্যোগিক বিপ্লৱ আৰু আলোকদীপ্তিয়ে যিটো ঐতিহাসিক আধুনিকতাৰ ধাৰাক প্ৰতিনিধিত্ব কৰে তাক বোলা হৈছে প্ৰথম আধুনিকতা৷ আনহাতে, প্ৰথম আধুনিকতাৰ আধাৰতে পৰৱৰ্তী সময়ত উদ্ভৱ হোৱা সামাজিক ৰূপান্তৰৰ নৱতম ধাৰা হৈছে দ্বিতীয় আধুনিকতা, যাৰ প্ৰধান ৰূপ হৈছে reflexive modernization বা আধুনিকতাৰ এক আত্মসমালোচনাত্মক আত্মপৰিবৰ্তন৷ এই দ্বিতীয় আধুনিকতাই এক গভীৰতৰ ব্যক্তিকৰণ প্ৰক্ৰিয়াৰ সূচনা কৰে৷ প্ৰথম আধুনিকতাত স্বয়ংক্ৰিয়ভাৱে ধৰি লোৱা হৈছিল যে ব্যক্তি (individual) হ’ল এক স্বয়ংসম্পূৰ্ণ সত্তা৷ কিন্তু দ্বিতীয় আধুনিকতাত ব্যক্তিক ‘পৰিচিতি’ৰ সলনি এটা ‘কৰ্ম’লৈ (task) ৰূপান্তৰিত কৰা হ’ল — মানুহ নিজে নিজেই ব্যক্তি হৈ নাযায়, বৰং তেওঁলোকে নিজকে ব্যক্তি হিচাপে গঢ়ি তোলাৰ কৰ্মটো সম্পাদন কৰিব লাগিব আৰু তাৰ পৰিণামসমূহ মোকাবিলা কৰিব লাগিব৷ ব্যক্তিকৰণৰ এই প্ৰক্ৰিয়াটোক বেকে institutionalized individualism বুলিও কৈছে৷ আধুনিক সমাজৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানবিলাকে ব্যক্তিক উদ্দেশ্য কৰিহে কাম কৰে, কোনো গোট বা সমুদায়ক উদ্দেশ্য কৰি নহয়৷ নাগৰিক, ৰাজনৈতিক আৰু সামাজিক অধিকাৰসমূহ; চাকৰি-বাকৰি আৰু তাৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ তথা গতিশীলতা — এই সকলোবিলাকৰে কেন্দ্ৰবিন্দু হ’ল ব্যক্তি৷ মানুহে এই অধিকাৰসমূহ যিমানেই আত্মস্থ কৰে আৰু জীৱিকা আহৰণৰ বাবে যিমানেই অৰ্থনৈতিকভাৱে সক্ৰিয় হৈ পৰে, সিমানেই ব্যক্তিকৰণৰ প্ৰক্ৰিয়াটো আগ বাঢ়িবলৈ ধৰে৷ সি যি নহওক, দ্বিতীয় আধুনিক সমাজত বিষয়ীগত আৰু বস্তুগত বিশ্লেষণৰ (subjective and objective analysis) মাজত, শ্ৰেণী আৰু চেতনাৰ মাজত পাৰ্থক্যৰ তাৎপৰ্য হেৰাই গৈছে৷ ব্যক্তিকৰণক নিছক এটা বিষয়ীগত ঘটনা হিচাপে বা মনোগত বাস্তৱতা হিচাপে অভিহিত কৰিব নোৱাৰি — যিটোক বস্তুগত শ্ৰেণী বিশ্লেষণৰ আলোকত বিচাৰ কৰি তাৰ মূল্য আৰু ভুল-শুদ্ধ নিৰ্ণয় কৰিব পাৰি৷ কিয়নো ব্যক্তিকৰণে কেৱল উপৰিসৌধকে (মতাদৰ্শ) প্ৰভাৱিত নকৰে, বৰং শ্ৰেণীৰ অৰ্থনৈতিক ভিত্তিকো প্ৰভাৱিত কৰে৷ “. . . the individual is becoming the basic unit of social reproduction for the first time in history.” গতিকে — “. . .individualization is becoming the social structure of second modern society itself.” (Ulrich Beck and Elisabeth Beck-Gernsheim, Individualization: Institutionalized Individualism and its Social and Political Consequences, SAGE Publications, 2002, p. xxii) আমাৰ বোধেৰে, উপৰোক্ত তাত্ত্বিক ধাৰণাৰাজি আমি সাম্প্ৰতিক ভাৰত তথা অসমৰ প্ৰেক্ষাপটত প্ৰয়োগ কৰিব পাৰো৷ বিশ্বায়নৰ লগে লগে আমাৰ ইয়াত এক দ্বিতীয় আধুনিকতাৰ আৰম্ভ হৈছে আৰু সি এক গভীৰ ব্যক্তিকৰণ প্ৰক্ৰিয়াৰ সূচনা কৰিছে৷ উপৰোক্ত প্ৰাতিষ্ঠানিক কাৰকসমূহৰ উপৰি আন ভালেমান গুৰুত্বপূৰ্ণ কাৰক পৰিলক্ষিত হয় — প্ৰেমৰ জাগৰণ, কুটুম্বিতা আৰু গ্ৰাম্য সমাজৰ খহনীয়া, যৌথ পৰিয়ালৰ ভাঙোন, চহৰমুখী প্ৰব্ৰজন আদি; শেহতীয়াভাৱে ৰাষ্ট্ৰ-নিৰ্দেশিত বিভিন্ন পৰিচিতি ডকুমেণ্টৰ আৱিৰ্ভাৱ, হিতাধিকাৰী-ভিত্তিক ৰাজনীতি, ম’বাইল ফোন, ছ’চিয়েল মেডিয়া আদিৰ প্ৰভাৱ৷ নব্বৈৰ দশকত বিশ্বায়নে ত্বৰান্বিত আৰু ঘনীভূত কৰা ব্যক্তিকৰণৰ প্ৰক্ৰিয়াটো অসমৰ সমাজত আজিও চলি আছে৷ বিশেষভাৱে নব্বৈৰ দশকৰপৰা একবিংশ শতিকাৰ প্ৰথম দশকলৈকে সময়ছোৱাত এই প্ৰক্ৰিয়াটোৰ এটা গুৰুত্বপূৰ্ণ উপাদান আছিল জুবিনৰ গান৷ (এই ধাৰণাটো আমি প্ৰথম দাঙি ধৰিছিলো ২০২০ চনত লিখা ‘মন যায় : একবিংশ শতিকাৰ সাৰ্থক প্ৰেমৰ গান’ প্ৰবন্ধটোত৷ ইয়াত তাৰ আলোচনাখিনিকে অলপ পৰিমাৰ্জন-পৰিবৰ্ধন কৰি তুলি ধৰিব খুজিছো৷) তাৰ পৰৱৰ্তী সময়ত আৰ্থ-সামাজিক পৰিবৰ্তনৰ লগতে ঘাইকৈ ছ’চিয়েল মেডিয়া আৰু হিন্দু জাতীয়তাবাদী ৰাজনীতিৰ আধিপত্যই ছবিখন সলনি কৰি পেলালে৷
নিজৰ অজ্ঞাতেই জুবিন হৈ পৰিছিল অসমৰ সমাজজীৱনত ঘটি থকা ব্যক্তিকৰণ প্ৰক্ৰিয়াৰ এটা নিৰ্ণায়ক উপাদান৷ সেয়া আছিল অসমৰ সামাজিক ইতিহাসৰ এটা সন্ধিক্ষণ, এটা যুগান্তৰৰ মুহূৰ্ত৷ ইতিমধ্যে গ্ৰাম্য সমাজখন লাহে লাহে ভিতৰৰপৰা ভাগি পৰিবলৈ ধৰিছিল৷ চহৰলৈ হোৱা প্ৰব্ৰজন আৰু তাৰ প্ৰতি সাধাৰণ আকৰ্ষণ বৃদ্ধি পাইছিল। দূৰৈত শুনিবলৈ পোৱা গৈছিল বিশ্বায়নে কঢ়িয়াই অনা নতুনৰ পদধ্বনি। ক্ৰমবৰ্ধমান সামাজিক গতিশীলতাৰ স্বপ্নই অনুপ্ৰাণিত কৰিছিল যুৱ প্ৰজন্মক — নতুন চেতনা আৰু আকাংক্ষাই লাহে লাহে মূৰ দাঙি উঠিছিল। আৰু জুবিনৰ প্ৰেমৰ গানে এই যুৱ প্ৰজন্মৰ চেতনা আৰু আকাংক্ষাকেই প্ৰতিনিধিত্ব কৰিছিল। আচলতে প্ৰেম বস্তুটো নিজেই এটা সামাজিক বিদ্ৰোহৰ নামান্তৰ, আৰু ব্যক্তিকৰণ প্ৰক্ৰিয়াৰ এটা গুৰুত্বপূৰ্ণ অনুঘটক৷ যাক আমি আজি প্ৰেম বুলি কওঁ, সি হ’ল এটা আধুনিকতাৰ বস্তু৷ আমাৰ নিচিনা জাতি, বৰ্ণ, ধৰ্ম, বয়স, লিংগ আদি সকলো দিশৰপৰাই বৈষম্য আৰু পদানুক্ৰমৰদ্বাৰা ভাৰাক্ৰান্ত এখন সমাজত প্ৰেম আজিও এটা খাপ নোখোৱা অসম্ভৱ বস্তু৷ প্ৰেম কৰাটো ইয়াত আজিও প্ৰত্যাহ্বানমূলক আৰু যন্ত্ৰণাদায়ক৷ সেয়ে জনপ্ৰিয় সংস্কৃতিত প্ৰেমে এটা অন্তহীন আৰু চিৰন্তন ফেণ্টাছিৰ ৰূপ পৰিগ্ৰহ কৰিছে৷ প্ৰেম এনে এটা ফেণ্টাছি যাৰ জৰিয়তে প্ৰকাশ পায় সামাজিক দ্বন্দ্ব আৰু সমস্যাসমূহ, যাৰ জৰিয়তে অনুভৱ কৰিব পাৰি সামাজিক বৈষম্য আৰু পদানুক্ৰমসমূহৰ অস্তিত্ব, আৰু যাৰ জৰিয়তে দেখিব পাৰি সামাজিক মুক্তিৰ স্বপ্ন। সি যি নহওক, এটা অন্তৰ্লীন শক্তি হিচাপে প্ৰেমে ব্যক্তিৰ আত্মঘোষণাক নিশ্চিত কৰে আৰু ব্যক্তিকৰণ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে৷ এনে অৱস্থাত জুবিনৰ প্ৰেমৰ গানসমূহ অসমীয়া যুৱ মনটোৰ বাবে হৈ পৰিছিল জীৱনৰ সাৰথি আৰু আত্মবিকাশৰ অৱলম্বনস্বৰূপ৷ কিন্তু ইয়াৰ উপৰি, জুবিনৰ গানৰ আন এটা সূক্ষ্মতৰ আয়তন আছিল যাৰ সৈতে যুৱ মনটোৰ অংগাংগী সম্বন্ধ পৰিলক্ষিত হয়৷ জুবিনৰ গানত যুৱপ্ৰজন্মৰ নতুন চেতনা আৰু আকাংক্ষাসমূহ বৈ আছিল নদীৰ তলৰ গভীৰ সোঁতৰ দৰে — যাক ওপৰত দেখা পোৱা নাযায়, কিন্তু অনুভৱ কৰিব পৰা যায় যাৰ উপস্থিতি। এই অদৃশ্য দিশটো দেখিবৰ বাবে প্ৰথমে বুজিব লাগিব তেওঁৰ গানত বিৰাজমান বিমূৰ্ততাৰ চৰিত্ৰ৷
জুবিনৰ প্ৰেমৰ গানবিলাকৰ মূল চৰিত্ৰ হ’ল বিমূৰ্ততা৷ আধুনিক গানৰ কথা ক’বলৈ গ’লে, জুবিনে তেওঁৰ দীঘলীয়া সাংগীতিক যাত্ৰাত বিভিন্ন গীতিকাৰৰ বিভিন্নধৰণৰ গান গাইছে আৰু সেইবিলাকৰ মাজত ভাব-ভাষাৰ তাৰতম্য আছে৷ তথাপি তাৰ মাজত সৰহভাগেই হ’ল প্ৰেমৰ গান; আনহাতে, তেওঁৰ বৈশিষ্ট্যসূচক ঘাই ঘাই আৰু বিখ্যাত গানবোৰৰ অধিকাংশ তেওঁ নিজেই লিখা৷ এই প্ৰেমৰ গানবোৰত এটা ভাবগত আৰু ভাষাগত বিমূৰ্ততা দেখিবলৈ পোৱা যায়৷ ইয়াৰ ছাঁ বহু সময়ত আন বিষয়ৰ গানবোৰতো বিদ্যমান৷ সি যি নহওক, ‘হাঁহিলে তুমি মুকুতামণি সৰে’, ‘জোনাকে কাণে কাণে আহি ক’লে’, ‘মায়া মাথোঁ মায়া’, ‘প্ৰীতিৰ সুবাসে’, ‘মনৰ নিজানত’, ‘এতিয়া হিয়া মোৰ বৰষে তোমালে’, ‘অলকানন্দা ওঁঠৰ পাহি যেন’, ‘এন্ধাৰ হ’ব নোৱাৰো’, ‘হঠাতে হেৰাল কেনিনো’ আদি বিভিন্ন সময়ৰ বহুতো গান আমি এই প্ৰসংগত বিবেচনা কৰিব পাৰো৷ এই গানবোৰ শুনিলে এটা মূল ভাব বা সূত্ৰ ধৰি উলিয়াবলৈ কোনো অসুবিধা নহয় — বোলে এইটো বিৰহৰ গান, বোলে এইটোত প্ৰেমিকাৰ বাবে অধীৰ অপেক্ষা চিত্ৰিত হৈছে, বোলে এইটোত প্ৰেমৰ মহিমাই জীৱনটো সঞ্জীৱিত কৰি তোলাৰ কথা কোৱা হৈছে, ইত্যাদি ইত্যাদি৷ কিন্তু তাতকৈ অধিক বুজিবলৈ অসুবিধা৷ কিয়নো জুবিনৰ গানত লিৰিক্সে নিজে স্পষ্টভাৱে বেছি কথা নকয় — যি ক’ব লাগে উপমা, প্ৰতীক আৰু চিত্ৰকল্পই কয়; আঁৰত লুকাই থকা অৰ্থপূৰ্ণ নীৰৱতাখিনিয়ে কয়; তেওঁৰ কণ্ঠৰ ক্ৰীড়া-কেলিয়ে কয়৷ এই সকলো মিলি তেওঁৰ গানত এক আশ্চৰ্যকৰ বিমূৰ্ততাৰ সৃষ্টি কৰিছে — য’ত অস্পষ্টতা আছে, ধূসৰতা আছে, ৰহস্য আছে, আৰু আছে অলেখ সম্ভাৱনা৷ এই বিমূৰ্ততা প্ৰকাশৰ অক্ষমতা নহয়, বৰং গানৰ প্ৰকাশিকা শক্তিৰে এক অভিনৱ, উদ্দাম আৰু সতেজ ৰূপ৷ এই বিমূৰ্ততাই হ’ল জুবিনৰ গানৰ আচল শক্তি, জুবিনৰ মেজিক৷ এতিয়া কথা হ’ল, জুবিনে নিজৰ ধৰণে প্ৰেমৰ গানবোৰক কংক্ৰিট ৰূপ দিবলৈ ধৰা হ’লে হয়তো সেইবোৰ হৈ পৰিলেহেঁতেন কিছুমান নিছক প্ৰেমৰ গান — আন একো নহয়। কিন্তু এতিয়া বিমূৰ্ততাই তাৰ মাজলৈ কঢ়িয়াই আনিলে যুৱপ্ৰজন্মৰ চেতনাৰ নিৰ্যাস। প্ৰেমৰ গানবোৰ চালিজাৰি চালে দেখা যায় যে সেইবোৰত প্ৰেমিকা, আনকি প্ৰেমো হ’ল মাত্ৰ এটা অজুহাতহে। তাৰ আলম লৈ গানসমূহত মেলি দিয়া হৈছে অনুভৱৰ এখন বিশাল জাল — য’ত প্ৰকাশ পাইছে যুৱ মনৰ নিভৃত কোণৰ এটি এটি অনুভৱ আৰু আকাংক্ষা। কিন্তু এই জালখনৰ কোনো সীমা নাই, সি গৈ গৈ হয়তো আকাশকো ছুইছেগৈ। এই অনুভৱ আৰু আকাংক্ষাৰো কোনো সংজ্ঞা নাই। সংজ্ঞায়িত কৰা আৰু সীমা নিৰ্ধাৰণ কৰা মানেই হ’ল সীমাবদ্ধতা আৰোপ কৰা, সকলো সম্ভাৱনা নিঃশেষ কৰি দিয়া। কিন্তু জুবিনৰ গান এই সকলোৰেপৰা মুক্ত। আনকি অনামিকা, মায়া আদি এলবামৰ নামবিলাকেও এই সীমাহীনতা তথা ৰহস্যকেই প্ৰতিফলিত কৰে। অনামিকা — যাৰ কোনো নাম নাই, যাক সংজ্ঞায়িত কৰিব নোৱাৰি; মায়া — যি ৰহস্যময়। যি ‘কলিজা ৰঙা কৰি উজলি’ আছে, ‘ফুলৰ পাহে পাহে মেঘৰ আঁৰে আঁৰে’ নীৰৱে লুকাই আছে, যাৰ বাবে চিৰব্যাকুল প্ৰেমিক হৃদয় বাট চাই আছে — অথচ যাৰ শৰীৰী সাক্ষাৎ পাবলৈ নাই। প্ৰেম-অনুভৱৰ এনেধৰণৰ ব্যাপক আত্মনিষ্ঠ উদযাপন অসমীয়া সংগীতৰ ইতিহাসত বিৰল। প্ৰকৃততে এই প্ৰেমৰ গানবোৰ হ’ল যুৱপ্ৰজন্মৰ বিষয়ীসত্তাৰ (subjectivity) এক স্বগতোক্তিস্বৰূপ। ঠিক স্বগতোক্তি বুলিলেও হয়তো পৰ্যাপ্ত নহ’ব, যদিহে সি একমুখী বক্তব্যক সূচায় — সি হ’ল এই বিষয়ীসত্তাৰ নিজৰ লগতেই এক আলাপ। এই আলাপৰ জৰিয়তে যি আধুনিক সংবেদনশীলতা (modern sensibility) প্ৰকাশ পাইছে আৰু বিকাশ লাভ কৰিছে, সেয়া সমসাময়িক আন কোনো সাংস্কৃতিক সৃষ্টিৰ মাজত পাবলৈ নাই। গতিকে চমুকৈ এনেদৰে ক’ব পাৰি যে জুবিনৰ বিমূৰ্ত প্ৰেমৰ গানসমূহৰ জৰিয়তে সেই সময়ৰ যুৱপ্ৰজন্মৰ নতুন সামাজিক চেতনা আৰু আকাংক্ষাই প্ৰাণ পাই উঠিছিল। আনহাতে, তেওঁৰ অধিকাংশ প্ৰেমৰ গানত ব্যাপ্ত হৈ আছে এক বিষাদবোধ৷ এই বিষাদবোধে যুৱপ্ৰজন্মৰ আন এটা জৰুৰী আনুভূতিক প্ৰয়োজন পূৰণ কৰিছিল৷ অকলশৰীয়া সংগ্ৰামে তেওঁলোকক ভাগৰুৱা কৰিছিল, উত্তৰণ প্ৰচেষ্টাৰ বিফলতাই তেওঁলোকক হতাশ কৰিছিল, কুটুম্বিতা আৰু সামুদায়িক জীৱনৰ খহনীয়াই তেওঁলোকৰ মনত শূন্যতাৰ সৃষ্টি কৰিছিল, প্ৰব্ৰজনে তেওঁলোকক ছিন্নমূল হোৱাৰ কষ্ট দিছিল, আৰু চহৰীয়া জীৱনৰ অনিশ্চয়তা-নামহীনতাই (uncertainty-anonymity) তেওঁলোকক অৰ্থহীনতা আৰু উদ্বেগত ভোগাইছিল৷ এই সকলোৰে গেদ জমা হৈ হৈ তেওঁলোকৰ হৃদয়ত সৃষ্টি হৈছিল এক গভীৰ পীড়ন — এক existential angst. এই পীড়নটোৱে প্ৰকাশৰ বাট বিচাৰি পাইছিল জুবিনৰ গানত ব্যাপ্ত বিষাদবোধৰ মাজেৰে, তেওঁৰ কণ্ঠত ফুটি উঠা কাৰুণ্যৰ মাজেৰে৷ জুবিনে গানত টনা দীঘলীয়া সুৰটোৱে, তেওঁ মৰা চিয়ঁৰটোৱে যেন যুৱ মনৰ দুখ-যন্ত্ৰণা উৰুৱাই লৈ গৈছিল; তেওঁ চেপি জোৰ দি কঠিন মাতেৰে গোৱা সুৰটোৱে যেন যুৱ মনটোক হেঁচা মাৰি ধৰি চকুপানী বাহিৰ কৰি দিছিল৷ জুবিনৰ কণ্ঠ হৈ উঠিছিল অসমীয়া যুৱ মনৰ catharsis. নতুনৰ যাত্ৰাত যুৱ মনৰ বাবে তেওঁৰ কণ্ঠটো আছিল এক sense of belonging. সি যি নহওক, এনেকৈয়ে সুখে-দুখে সংগ দি জুবিনৰ গানে যুৱমনটোক ব্যক্তিকৰণৰ বাটেদি আগ বঢ়াই লৈ গৈছিল৷ কিন্তু ইয়াক কেৱল অনুঘটক বুলি ক’লে ভুল হ’ব৷ জুবিনৰ গানে যুৱমনটোক দিছিল এক আনুভূতিক গভীৰতা আৰু ধীশক্তি, জীৱনৰ প্ৰতি এক সতৃষ্ণ আৰু উদ্ভাৱনী মনোভাব, বহল পৃথিৱীখন উন্মোচন কৰাৰ বাবে ঔৎসুক্য আৰু হাবিয়াস৷ গতিকে ব্যক্তিকৰণৰ চিৰাচৰিত পথেৰে অসমীয়া যুৱমনটোৱে গতি কৰা নাছিল৷ ব্যক্তিকৰণৰ প্ৰক্ৰিয়াটোৱে আনি দিয়া প্ৰধান প্ৰশ্নটো হ’ল, ইয়াৰ অৱশ্যম্ভাৱী পৰিণাম নব্য উদাৰতাবাদে পোষকতা কৰা নাৰ্চিছিষ্টিক possessive individualism নেকি? থাওকতে ইয়াৰ সন্তোষজনক উত্তৰ পোৱা টান৷ তথাপি সাধাৰণভাৱে ক’ব পাৰি যে বিশ্বায়নে আমাৰ সমাজখন যেনেধৰণে ৰূপান্তৰিত কৰি নিব লাগিছে, হয়তো আমি লাহে লাহে সেইটো পৰিণামৰ ফালেই আগ বাঢ়ি গৈ আছো৷ কিন্তু দুই-তিনিটা দশক আগলৈকে কথাবোৰ ঠিক তেনেকুৱা নাছিল : বিশ্বায়নৰ সামাজিক প্ৰতিশ্ৰুতি আছিল প্ৰগতিশীল; সি যুৱ প্ৰজন্মৰ চকুত ধৰা দিছিল আশাবাদ, অন্বেষণ আৰু গতিশীলতাৰ ৰূপত৷ জুবিনেও নিশ্চয় তাক সেই ৰূপতেই অনুভৱ কৰিছিল, আৰু সেইবাবেই তাৰ অস্ফুট প্ৰতিধ্বনি শুনিবলৈ পোৱা গ’ল তেওঁৰ গানৰ মাজত৷ তেওঁৰ গানৰ বিমূৰ্ততাৰ মাজত বিয়পি পৰিল নতুন যুগৰ আশাবাদ, অন্বেষণ আৰু গতিশীলতা৷ তেওঁৰ গানে যুৱমনটোক ব্যক্তিকৰণ প্ৰক্ৰিয়াত কেৱল আগ বঢ়ায়েই দিয়া নাছিল, নতুন জীৱনৰ সদৰ্থক সম্ভাৱনাবিলাকো দেখুৱাই দিছিল আৰু তাৰ মুখামুখি হ’বৰ বাবে গঢ়ি দিছিল আনুভূতিক ঐশ্বৰ্যৰে সমৃদ্ধ এক বিষয়ীসত্তা৷ এনেকৈ জুবিনৰ কণ্ঠ হৈ উঠিছিল নতুন জীৱনৰ সূত্ৰধাৰ৷
ব্যক্তিকৰণ প্ৰক্ৰিয়াৰ অনুঘটক হিচাপে জুবিনৰ ভূমিকাটো মূলতঃ নব্বৈৰ দশকৰ ঘটনা, যাৰ সম্প্ৰসাৰিত ৰূপটো মোটামুটি একবিংশ শতিকাৰ প্ৰথম দশকলৈকে আছিল৷ তাৰ বিপৰীতে সামগ্ৰিক দৃষ্টিত জুবিনৰ পৰৱৰ্তী গানবিলাকত সমসাময়িক সামাজিক পৰিবৰ্তনৰ সূক্ষ্ম অন্তৰংগ ছবি পাবলৈ টান৷ একবিংশ শতিকাৰ চৰিত্ৰবিশিষ্ট গান জুবিনৰ প্ৰায় নাই বুলিব পাৰি৷ এই সময়ছোৱাত জুবিনে যুগ অনুসৰি নিজক পুনৰাৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰাৰ সলনি ঘাইকৈ নিজকে পুনৰাবৃত্তি কৰি যোৱাতেই সন্তুষ্ট থাকিল যেন বোধ হয়৷ পৰিবৰ্তনৰ যিটো সামাজিক প্ৰক্ৰিয়াই জুবিনৰ গানত প্ৰাণসঞ্চাৰ কৰি তাক যুগ-চেতনাত পৰিণত কৰিছিল, সেই প্ৰক্ৰিয়াটো এটা নতুন পৰ্যায়ত উপনীত হৈছিল। কিন্তু জুবিনৰ গানত এই নতুন পৰ্যায়টোৰ পদচিহ্ন নবহিল। ব্যৱহৃত হৈ হৈ বিমূৰ্ততাৰ সম্ভাৱনাসমূহ লোপ পাবলৈ ধৰিছিল, আৰু সি হৈ পৰিছিল অভ্যস্ত চিন্তাৰ নিস্তেজ পুনৰাবৃত্তি। জুবিনে যি ঐতিহ্য ইতিমধ্যে প্ৰতিষ্ঠা কৰিছিল, তাৰপৰা বিভিন্ন লাম-লাকটু লৈ, শব্দ-চিত্ৰকল্প লৈ অহৰহ নতুন নতুন গান সৃষ্টি হৈ আছিল। কিন্তু কিছু ব্যতিক্ৰমক বাদ দিলে সেইবোৰত আগৰ দৰে প্ৰাণ নাছিল, ‘অনামিকা’ৰ যুগৰ সেই উদ্দামতা আৰু সতেজতা হেৰাই গৈছিল। সি যি নহওক, এই সমস্ত আশাহীনতাৰ মাজতে এটা গানৰ সৃষ্টি হৈছিল, যিটোৱে অকলেই সেই অভাৱ বহু পৰিমাণে পূৰণ কৰিবলৈ সক্ষম হৈছিল৷ ২০০৮ চনৰ ‘মন যায়’ চিনেমাত সন্নিৱিষ্ট হোৱা, দিগন্ত ভাৰতীয়ে লিখা ‘মন যায়’ গানটো হ’ল একবিংশ শতিকাৰ সাৰ্থক প্ৰেমৰ গান — যাৰ মাজত অনুভৱ কৰিব পাৰি নতুন যুগৰ স্পন্দন, পাব পাৰি একবিংশ শতিকাৰ ‘ফিল’টো৷ (আমাৰ ‘মন যায় : একবিংশ শতিকাৰ সাৰ্থক প্ৰেমৰ গান’ প্ৰবন্ধ দ্ৰষ্টব্য৷) উল্লেখযোগ্য যে ভাৰতত বিশ্বায়নৰ সূচনা যদিও নব্বৈৰ দশকতেই হৈছিল, তাৰ সামাজিক প্ৰভাৱসমূহ পূৰ্ণাংগ আৰু গভীৰ ৰূপত আমাৰ সমাজত দেখা দিওঁতে একবিংশ শতিকা সোমাইছিলহি। উদাৰীকৰণ, বেচৰকাৰীকৰণ আৰু বিশ্বায়নৰ একত্ৰিত আক্ৰমণৰ ফলস্বৰূপে সমাজত এক সৰ্বাত্মক পৰিবৰ্তন সংঘটিত হৈছিল। এফালে কৃষি অৰ্থনীতি ভাগি পৰিছিল, আনফালে চৰকাৰী সেৱামূলক ব্যৱস্থাসমূহ জহি-খহি যাব ধৰিছিল, সকলো বস্তু আৰু সেৱা পণ্যত পৰিণত হৈছিল, ক্ৰমবৰ্ধমান মূল্যবৃদ্ধি হৈছিল, টকাৰ প্ৰয়োজন ক্ৰমাৎ বাঢ়ি গৈছিল, কৰ্মসংস্থাপন ক্ৰমাৎ দুষ্প্ৰাপ্য আৰু ভয়ংকৰভাৱে প্ৰতিযোগিতামূলক হৈ আহিছিল। এই সকলোবোৰৰ মাজতে সমাজৰ অভ্যন্তৰত ঊৰ্ধ্বমুখী সামাজিক গতিশীলতাৰ প্ৰচণ্ড সোঁত বৈ আছিল; পুৰণি কূপমণ্ডূক গ্ৰাম্য সমাজৰ অচলায়তন ভাঙি গতিশীলতাৰ স্বপ্ন সমাজত ক্ৰমে সাৰ্বজনীন হৈ পৰিবলৈ ধৰিছিল। এনে প্ৰেক্ষাপটত অসমৰ অধিকাংশ যুৱপ্ৰজন্ম এক নতুন অস্তিত্বমূলক সংকটৰ মুখামুখি হৈছিল। তেওঁলোকে গোটেই পৃথিৱীৰ কথা জানিব পাৰিছিল, তাৰ সৈতে আৱেগিক সম্পৰ্ক স্থাপন কৰিব পাৰিছিল; এই বিশ্বায়িত পৃথিৱীত তেওঁলোকে এক নতুন আকাংক্ষিত জীৱনৰ সন্ধান কৰিব খুজিছিল; পুৰণি প্ৰজন্মসমূহৰ সীমিত পৰিসীমা ভেদি তেওঁলোকে যাব বিচাৰিছিল এখন বহল জগতলৈ। সেইবাবেই তেওঁলোকে চিয়ঁৰি উঠিছিল — মন যায়। কিন্তু তেওঁলোকৰ সামৰ্থ্য আছিল তেনেই সীমিত। দাৰিদ্ৰ্য-পশ্চাদপদতাই তেওঁলোকক কোঙা কৰি ৰাখিছিল; সপোনৰ পিছত দৌৰি দৌৰি ভাগৰি তেওঁলোক থমকি ৰৈছিল; প্ৰতিযোগিতাৰ ৰণক্ষেত্ৰত তেওঁলোক ধৰাশায়ী হৈছিল বাৰংবাৰ। গতিকে স্বপ্ন আৰু স্বপ্নভংগৰ আলিদোমোজাত পৰি তেওঁলোকে কৰি উঠিছিল চিৎকাৰ। তেনে এটা চিৎকাৰৰ প্ৰতিধ্বনিয়েই আহি ছিটিকি পৰিছে ‘মন যায়’ গানটোৰ শাৰীয়ে শাৰীয়ে। ‘মন যায়’ গানটোত বৰ্ণিত হৈছে এজন সৎ, দুখীয়া গাঁৱলীয়া যুৱকৰ প্ৰেমৰ কাহিনী। সেই প্ৰেমৰ কাহিনীৰ মাজতেই ধ্বনিত হৈছে নব্য উদাৰতাবাদী যুগৰ অসমীয়া সমাজৰ এক দায়িত্বশীল যুৱকৰ জীৱন সংগ্ৰামৰ ছন্দ, আশা আৰু আশাভংগৰ আৰ্তনাদ। যুৱকজনৰ প্ৰেম-ভাবনাৰ প্ৰতিটো বিন্দুতে আমি দেখিছো দ্বিধা আৰু দ্বন্দ্বৰ পয়োভৰ। প্ৰকৃততে এয়া হ’ল, সাম্প্ৰতিক সময়ৰ যুৱ বিষয়ীসত্তাৰ আত্মোপলব্ধিৰ কৰুণ কাহিনী। এই বিষয়ীসত্তাটো যেনেকৈ নিজৰ আকাংক্ষাক লৈ সচেতন, ঠিক একেদৰে নিজৰ ক্ষুদ্ৰ আৰু অসহায় অস্তিত্বক লৈও সমানেই সচেতন। গতিকে সি কেতিয়াও দায়িত্বজ্ঞানহীন হ’ব নোৱাৰে। সামগ্ৰিকভাৱে ইয়াকেই ক’ব পাৰি যে ‘মন যায়’ গানটো হ’ল একবিংশ শতিকাৰ অসমীয়া যুৱপ্ৰজন্মৰ existential angstৰ মূৰ্ত প্ৰকাশ। স্বাভাৱিক কাৰণতে এই গানটোৰ জনপ্ৰিয়তা আৰু প্ৰভাৱৰ সৈতে আন একোৰে তুলনা নহয় — যুৱ সমাজৰ এটা প্ৰজন্মই হ’ল ‘মন যায় প্ৰজন্ম’৷ (অতি সম্প্ৰতি ঘটা ‘মায়াৱিনী’ গানটোৰ পুনৰ্জন্মৰ কথা বেলেগ৷)
একে সময়তে জুবিন আছিল বিশ্বায়নৰ বিৰুদ্ধে আঞ্চলিক আকাংক্ষা আৰু প্ৰতিৰোধৰ প্ৰতীক৷ সাংস্কৃতিক সমসত্ত্বকৰণৰ বিৰুদ্ধে, পুঁজিৰ লজিকৰ বিৰুদ্ধে বিভিন্ন প্ৰৱণতা তেওঁৰ মাজত সাকাৰ হৈ উঠিছিল৷ ইয়াৰ ভিতৰত সবাতোকৈ উল্লেখনীয় হ’ল সমুদায়ৰ ওপৰত তেওঁৰ বিশ্বাস৷ বিশ্বায়ন হ’ল গোটে-পাতে সমুদায়-বিৰোধী প্ৰক্ৰিয়া৷ আচলতে সমুদায় ভাঙি ব্যক্তিৰ সাৰ্বভৌমত্ব প্ৰতিষ্ঠা কৰাটো পুঁজিবাদৰ চিৰন্তন প্ৰৱণতা৷ এই অৰ্থত পুঁজিবাদ সদায়েই প্ৰগতিশীল৷ সমাজৰ দমনমূলক আৰু শোষণমূলক লৌহ বেষ্টনীৰপৰা ব্যক্তিক মুক্তি দিয়াটোকেই ক্ৰিটিকেল চিন্তাই মুক্তিৰ চূড়ান্ত পৰ্যায় বুলি আৰু সেয়াই মানৱ যন্ত্ৰণাৰ শেষ নিৰসন বুলি বিশ্বাস কৰি আহিছে৷ সমালোচনাৰ কাম হ’ল সেই উদ্দেশ্য হাচিল কৰা; তাৰ পাছত কি হ’ব ভবাৰ প্ৰয়োজন নাই৷ এতিয়া ব্যৱস্থা হিচাপে বিদ্যমান সমাজবাদৰ পতন আৰু পুঁজিবাদৰ বিকল্প হিচাপে সমাজবাদী কল্পনাৰ ক্ৰমাৱক্ষয়ৰ যুগত ব্যক্তিৰ সাৰ্বভৌমত্বই হৈ পৰিছে ক্ৰিটিকেল চিন্তাৰ মূল আদৰ্শ৷ কিন্তু সেই আদৰ্শ প্ৰতিষ্ঠা হোৱাৰ পাছতো পাশ্চাত্যৰ উন্নত পুঁজিবাদী সমাজত মানৱ যন্ত্ৰণাৰ শেষ নিৰসন ঘটা নাই৷ বৰং শেহতীয়াভাৱে সেই সমাজবিলাকত ব্যক্তিয়ে সমুদায়ৰ সন্ধানত হাহাকাৰ কৰি ফুৰা দেখিবলৈ পোৱা গৈছে — পৰিচিতিৰ প্ৰতি মোহান্ধতাৰ সৃষ্টি হৈছে, অথেণ্টিচিটিৰ উদ্ভাৱনত সকলো ব্যস্ত হৈ পৰিছে৷ এয়াতো কোনো আদৰ্শনীয় সমাজৰ ছবি নহয়৷ কিন্তু আমাৰ হাতত এতিয়াও সমুদায় আছে৷ সমুদায়ৰ প্ৰতি সমালোচনাত্মক দৃষ্টিভংগী লৈ আমাৰ সমাজব্যৱস্থাৰ শোষণ-পদানুক্ৰমৰ (exploitation-hierarchy) অৱসান ঘটাই আৰু ব্যক্তিৰ অধিকাৰ প্ৰতিষ্ঠা কৰি নিশ্চয় এখন গণতান্ত্ৰিক সমাজ গঢ়িব পাৰি — সমুদায়ক সম্পূৰ্ণ বিসৰ্জন নিদিয়াকৈ, ব্যক্তিৰ সাৰ্বভৌমত্বক পৰম আদৰ্শ নসজোৱাকৈ, নব্য উদাৰতাবাদী নাৰ্চিছিজমত ভৰি নিদিয়াকৈ৷ এয়া এক বহল আলোচনাৰ বিষয়৷ সি যি নহওক, জুবিনে হয়তো সচেতনভাৱে এইবোৰ কথা ভবা নাছিল৷ কিন্তু তেওঁ সমুদায়ক আজীৱন হৃদয়ত লালন কৰিছিল৷ এইটো তেওঁৰ বিশ্বায়ন-বিৰোধী অৱস্থানৰে প্ৰকাশ৷
অসমীয়া সামুদায়িক চেতনাটো জুবিনে সদায় ঊৰ্ধত তুলি ৰাখিছিল৷ তেওঁ আছিল এজন সঁচা অৰ্থত স্বাভিমানী অসমীয়া৷ অসমীয়া স্বভাৱজাত হীনমন্যতাৰপৰা তেওঁ সম্পূৰ্ণভাৱে মুক্ত আছিল৷ আনহাতে, জুবিন আছিল এক খাঁটি অসমীয়া মানুহ, এক খাঁটি অসমীয়া প্ৰডাক্ট৷ তেওঁৰ একাডেমিক কেৰিয়াৰ ভাল নাছিল৷ তেওঁ বিদেশত সংগীতৰ প্ৰশিক্ষণ ল’বলৈ যোৱা নাছিল৷ অসমৰ সামাজিক-সাংস্কৃতিক জগতৰ বহু পুৰোধা ব্যক্তিয়েই বিদেশলৈ গৈছিল আৰু বিদেশৰ নিৰ্ণায়ক প্ৰভাৱ তেওঁলোকৰ ওপৰত পৰিছিল৷ অসমত তেওঁলোকৰ গ্ৰহণযোগ্যতাৰ ক্ষেত্ৰতো নিশ্চয় ইয়াৰ কিছু প্ৰভাৱ আছিল৷ ইয়াৰ বিপৰীতে জুবিন গঢ় লৈছিল অসমতে থাকি, অসমৰে হাৱা-পানী খাই৷ তেওঁ বলিউডলৈ গৈছিল আৰু তাত প্ৰতিষ্ঠা লাভ কৰিছিল৷ কিন্তু এদিন ঘৰলৈ উভতি আহিছিল আৰু কৈছিল — কাম থাকিলে বলিউড অসমলৈ আহক৷ অসমতে থাকি কিমান ডাঙৰ কাম কৰিব পাৰি সেইটো জুবিনে হাতে-কামে প্ৰমাণ কৰিছিল৷ অসমীয়া সত্তাটোক তেওঁ কাঞ্চনজংঘাৰ দৰে উচ্চ আত্মবিশ্বাস দিছিল৷ বেজবৰুৱাৰ দিনৰেপৰা থকা জাতীয় আক্ষেপক জুবিনে মিছা প্ৰমাণ কৰিছিল৷
উপভোক্তা পুঁজিবাদৰ মাজতে থাকি শিল্পচৰ্চা কৰিলেও তাৰ প্ৰৱণতাসমূহে জুবিনক গ্ৰাস কৰিব পৰা নাছিল৷ বজাৰৰ প্ৰয়োজনত মানুহৰ হেঁচাত তেওঁ হাজাৰৰ পিছত হাজাৰ গান গাইছিল; কিন্তু ইয়াৰ মাজতো ভিতৰি ভিতৰি তেওঁ নিজক হেৰুৱাই পেলোৱাৰ শংকাত ভুগিছিল৷ মানুহে তেওঁক মেচিন বনাই পেলাইছে বুলি শেহতীয়াভাৱে তেওঁ প্ৰকাশ্যে ঘোষণা কৰিছিল আৰু নিজৰ শৈল্পিক সত্তাক ওভতাই পোৱাৰ হাবিয়াস কৰিছিল৷ আনহাতে, নিজৰ আৰ্জিত ধনক তেওঁ নিজৰ সম্পত্তি বুলি গণ্য কৰা নাছিল৷ ৰাইজৰপৰা আহিছে আৰু ৰাইজলৈ গৈছে — এয়াই আছিল তেওঁৰ ধনৰ প্ৰতি মনোভাব৷ চিকিৎসা, পঢ়া-শুনাকে আদি কৰি বিভিন্নধৰণৰ খৰচ বিচাৰি ৰাইজ তেওঁৰ ওচৰলৈ আহিছিল, আৰু তেওঁ সকলোকে পাৰ্যমানে সহায় কৰিছিল৷ নিবিচৰাকৈও অভাৱগ্ৰস্তজনক তেওঁ প্ৰাণ খুলি দান কৰিছিল৷ এইদৰে ধন বিলাই দিয়াৰ অলেখ উদাহৰণ আমি দেখিবলৈ পাইছো৷ ইয়াৰ বিপৰীতে তেওঁ নিজৰ অৰ্থনৈতিক স্বাৱলম্বিতা তথা উন্নতিৰ কথাক লৈ মূৰ ঘমোৱা নাছিল৷ এনেকৈ অসম্ভৱক সম্ভৱ কৰি তুলি জুবিনে পুঁজিৰ লজিকক সাৰ্থকভাৱে প্ৰত্যাখ্যান কৰিছিল৷ পুঁজিৰ প্ৰতি তেওঁৰ এই দৃষ্টিভংগীক philanthropy বুলি ক’ব নোৱাৰি৷ সাম্প্ৰতিক অৰ্থত philanthropy হ’ল নিজৰ কোনোধৰণৰ হানি নোহোৱাকৈ কৰা পৰিকল্পিত আৰু হিচাপী দানকাৰ্য; কাৰ্যটোত আন্তৰিকতা তথা সেৱাৰ মনোভাব থাকিলেও তাক সাধাৰণতে দাতাৰ সামাজিক ভাবমূৰ্তি উজ্জ্বল কৰাৰ স্বাৰ্থত ব্যৱহাৰ কৰা হয় প্ৰচাৰৰ জৰিয়তে৷ কেতিয়াবাতো philanthropy হৈ পৰে বিশুদ্ধ PR exercise. ইয়াৰ বিপৰীতে জুবিনে নিজৰ দানশীলতাৰ কোনো প্ৰচাৰ বিচৰা নাছিল৷ হয়তো তেওঁৰ দৃষ্টিত এয়া আচলতে দানেই নহয় — প্ৰয়োজন অনুসৰি নিজৰ আৰু ৰাইজৰ মাজত ধন ভগাই লোৱাহে, আৰু সেই ধন হ’ল সামুদায়িক সম্পত্তি৷
জুবিনৰ বাবে সমগ্ৰ বিশ্ব চৰাচৰ একেডাল সূতাৰে বন্ধা৷ তেওঁ গছ বৰ ভাল পাইছিল৷ গছ ৰুইছিল, শিশুৰ দৰে পালন কৰিছিল৷ গছৰ ওপৰত উঠিছিল, কেতিয়াবা শুইছিল৷ গছৰ সৈতে ৰাতি ৰাতি কথা পাতিছিল৷ তেওঁ অনুভৱ কৰিছিল যে গছেহে তেওঁক ভালদৰে বুজি পায়৷ একেদৰে, সকলো পশু-পক্ষীৰ প্ৰতি আছিল তেওঁৰ ভালপোৱা; সিহঁতক তেওঁ গণ্য কৰিছিল নিজৰ পৰিয়ালৰ সদস্য হিচাপে৷ বাঘ-অজগৰৰপৰা বান্দৰ-কুকুৰলৈকে, বগলীৰপৰা কুকুৰা পোৱালিলৈকে কিমান কি পশু-পক্ষীক তেওঁ বিপদত সহায় কৰিছিল, মৰম কৰিছিল আৰু সাধ্যানুসৰি সংগ দিছিল সেয়া সঁচাকৈয়ে আশ্চৰ্যকৰ৷ পুঁজিবাদে মানুহৰ বাবে ব্যৱহাৰযোগ্যতাৰ হিচাপতহে বাকী সকলো বস্তুকে বিবেচনা কৰে — এটা বস্তুৰপৰা মানুহে আহৰণ কৰিব পৰা উপকাৰ, লাভ, আনন্দৰ বাবেহে বস্তুটো মূল্যৱান; অন্যথা তাৰ কোনো স্বতন্ত্ৰ মূল্য বা অৰ্থ নাই৷ ইয়াত গোটেই পৃথিৱীখনৰ প্ৰতি মানুহৰ দৃষ্টিকোণ নিৰ্ধাৰণ কৰি দিয়ে ব্যৱহাৰযোগ্যতা বা লাভৰ ধাৰণাই৷ জুবিনৰ দৃষ্টিভংগী আছিল ইয়াৰ বিপৰীত৷ গোটেই জীৱজগত একেই প্ৰাণেৰে প্ৰাণৱন্ত বুলি তেওঁ অন্তঃকৰণেৰে উপলব্ধি কৰিছিল৷ হয়তো তেওঁ জীৱন-জগতৰ মাজত, সমগ্ৰ সৃষ্টিৰ অন্তৰালত এটা মহাজাগতিক ঐক্যৰ অস্তিত্ব অনুভৱ কৰিছিল৷ পুঁজিবাদৰ মুনাফাসৰ্বস্ব দৃষ্টিভংগী আৰু অন্ধ আত্মপ্ৰেমৰ বিপৰীতে জুবিনৰ চেতনা আছিল মহান মানৱতা আৰু পৃথিৱীৰ প্ৰেমেৰে সমৃদ্ধ৷
বৰ্তমান ইণ্টাৰনেট আৰু ছ’চিয়েল মেডিয়াই শাসন কৰা ভাৰ্চুৱেল যুগটো হ’ল curated personalityৰ যুগ, য’ত appearance আৰু realityৰ মাজৰ পাৰ্থক্য নাইকিয়া হৈ পৰিছে৷ আমি সমাজৰ সৰ্বত্ৰ তাৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পাইছো৷ তদুপৰি তেনে মানুহেই আমাৰ হৰ্তা-কৰ্তা-বিধাতা হৈ আছে৷ মানুহে সমাজৰ আগত যি বুলি নিজকে উপস্থাপন কৰিব বিচাৰে, পৰিকল্পিতভাৱে সেইধৰণে উপস্থাপন কৰে, আৰু সেয়াই হৈ পৰে বাস্তৱ৷ উপস্থাপনৰ বাহিৰত বাস্তৱৰ সন্ধান কৰাৰ প্ৰৱণতা এতিয়া অন্তৰ্হিত হ’ব লাগিছে৷ এনে পৰিবেশত জুবিন আছিল এটা ব্যতিক্ৰম৷ তেওঁ আছিল এক authentic personality. তেওঁক আমি যিধৰণে দেখিছিলো, তেওঁ প্ৰকৃততে সেয়াই আছিল৷ কোনো বিশেষভাৱে পৰিকল্পিত উপস্থাপনৰ তেওঁ প্ৰয়োজন অনুভৱ কৰা নাছিল৷ তদুপৰি তেওঁ নতুন political correctnessঅৰো বিৰোধী আছিল, হয়তো নিজৰ অলক্ষিতেই। প্ৰগতিশীল মহলত সম্প্ৰতি আধিপত্য বিস্তাৰ কৰা এই political correctness হ’ল একধৰণৰ ভাষিক আৰু আচৰণগত পৰিচ্ছন্নতা (linguistic and behavioural hygiene)৷ জুবিনে ভাল-বেয়া সকলো কথা খোলাখুলিকৈ কৈছিল মানুহে বেয়া পাব বুলি জানিলেও; নিজৰ ৰাজনৈতিক অশুদ্ধতাক লৈ তেওঁ মূৰ ঘমোৱা নাছিল; সচেতন-কৃত্ৰিম প্ৰগতিশীলতাক তেওঁ অস্বীকাৰ কৰিছিল৷ আনহাতে, তেওঁ cynicismঅক ঘৃণা কৰিছিল৷ বৰ্তমান যুগটোক আমি এক age of cynicism বুলিও ক’ব পাৰো৷ নাৰ্চিছিষ্টিক আগ্ৰাসী ব্যক্তিবাদৰ ই হ’ল অৱশ্যম্ভাৱী পৰিণাম৷ মানুহে নিজে যেনেকৈ স্বাৰ্থসৰ্বস্বতাৰদ্বাৰা পৰিচালিত হয়, বাকী মানুহকো তেনেকুৱা বুলিয়েই ভাবে৷ ইয়াত সকলোৱে সকলোকে সন্দেহ কৰে৷ স্বাৰ্থসৰ্বস্বতা সাম্প্ৰতিক সমাজৰ আদৰ্শ হৈ পৰিব ধৰিছে; গতিকে ইয়াক প্ৰত্যক্ষ-পৰোক্ষভাৱে মানিব নোখোজাসকলক সামাজিক শত্ৰু হিচাপে গণ্য কৰা হয়৷ ইয়াৰ বিপৰীতে জুবিনৰ আছিল মানুহৰ ওপৰত সহজ বিশ্বাস, মানুহৰ শুভবুদ্ধিৰ ওপৰত অসীম আস্থা৷ তেওঁ কাৰো বিষয়ে বেয়াকৈ ভবা নাছিল, আনকি কোনোবাই ক’লেও মানি লোৱা নাছিল৷ এনে মনোভাবৰ বাবে তেওঁ সমস্যাৰ সন্মুখীন হৈছিল, বিপদত পৰিছিল৷ তথাপি তেওঁ নিজৰ মনোভাব সলনি কৰিবলৈ প্ৰস্তুত নাছিল৷ আচলতে মানুহৰ প্ৰতি এনে আন্তৰিকতাপূৰ্ণ মানৱীয় দৃষ্টিভংগী আছিল তেওঁৰ জীৱনাদৰ্শৰ ঘাই ভিত্তি৷
ভিজুৱেল সংস্কৃতিৰ আগ্ৰাসনৰ মাজত জুবিন আছিল শ্ৰাব্য সংস্কৃতিৰ একনিষ্ঠ প্ৰতিভূ৷ জুবিন আছিল এজন সন্ধিক্ষণৰ শিল্পী — এই দুই সংস্কৃতিৰ মাজতে তেওঁৰ অৱস্থান৷ বৰ্তমান ভিজুৱেল সংস্কৃতিয়ে পৃথিৱী জুৰি একাধিপত্য বিস্তাৰ কৰিছে৷ ভিজুৱেল মানে হ’ল দৃষ্টিৰ বস্তু; ইয়াৰ অৱলম্বন হ’ল ইমে’জ, সেয়া ফটোও হ’ব পাৰে বা ভিডিঅ’ও (গতিশীল ইমে’জ) হ’ব পাৰে৷ এজন তাত্ত্বিকৰ মতে, ‘’Visual culture is concerned with visual events in which information, meaning, or pleasure is sought by the consumer in an interface with visual technology.’’ বৰ্তমান পৃথিৱীত ভিজুৱেল সংস্কৃতিৰ একাধিপত্যক তেওঁ ‘’postmodern globalization of the visual as everyday life’’ বুলি কৈছে; আন ভাষাত, ‘’It is not just a part of everyday life, it is everyday life.’’ (Nicholas Mirzoeff, An Introduction to Visual Culture, Routledge, 1999, ‘Introduction’) এনে অৱস্থাত ভিজুৱেলৰ মাজত আমাৰ সকলোৰে জীৱন বুৰ যাব লাগিছে৷ সংগীতৰ ওপৰতো ইয়াৰ ক্ৰমবৰ্ধমান প্ৰভাৱ পৰিছে৷ এতিয়া ভিজুৱেল অবিহনে গান এটা কল্পনা কৰিব নোৱৰা হৈ আহিছে৷ জুবিনে নিজেও বহুতো গানৰ ভিডিঅ’ প্ৰস্তুত কৰিছে, তাত অভিনয় কৰিছে৷ অসমত জুবিনৰ কণ্ঠটোৰ লগতে ভিজুৱেল ৰূপটোও সমানেই প্ৰভাৱশালী৷ আচলতে জুবিনৰ এই দুই ৰূপৰ মাজত কোনোধৰণৰ সীমাৰেখা অংকন কৰিব নোৱাৰি; দুইটা মিলিয়েই জুবিন৷ ক’ব পাৰি যে জুবিনে অসমীয়া সংগীতক শ্ৰাব্য সংস্কৃতিৰপৰা (audio or aural culture) ভিজুৱেল সংস্কৃতিলৈ বোৱাই আনিলে৷ কিন্তু তাৰ মাজতো জুবিন আছিল মূলতঃ শ্ৰাব্য সংস্কৃতিৰ মানুহ৷ তেওঁৰ গান শুনিবৰ বাবে আমাক চকুৰ প্ৰয়োজন নাই; আমি চকু মুদিয়েই ইমান দিনে সেই কণ্ঠৰ অমৃত পান কৰি আহিছো৷ এইখিনিতে আমি এই দুই সংস্কৃতিৰ মাজত থকা গভীৰতৰ পাৰ্থক্য সম্পৰ্কে সচেতন হোৱা দৰকাৰ৷ মানুহৰ অন্তৰংগ জীৱনৰ সৈতে দৰ্শনতকৈ শ্ৰৱণৰ সম্পৰ্ক বেছি৷ দৰ্শনে যদি আমাৰ ভোক গুচায়, আমাৰ আকাংক্ষা নিবাৰিত কৰে, শ্ৰৱণে আমাৰ অন্তৰাত্মাত কঁপনিৰ সৃষ্টি কৰে৷ দৰ্শনে যদি আমুৱায়, শ্ৰৱণে কল্পনাৰ পাখি মেলি দিয়ে৷ অসমীয়া সমাজৰ সংস্কৃতি হ’ল শ্ৰৱণৰ সংস্কৃতি৷ শংকৰ-মাধৱে শ্ৰৱণ-কীৰ্তনৰ জৰিয়তে ঈশ্বৰক পূজিবৰ বাবে শিকাই থৈ গৈছে৷ প্ৰাৰ্থনা হ’ল শ্ৰৱণৰ বস্তু, যাৰ যোগেদি আধ্যাত্মিক চেতনা জাগি উঠে আৰু ঐশ্বৰিক শক্তিৰ সৈতে সংযোগ স্থাপন কৰিব পাৰি৷ তাৰ বিপৰীতে যেতিয়া মানুহে ভগৱানৰ দৰ্শন লাভ কৰে, সেই দিব্য দৰ্শনে তাৰ উজ্জ্বলতা আৰু বাহুল্যৰে মানুহক গ্ৰাস কৰি পেলায় — তেওঁ দিক-বিদিক নেদেখা হৈ পৰে, অসহনীয় আত্মসন্তুষ্টিৰে হৃদয় ভৰি পৰে আৰু এক exhaustionঅৰ সৃষ্টি হয়৷ দৰ্শনে এইদৰে এক পূৰ্ণতা, এক সমাপ্তিক সূচায়৷ তাৰ বিপৰীতে শ্ৰৱণে সূচায় যাত্ৰাৰ আৰম্ভণি, তাৰ অপেক্ষা, উৎকণ্ঠা আৰু ৰহস্য৷ সি যি নহওক, ভিজুৱেল সংস্কৃতিৰ একাধিপত্যই সম্প্ৰতি আমাক আৱেগিকভাৱে, বৌদ্ধিকভাৱে ক্ৰমাৎ কাঙাল কৰি নিব লাগিছে৷ এনে অৱস্থাত শ্ৰাব্য সংস্কৃতিক তাৰ নিজস্ব গুণ আৰু চৰিত্ৰৰে জীয়াই ৰখাটো হ’ল এই সময়ৰ ডাঙৰ প্ৰত্যাহ্বান৷ জুবিনে এই সংকটৰ কথা হয়তো উপলব্ধি কৰা নাছিল৷ কিন্তু তেওঁ স্বভাৱগতভাৱেই শ্ৰৱণক সদায় এটা উচ্চতৰ আসনত ৰাখিছিল৷ জীৱনৰ শেষৰটো সাক্ষাৎকাৰতো তেওঁ কৈছিল, ‘’শব্দ ব্ৰহ্ম… সৱেই শব্দ শুনিয়েই জীয়াই থাকে!’’ জীৱনৰ শেষৰ চিনেমা ‘ৰৈ ৰৈ বিনালে’ত তেওঁ এজন অন্ধ কণ্ঠশিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে৷ এই চিনেমাখন তেওঁৰ বহু বছৰৰ চিন্তা-চৰ্চাৰ ফল বুলি তেওঁ নিজেই কৈ গৈছে৷ প্ৰশ্ন হয়, এই চৰিত্ৰটোৰ জৰিয়তে জুবিনে নিজে ক’ব নোৱৰাকৈয়ে শ্ৰাব্য সংস্কৃতিৰ শ্ৰেষ্ঠতা ঘোষণা কৰি গ’ল নেকি?
জুবিনে নিজকে বাঁওপন্থী আৰু ছ’চিয়েলিষ্ট (কেতিয়াবা কমিউনিষ্ট) বুলি বাৰংবাৰ ঘোষণা কৰিছিল৷ বিশ্ব তথা অসমৰ বাঁওপন্থী ঐতিহ্যৰ উত্তৰাধিকাৰী বুলি তেওঁ নিজকে বিবেচনা কৰিছিল৷ চ্চে’ গুৱেভাৰা, চাৰ্লি চেপলিন আৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল তেওঁৰ আদৰ্শ ব্যক্তি৷ সমাজবাদী ৰাজনীতি আৰু চিন্তাৰ বিপৰ্যয়ৰ বৰ্তমান মুহূৰ্তত জুবিনৰ এই আত্মঘোষণাৰ তাৎপৰ্য গভীৰ৷ বৰ্তমান বিশ্বত সোঁপন্থী শক্তিৰ ব্যাপক উত্থান দেখিবলৈ পোৱা গৈছে৷ তাৰ বিপৰীতে সংগঠিত বাঁওপন্থী ৰাজনীতি এতিয়া ৰাজনৈতিক ময়দানত নাই বুলিব পাৰি৷ পৰিচিতি- তথা ইছ্যু-ভিত্তিক এক্টিভিষ্ট মহল আৰু বিদ্যায়তনিক মহলৰ মাজতে ঘাইকৈ বাঁওপন্থী চিন্তা-চৰ্চা সীমাবদ্ধ হৈ পৰিছে; তেওঁলোককো প্ৰায়ে সাংস্কৃতিক ৰাজনীতিৰ চাকনৈয়াত পাকঘূৰণি খাই থকা দেখা যায়৷ আনহাতে, নব্য উদাৰতাবাদী বাস্তৱতাই এক উত্তৰ-ৰাজনৈতিক (post-political) পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ইয়াত মানুহে কোনোধৰণৰ সংগঠিত ৰাজনীতিত বিশ্বাস নকৰে; ক্ষমতাৰ বিৰুদ্ধে নহয়, মানুহৰ ক্ষোভ পৰিচালিত হৈছে স্বয়ং ৰাজনীতিৰ (politics itself) বিৰুদ্ধেহে৷ মানুহৰ মাজত ক্ষোভ জমা হৈছে, তেওঁলোকে পুঁজি আৰু ৰাষ্ট্ৰৰ সম্পৰ্কৰ উমানো পাইছে৷ কিন্তু ৰাজনীতি-বিৰোধী মনোভাবৰ হোৱা বাবে তেওঁলোকৰ প্ৰতিবাদৰপৰা কোনো বিকল্প ৰাজনৈতিক শক্তিৰ সৃষ্টি হোৱা নাই; বৰং তেওঁলোকে আগতীয়াকৈ সচেতনভাৱে তেনে সম্ভাৱনা নাকচ কৰিছে৷ ইয়াৰ ফলত প্ৰতিবাদে, আনকি বিপ্লৱেও সমাজলৈ সদৰ্থক পৰিবৰ্তন আনিবলৈ সক্ষম হোৱা নাই৷ শেহতীয়াকৈ এছিয়াৰ বিভিন্ন দেশত সংঘটিত হোৱা যুৱ সমাজৰদ্বাৰা পৰিচালিত বিপ্লৱসমূহে যেন এই সত্যকেই প্ৰতীয়মান কৰিছে৷ আনহাতে, সাধাৰণভাৱে ক’বলৈ গ’লে, ভাৰত তথা অসমত সংসদীয় বাঁওপন্থী শক্তিবিলাকে এটা সমান্তৰাল আছুতীয়া ৰাজনৈতিক ধাৰাত নিজকে বৰ্তাই ৰাখিছে — তেওঁলোক গ্ৰামশ্চীয় অৰ্থত জাতীয়-জনপ্ৰিয় শক্তি হৈ উঠিব পৰা নাই৷ এনে অৱস্থাত জুবিনৰ বাঁওপন্থী আত্মঘোষণাৰ আঁৰত মতাদৰ্শৰ সন্ধান কৰিবলৈ যোৱাটো হাস্যকৰ কথা৷ সাম্প্ৰতিক কালৰ ঐতিহাসিক-সামাজিক সীমাবদ্ধতাৰ মাজতেই তেওঁ বাঁওপন্থী আদৰ্শৰ প্ৰতি এক গভীৰ আন্তৰিক আনুগত্য অনুভৱ কৰিছিল৷ এইখিনিতে থোৰতে ক’বলৈ হ’লে, দল-মতাদৰ্শৰপৰা নিলগাই চালে, ক্ষমতাৰ বিৰুদ্ধে আৰু জনসাধাৰণৰ সৈতে অৱস্থান কৰাটোৱেই হ’ল বাঁওপন্থাৰ অন্তৰ্নিহিত মৰ্ম৷ এই মৰ্মটো নিশ্চয় জুবিনে উপলব্ধি কৰিব পাৰিছিল আৰু তাক অনুসৰণ কৰিবলৈ অন্তঃকৰণেৰে চেষ্টা কৰিছিল৷ আন ভাষাত, জুবিনৰ বাবে বাঁওপন্থা আছিল এক সামাজিক দৃষ্টিভংগী৷ জীৱন, মানুহ আৰু শিল্পৰ প্ৰতি ধাৰণাৰ মাজত তেওঁৰ এই দৃষ্টিভংগী পৰিস্ফুট হৈছিল৷ জুবিনৰ জীৱনচৰ্যাৰ মাজেদি উদ্ভাসিত হৈ উঠিছিল তেওঁৰ ছ’চিয়েলিষ্ট সত্তাটো৷ আজীৱন বিদ্ৰোহী মনোভাব (defiance) আৰু জনসাধাৰণৰ প্ৰতি সখিত্ব-আন্তৰিকতা আছিল ইয়াৰ প্ৰধান পৰিচয়৷
আজীৱন বিদ্ৰোহী জুবিনে সমাজৰ প্ৰতিক্ৰিয়াশীল উপাদানবিলাকৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল৷ তেওঁ কাকো ঘেণ্টা খাতিৰ নকৰিছিল৷ ধৰ্ম আৰু বৰ্ণবাদক তেওঁ উপৰ্যুপৰি আক্ৰমণ কৰিছিল৷ ‘’মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত’’ — এয়া আছিল তেওঁৰ বাণী৷ সাংস্কৃতিক মঞ্চখন আছিল তেওঁৰ আদৰ্শগত বিবৃতিৰো মঞ্চ৷ এই মঞ্চৰপৰাই তেওঁ বাৰংবাৰ প্ৰতিষ্ঠান-বিৰোধী আক্ৰমণাত্মক বক্তব্য বা rant আগ বঢ়াইছিল৷ সত্ৰৰ পীঠস্থান মাজুলীত হোৱা এটা অনুষ্ঠানত সত্ৰাধিকাৰৰ হাতৰপৰা সম্বৰ্ধনা গ্ৰহণ কৰি লৈ তেওঁ সত্ৰাধিকাৰসকলক মানুহে ‘প্ৰভু ঈশ্বৰ’ বুলি সম্বোধন কৰা কাৰ্যক কঠোৰ ভাষাৰে নস্যাৎ কৰিছিল, ধৰ্মীয় পদানুক্ৰমৰ এটা গণতান্ত্ৰিক-প্ৰগতিশীল সমালোচনা দাঙি ধৰিছিল, কৃষ্ণকো মানুহ বুলি কৈছিল৷ জুবিনৰ আন আন একেধৰণৰ ঘটনাৰ ভিতৰত এই ঘটনাটো বিশেষভাৱে ইতিহাসত জিলিকি থাকিব ধৰ্মীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে জংগী প্ৰতিবাদৰ এটা অসম্ভৱ দৃষ্টান্ত হিচাপে৷ ডেকা বয়সতেই ব্ৰাহ্মণ-সন্তান জুবিনে নিজৰ লগুণ ছিঙি পেলাইছিল (তাক আঁঠুৱা তৰিবলৈ ৰছি হিচাপে ব্যৱহাৰ কৰিছিল)৷ এনেকৈয়ে তেওঁ নিজৰ বৰ্ণগত পৰিচয় ত্যাগ কৰিছিল৷ সি যি নহওক, আজীৱন এনে স্থিতি অটুট ৰাখি জাতি-ধৰ্ম-বৰ্ণৰ ঊৰ্ধত আৰোহণ কৰি তেওঁ এটা সাৰ্বজনীনতা লাভ কৰিছিল — সেইবাবেই তেওঁ সকলোকে প্ৰতিনিধিত্ব কৰিব পাৰিছিল, আৰু সকলোৰে বাবে তেওঁ আছিল হিয়াৰ আপোন৷ তেওঁ হৈ উঠিছিল ৰাইজৰ মানুহ — এনেকৈয়ে তেওঁ মানৱতাবাদী আৰু ছ’চিয়েলিষ্ট হিচাপে সাৰ্থকতা অৰ্জন কৰিছিল৷
জুবিনে সমগ্ৰ ৰূপত জনসাধাৰণৰ আত্মাক আলিংগন কৰিব পাৰিছিল। আমাৰ প্ৰগতিশীল মহলতো বহুলাংশে জনসাধাৰণৰ এটা পৰিশীলিত ধাৰণা বিদ্যমান৷ তাৰ বিপৰীতে জুবিনে জনসাধাৰণৰ অবিকল-অপৰিশীলিত ৰূপটো বুজি পাইছিল আৰু ভাল পাইছিল৷ ধনী-অভিজাত মহলৰ প্ৰতি তেওঁৰ তীব্ৰ বিৰাগ প্ৰকাশ্যে ঘোষণা কৰিছিল। বিপৰীতে সকলোধৰণৰ শ্ৰমজীৱী মানুহৰ সৈতে তেওঁৰ বন্ধুত্ব আছিল৷ শ্ৰমিক, ৰিক্সাৱালা, ঠেলাৱালা, আনকি পগলাৰ সৈতেও তেওঁৰ ভাল সম্পৰ্ক আছিল৷ তেওঁলোকৰ দুখত তেওঁ কান্দিছিল, তেওঁলোকৰ সৈতে আড্ডা মাৰিছিল, চাদা ভগাই খাইছিল৷ চাদাক নিম্নশ্ৰেণীগত নিচাযুক্ত দ্ৰব্য হিচাপে গণ্য কৰা হয়, যাৰ বাবে ভদ্ৰ সমাজে তাক ভাল চকুৰে নাচায়৷ জুবিনে কিন্তু চাদা খাই ভাল পাইছিল৷ উল্লেখ্য যে তেওঁৰ মৃত্যুৰ পাছত চিতাৰ জুইত পত্নী গৰিমাই এটা চাদাৰ টেমা তুলি দিছিল; তেওঁৰ সমাধিস্থলতো বহুতে চাদা টেমা দান কৰা পৰিলক্ষিত হৈছে৷ তেওঁ শ্ৰমজীৱী জনতাৰ ভাষাত কথা কৈছিল৷ খঙত বা জোৰ দিবলৈ তেওঁ সততে কেলা, বাল আদি শব্দ কৈছিল৷ আনহাতে, গোপন অংগৰ কথা ক’বলৈ colloquial শব্দহে ব্যৱহাৰ কৰিছিল৷ এবাৰ খুব সম্ভৱ মাৰাডোনাৰ কথা কৈছিল যে বলটো তেওঁৰ ভৰিয়েও মাৰে, পকৰেও (/পোকৰেও) মাৰে৷ এবাৰ ৰাছিয়াত খেল চাবলৈ যাওঁতে তেওঁ ভুলবশতঃ বাটাৰ মিহলি পানীৰে পোকৰ ধুইছিল; ঘটনাটোক তেওঁ ‘বাটাৰ পোকৰ’ বুলি অভিহিত কৰি ভিডিঅ’ এটা বনাইছিল৷ নিঃসংকোচে এই শব্দবোৰ ব্যৱহাৰ কৰি তেওঁ অসমীয়া নৈতিকতাবাদক নস্যাৎ কৰিছিল৷ এইখিনিতে ক’ব পাৰি যে অসমীয়া ভাষাৰ ওপৰত বৰ্ণবাদী সামন্তবাদৰ নৈতিক প্ৰভাৱ দেখিবলৈ পোৱা যায়৷ মানুহৰ শৰীৰৰ বাকী সকলো অংগৰ বাবে সহজ আৰু ষ্টেণ্ডাৰ্ড অসমীয়া শব্দ আছে, কিন্তু মাজৰ অংশৰ অংগবিলাকৰ বাবে নাই৷ আমাৰ সমাজত শৰীৰৰ মাজৰ অংশটো কেৱল অস্পৃশ্যই নহয়, সামাজিকভাৱে অদৃশ্যও৷ তাত থকা অংগবিলাকৰ কথা ক’বলৈ হ’লে আমি হয় গধুৰ তৎসম শব্দ ক’ব লাগিব, নহয় গাঁৱলীয়া অবাচ্য শব্দ ক’ব লাগিব৷ হয় গুহ্যদ্বাৰ, নহয় পোকৰ; হয় পুৰুষাংগ, নহয় কণী বা কণীগুটি; হয় নিতম্ব, নহয় টিকা; হয় যোনি, নহয় বুছ বা গিদা৷ এতিয়া আমি উপায়ান্তৰ নাপাই ইংৰাজী শব্দ ব্যৱহাৰ কৰিবলগীয়া হয়৷ গতিকে প্ৰশ্ন হয়, তৎসম শব্দবোৰ নাথাকিলে আমি নিজৰ যৌনাংগৰ কথা নাপাতিমেই নেকি? ইয়াৰ বিপৰীতে উদাহৰণস্বৰূপে ভৰিৰ অতবোৰ ধুনীয়া ধুনীয়া নাম আছে; বৈষ্ণৱ সাহিত্যত ভৰিৰ বহু উচ্চ স্থান আছে (যেনে, ‘’দিয়া মোক তুৱা পদ ছায়াতলে ঠাই’’)৷ এয়া আচলতে বৰ্ণবাদী সামন্তবাদৰে প্ৰতিফলন মাত্ৰ৷ জুবিনে তেওঁৰ স্বভাৱজাত আচৰণেৰে এই বৰ্ণবাদী নৈতিকতাবাদকে অসচেতনভাৱে সমালোচনা কৰিছিল৷ সি যি নহওক, জুবিনে জনসাধাৰণৰ সৈতে এক সহজ আৰু অভিন্ন সম্বন্ধ বৰ্তাই ৰাখিছিল৷ তেওঁ নিজকে জনসাধাৰণৰপৰা পৃথক বা উচ্চস্থানীয় বুলি কেতিয়াও ভবা নাছিল৷ এই সম্বন্ধ আছিল বন্ধুত্ব আৰু গণতান্ত্ৰিকতাৰ৷ তাত্ত্বিক বিমূৰ্ততা নহয়, মূৰ্ত সামাজিকতাৰ মাজেৰে জীৱন্ত হৈ উঠিছিল জুবিন আৰু জনসাধাৰণৰ মাজৰ সম্বন্ধ৷ বিচ্ছিন্ন-আত্মকেন্দ্ৰিকতাৰ বিপৰীতে জুবিনে ৰাইজৰ মাজতেই বিচাৰি পাইছিল নিজক৷
৪. সাংস্কৃতিক গণতান্ত্ৰিকীকৰণৰ চালিকাশক্তি
জুবিনে অসমত এক সাংস্কৃতিক গণতান্ত্ৰিকীকৰণৰ সূচনা কৰিলে। সাংস্কৃতিক পদানুক্ৰম ভাঙি লোকসংগীতৰ মৰ্যাদা প্ৰতিষ্ঠা কৰিলে৷ তেওঁ অসমৰ সকলো সাংগীতিক ধাৰাক একেখন সমতলত প্ৰতিষ্ঠা কৰিলে, সকলোকে একেটা কণ্ঠৰে মালাৰ দৰে গাঁথিলে। ইয়াৰ ফলত এটা ব্যাপক সামাজিক ৰূপান্তৰৰ সূচনা হ’ল৷ লোকসংগীত নতুন প্ৰজন্মৰ বাবে গ্ৰহণযোগ্য আৰু আকৰ্ষণীয় হৈ উঠিল। জুবিনৰ কণ্ঠই গ্ৰাম্য সমাজখনক চহৰৰ সৈতে বান্ধি পেলালে৷ এই সাংগীতিক ঐক্য আৰু সমন্বয়ে অসমীয়া সামুদায়িক চেতনা অধিক দৃঢ়বদ্ধ কৰিলে।
বিংশ শতিকাৰ আশীৰ দশকত আৰম্ভ হোৱা আৰু নব্বৈৰ দশকত জোৰদাৰ হোৱা বিহুৰ আধুনিকীকৰণ অসমৰ ঐতিহাসিক বিকাশৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়৷ লোকসংস্কৃতিৰপৰা আহি বিহু হৈ পৰিছিল জনপ্ৰিয় সংস্কৃতি৷ নব্য উদাৰতাবাদী অৰ্থনীতিৰ পৰিবেশত ঘটা এই প্ৰক্ৰিয়াটো আছিল স্ববিৰোধপূৰ্ণ — ই একে সময়তে আছিল মুক্তিকামী আৰু শোষণমূলক, গণতান্ত্ৰিক আৰু আধিপত্যবাদী, স্বতঃস্ফূৰ্ত আৰু মেনিপুলেটিভ৷ বজাৰৰ বাবে বিহু আছিল এটা পণ্য৷ লাহে লাহে সি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এটা exotic বস্তু হৈ পৰিছিল৷ সেইবাবে বজাৰৰ শক্তিবিলাকে তাৰপৰা যথাসাধ্যে মুনাফা অৰ্জন কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু একে সময়তে নতুন প্ৰযুক্তি, সাংস্কৃতিক আন্তঃগাঁথনি আৰু যোগাযোগৰ মাধ্যমে বিহুৰ নতুন বিকাশ সম্ভৱপৰ কৰি তুলিছিল আৰু তাৰ ভিত্তিত এটা উদ্যোগ গঢ় লৈ উঠিছিল৷ এই প্ৰেক্ষাপটত বিহুক লৈ নতুন সম্পৰীক্ষা কৰাৰো বাট মুকলি হৈছিল। বিহুৰ আধুনিকীকৰণৰ এই প্ৰক্ৰিয়াত জুবিনৰ প্ৰবেশ আছিল পিছতীয়া; ১৯৯৬ চনত তেওঁ প্ৰথম কেছেটত বিহু গাইছিল৷ বিমান বৰুৱা, ৰুবুল বৰা, সোমনাথ বৰা, ৰঞ্জিত গগৈ, খগেন গগৈ, বিপুল চেতিয়া ফুকন আদিয়ে নিজা নিজা ভূমিকাৰে এটা ভেটি ইতিমধ্যে প্ৰতিষ্ঠা কৰিছিল৷ ইয়াৰে বিমান বৰুৱা, সোমনাথ বৰা, বিপুল চেতিয়া ফুকনে আশীৰ দশকৰ প্ৰাৰম্ভতেই বিহুগীতৰ কেছেট উলিয়াইছিল৷ নব্বৈৰ দশকৰ আৰম্ভণিৰপৰাই কৃষ্ণমণি নাথ, কৃষ্ণমণি চুতীয়াই কণ্ঠদান কৰা বিহুগীতে জনপ্ৰিয়তা অৰ্জন কৰিছিল; ৰুবুল বৰাৰ পৰিচালনাত তেওঁলোকে বহু গীত গাইছিল৷ জুবিনে প্ৰথমে বিহু গাব জনা নাছিল৷ কিন্তু যেতিয়া তেওঁ শিকি-বুজি গাবলৈ ধৰিলে, তেতিয়া সকলো আশ্চৰ্যচকিত হৈ উঠিল — বিহুৰ আচল কণ্ঠটো যেন এতিয়াহে বিচাৰি পালে৷ জুবিনৰ আছিল উচ্চ গ্ৰামৰ (high range) বিহুৰ উপযোগী কণ্ঠ। বিহুক জুবিনে এনেভাৱে আত্মস্থ কৰি ল’ব পাৰিছিল যে তেওঁৰ বিহু শুনিলে সেয়া অনাখৰী যুৱকৰ শুৱলা আৰু প্ৰাণোচ্ছল কিন্তু গ্ৰাম্য (rustic) অনাড়ম্বৰ কণ্ঠ যেন ভাব হয়৷ তেওঁৰ সমান্তৰালভাৱে বিহুগীতত কেইবাটাও নাৰীকণ্ঠৰ প্ৰবেশ ঘটিছিল — ভিটালী, বৰ্ণালী, তৰালী আদি৷ ইয়াৰ ভিতৰত ভিটালী দাসে বিহুত এটা অতুলনীয় প্ৰসিদ্ধি অৰ্জন কৰিছিল৷ তেওঁৰ কণ্ঠ হৈ পৰিছিল গাঁৱৰ ছোৱালীবিলাকৰ প্ৰতিনিধিস্বৰূপ — তেওঁ যেন আমাৰ চিনাকি ‘জানমণি’জনী৷ বিহুগীতৰ আটাইতকৈ বিখ্যাত যুটিটো হৈ পৰিছিল জুবিন আৰু ভিটালী৷ এই দুইজনে মিলি বহুতো উৎকৃষ্ট বিহুগীত উপহাৰ দিছিল৷ সি যি নহওক, জুবিনে তেওঁৰ অধিকাংশ শ্ৰেষ্ঠ বিহুগীত গাইছিল বিমান বৰুৱাৰ পৰিচালনাত, ঘাইকৈ ‘জানমণি’ ছিৰিজৰ এলবামসমূহত৷ বিহুৰ নতুন বিকাশত বৰুৱাৰ মৌলিক অৱদান আছে৷ আচৰিত নহয় যে বিহুগীত বুলি ক’লেই পোনতে মনলৈ অহা ‘ঐ জান ঐ আকাশখন ধুনীয়া’ শীৰ্ষক কালজয়ী গীতটো, যাক আমি the quintessential Bihu song বুলি অভিহিত কৰিব পাৰো, তেওঁৰে সৃষ্টি৷ অনুপম শইকীয়াৰ পৰিচালনাত ‘মৰমজান’ ছিৰিজতো জুবিনে বহুতো সুন্দৰ গীত গাইছিল৷ শইকীয়াৰ এটা অতুলনীয় অৱদান হ’ল জুবিনে কণ্ঠদান কৰা হুঁচৰি বিহুসমূহ (‘আজি হ’ল উৰুকা কাইলৈ বিহুৰ ভূৰুকা ঐ’ আদি), যিসমূহ অবিহনে অসমত বিহু আধৰুৱা৷ একবিংশ শতিকাৰ প্ৰথম দশকত গ্ৰাম্য সমাজলৈ নামি অহা ব্যাপক সামাজিক পৰিবৰ্তনক চিত্ৰিত কৰি মানস ৰবীনে আৰম্ভ কৰিছিল ‘জোনবাই’ ছিৰিজটো, যিটো আছিল ভিচিডি ফিল্মৰ লগতে গানৰ সমাহাৰ৷ সেইটো আছিল ভিচিডি ফিল্মৰ যুগ৷ ‘জোনবাই’ আছিল এইক্ষেত্ৰত এটা বৃহৎ সাফল্য — ফিল্মৰ সমান্তৰালভাৱে জুবিনৰ কণ্ঠৰ বিহুগীতবিলাকে প্ৰভূত জনপ্ৰিয়তা লাভ কৰিছিল৷ এটা কথা ঠিক যে জুবিনে আন বহু মানুহৰ লগত আন বহু হাজাৰ বিহুগীত গাইছিল, আৰু তাৰ মাজত সুন্দৰ সৃষ্টিৰ অভাৱ নাই৷ কিন্তু জুবিনৰ বিহুগীতৰ যাত্ৰাটো মোটামুটি উপৰোক্তধৰণে চিহ্নিত কৰিব পাৰি৷ আমি বিহুগীতৰ ক্ষেত্ৰত এনে এটা আভাস দিয়াৰ কাৰণ হ’ল বৌদ্ধিক মহলত এই সম্পৰ্কে কোনো ধাৰণা নাই৷ জুবিনে বিহুগীত গোৱাটো কোনোবাই উল্লেখ কৰিলেও সেইটো যে আলোচনাযোগ্য বিষয় আৰু তাৰ সৈতে যে অসমৰ শেহতীয়া সামাজিক বিকাশৰ ধাৰা জড়িত হৈ আছে, সেই লৈ কোনো উৎসুকতা আমি দেখিবলৈ পোৱা নাই৷ ইয়াৰ মাজত আচলতে লোকসংগীত বা ফ’কৰ প্ৰতি বৌদ্ধিক-সাংস্কৃতিক সচেতন মহলৰ বিৰাগ তথা উদাসীনতা অন্তৰ্নিহিত হৈ আছে৷ ফ’ক তেওঁলোকৰ নিজৰ বস্তু নহয় — তেওঁলোকে নিজে নাগায় আৰু তাৰ সৈতে তেওঁলোক আৱেগিকভাৱে জড়িত নহয়। তেওঁলোকে ফ’কক এটা সন্মানজনক দূৰত্বত ৰাখিব খোজে৷ কিন্তু ফ’কটো ‘বিশুদ্ধ’ হৈ থকাটো তেওঁলোকে বিচাৰে৷ এই যে ৰাইজৰ মাজৰ বিহু আনি কেছেটত গায়, আকৌ কেছেটৰ বিহু গাই গাঁৱত মানুহে হুঁচৰি মাৰে — এনেধৰণৰ জটিলতা (বা ‘প্ৰদূষণ’) তেওঁলোকে বুজিব নোৱাৰে৷ কিন্তু ফ’কৰ এই চৰিত্ৰ জুবিনে সঠিকভাৱে বুজি পাইছিল৷ বিহুগীতৰ মাজত লুকাই থকা গ্ৰাম্য জনসাধাৰণৰ নাড়ীস্পন্দন তেওঁ ঠিকেই শুনিছিল৷ সেইবাবে বিহু গোৱাত তেওঁ মন-প্ৰাণ ঢালি দিছিল৷ জাতীয় উৎসৱ হিচাপে বিহুৰ ইতিহাসৰ নিৰ্ণায়ক পৰিঘটনা আছিল জুবিনৰ আৱিৰ্ভাৱ।
বিহুৰ আধুনিকীকৰণৰ ক্ষেত্ৰত প্ৰথম কামটো আছিল ফ’ক শিপাডাল অটুট ৰাখি তাক জনপ্ৰিয় সংগীতৰ ৰূপত প্ৰতিষ্ঠা কৰা৷ দ্বিতীয় কামটো আছিল বিহুক নতুন প্ৰজন্মৰ জীৱন আৰু আশা-আকাংক্ষাৰ বাহক হিচাপে গঢ়ি তোলা৷ বিহুগীতৰ নতুন ৰচক-পৰিচালকসকলে এই দুইটা কাম সফলতাৰে সম্পন্ন কৰিছিল৷ তাৰ ফলত বিহুগীত এটা পূৰ্ণাংগ বস্তু হৈ পৰিল, যি সকলো ধৰি ৰাখিব পাৰে আৰু সকলো প্ৰকাশ কৰিব পাৰে৷ একে আষাৰে ক’বলৈ গ’লে, বিহুগীতৰ মাজত অসমৰ গ্ৰাম্য জীৱনৰ এখন সামাজিক ইতিহাস লুকাই আছে৷ গ্ৰাম্য জীৱনৰ আত্মা, কৃষিকেন্দ্ৰিক সমাজখনৰ উশাহ-নিশাহ ইয়াৰ মাজত অনুভৱ কৰিব পাৰি৷ সমাজখনৰ ওপৰেদি পাৰ হৈ যোৱা পৰিবৰ্তনৰ ঢৌবোৰৰ চাপ বিহুগীতবিলাকে ধৰি ৰাখিছে৷ গ্ৰাম্য যুৱ সমাজৰ প্ৰেম, আশা-আকাংক্ষা, সংগ্ৰাম, হতাশাৰ উপৰি সামাজিক সমালোচনা, ৰাজনৈতিক চিন্তা, নাগৰিক জীৱনবোধৰ স্বাক্ষৰ আদিও বিহুগীতৰ মাজত বিচাৰি পোৱা যায়৷ আনহাতে, গাঁৱৰ হুঁচৰিযোৰাৰ এটা সুন্দৰ ভাৰ্চুৱেল ৰূপ নিৰ্মাণ কৰি উলিওৱা হৈছিল হুঁচৰি বিহুবিলাকৰ মাজেৰে৷ ইয়াৰ মাজত অসমীয়া সমাজৰ পাৰিবাৰিক সম্বন্ধবিলাক, সামাজিক পৰম্পৰা তথা ইতিহাস, সামুদায়িক জীৱনৰ যিখন চিত্ৰ অংকন কৰা হৈছে, সেইটো আন কোনো সাংগীতিক সৃষ্টিত পাবলৈ নাই৷ প্ৰেমৰ বিহুগীতেই হওক বা আধুনিক গীতেই হওক, তাত বাকী সম্বন্ধবিলাক আহে মূলতঃ প্ৰেমৰ প্ৰতিবন্ধক কিম্বা সহায়কাৰী হিচাপে (যেনে, ‘নবৌ ঐ মোলৈ এজনী ছোৱালী চালিনে নাই?’)৷ কিন্তু হুঁচৰি বিহুবিলাকত আইতা, ককা, দেউতা, দদাইদেউ, খুৰীদেউ আদি সকলো সম্বন্ধৰে গিজগিজাই থকা গাঁৱৰ ভৰপূৰ সমাজখন জীৱন্ত ৰূপত দেখিবলৈ পোৱা যায়৷ এনেকৈ বিহুগীত হৈ উঠিছিল সমগ্ৰ গ্ৰাম্য সমাজখনৰ দাপোণ৷ শেহতীয়াভাৱে অৰ্থনৈতিক-সামাজিক হেঁচাত গাঁওবোৰ ভাগি-ছিগি গৈছে৷ এফালে দাৰিদ্ৰ্যই মানুহক জ্বলা-কলা খুৱাইছে, আনফালে ঊৰ্ধমুখী সামাজিক গতিশীলতাৰ ঢৌৱে মানুহক উদ্বাউল কৰি তুলিছে৷ খেতি-মাটি-গৰু নোহোৱা হৈছে, village commonsবোৰ মানুহে দখল কৰিছে, ক্ৰমাৎ চাহ বাগানে সকলো গিলি পেলাইছে৷ লাখ লাখ ল’ৰা-ছোৱালীয়ে (মূলতঃ ল’ৰা) ‘কেৰেলা-বেঙেনা’লৈ (কেৰালা, তামিলনাডু, কৰ্ণাটক আদি ৰাজ্যলৈ, যাক গাঁৱলীয়া ভাষাত তেনেকৈ কোৱা হয়) ঢাপলি মেলিছে শ্ৰমৰ সন্ধানত৷ এই পৰিবৰ্তনবোৰ কিছু পৰিমাণে বিহুগীতত ৰক্ষিত হৈছে৷ কিন্তু সেয়া হওক বা নহওক, বিহুগীত স্বয়ংক্ৰিয়ভাৱেই ভাঙোনমুখী গ্ৰাম্য জীৱনৰ প্ৰেক্ষাপটত এক কৰুণ গাথালৈ পৰ্যবসিত হৈছে৷ এতিয়া পুৰণি বিহুগীতে কঢ়িয়াই আনে এক গভীৰ বিষাদ — হেৰোৱা দিনৰ, হেৰোৱা সমাজৰ, হেৰোৱা শৈশৱৰ৷ গতিকে এতিয়া বিহুগীত হৈ পৰিছে এখন হেৰাই যোৱা পৃথিৱীৰ দাপোণ৷ কিন্তু সেইবুলি বিহুগীতৰ সৃষ্টি থমকি ৰোৱা নাই; নতুন পৰিস্থিতি অনুসৰি নতুন নতুনধৰণে তাৰ সৃষ্টি হৈ আছে৷ সি যি নহওক, জুবিনৰ কণ্ঠত এই সকলোধৰণৰ হাজাৰ হাজাৰ বিহুগীতে প্ৰাণ পাই উঠিছিল৷ ইয়াৰ মাজেৰে জুবিনৰ কণ্ঠটো গ্ৰাম্য সমাজৰ ধূলিয়ে-বালিয়ে মিহলি হৈ গৈছিল৷ জুবিনৰ বিহুৱে গ্ৰাম্য সমাজখন উদ্বেলিত কৰি তুলিছিল — তাৰ মাজত ৰাইজে বিচাৰি পাইছিল প্ৰকাশৰ ভাষা আৰু সাহস। জুবিনে তেওঁলোকক বান্ধি পেলাইছিল নগৰৰ সৈতে — নগৰৰ মঞ্চ আহিছিল গাঁৱলৈ, গাঁৱৰ বিহু গৈছিল নগৰলৈ৷ এনেকৈ গাঁও আৰু নগৰ একেডাল এনাজৰীৰে বান্ধ খাই পৰিছিল। পূৰ্বতে আৰম্ভ হোৱা এই প্ৰক্ৰিয়াটোক পূৰ্ণাংগ ৰূপ প্ৰদান কৰাত ঘাই অনুঘটক হৈ উঠিছিল জুবিন৷
জুবিন হৈ পৰিছিল অসমৰ ধৰ্মীয় সংস্কৃতিৰ অবিচ্ছেদ্য অংগ, কৃষ্ণ সংস্কৃতিৰ কণ্ঠ৷ অসমৰ ধৰ্মীয় সংস্কৃতি হ’ল কৃষ্ণ সংস্কৃতি৷ অসমীয়া জনজীৱনত কৃষ্ণৰ ব্যাপক উপস্থিতি দেখিবলৈ পোৱা যায়; আনহাতে, কৃষ্ণৰ কাহিনীতো অসমীয়া জনজীৱনৰেই প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়৷ শংকৰ-মাধৱেই কৃষ্ণ সংস্কৃতিৰ এই বান্ধোন অসমীয়া সমাজক দি গৈছিল৷ গুৰু দুজনাৰ সৃষ্টিৰাজিত সেই সত্য বিৰাজমান হৈ আছে৷ মাধৱৰ ‘তেজৰে কমলাপতি’ ইয়াৰ উৎকৃষ্ট উদাহৰণ; এই মহত্তম সৃষ্টিত অসমীয়া জনজীৱন, প্ৰকৃতি, শৈশৱৰ সাৰ্বজনীন সৌন্দৰ্য সকলোৰে সমাহাৰ ঘটিছে কৃষ্ণৰ লীলাৰ মাজত৷ (এয়া নিশ্চয় কাকতালীয় নহয় যে এই গীতটো ভূপেন হাজৰিকাই কেইবাটাওধৰণে গাই তাক অধিক আকৰ্ষণীয় আৰু মহিমান্বিত কৰি থৈ যোৱাৰ লগতে এটা উচ্চ মান বান্ধি থৈ গৈছে; গীতটোৰ জুবিনে গোৱাও দুটা সংস্কৰণ আছে৷) এই বৰগীতটোৰ নিচিনাকৈয়ে কৃষ্ণ সংস্কৃতি সোমাই পৰিছিল জনজীৱনৰ অভ্যন্তৰলৈ, আৰু সি এক লোক বা ফ’ক ৰূপ পৰিগ্ৰহ কৰিছিল৷ এইখিনিতে মন কৰিবলগীয়া যে হিন্দু ধৰ্মত শাস্ত্ৰৰ সিমান গুৰুত্ব নাই, ইয়াত প্ৰেক্টিচেই প্ৰধান বস্তু৷ সেয়ে জনসাধাৰণে নিজৰধৰণে সৃষ্টিশীলভাৱে ধৰ্ম আচৰণ কৰিব পাৰে৷ ইয়াত ধৰ্ম, আৰ্ট আৰু জনজীৱনৰ মাজত কোনো স্পষ্ট সীমাৰেখা নাথাকে, আৰু ইটো সিটোৰ মাজত সহজ যাতায়াত চলি থাকে৷ (জনপ্ৰিয় সংস্কৃতিৰপৰা এটা উদাহৰণ দিব পাৰি৷ ‘জোনবাই’ ভিচিডিত থকা ‘ভাওনাতে ভীমৰে ভাও দি ভাগৰি’ শীৰ্ষক জুবিনৰ বিহুগীতটোৰ লগে লগে ভাওনাৰ দৃশ্য চলি থাকে; ইয়াৰ মাজতে দেখা যায় যে ছোঁঘৰত প্ৰস্তুত হৈ থকা অৱস্থাত নাৰী চৰিত্ৰটোৱে, অৰ্থাৎ নাৰীৰ ভাও দিয়া পুৰুষজনে, খুব সম্ভৱ দ্ৰৌপদী, এপালি চাদা মলি লৈ মুখত ভৰাইছে৷ সম্প্ৰতি পেছাদাৰীকৰণ হোৱাৰ আগলৈকে গাঁৱৰ ভাওনাৰ সময়ত এনেধৰণৰ পৰিঘটনা তেনেই সহজ আৰু মামুলি আছিল৷ এই দৃশ্যটোত ধৰ্ম, আৰ্ট আৰু জনজীৱনৰ দৈনন্দিনতাৰ মিশ্ৰণ সুন্দৰ ৰূপত প্ৰকাশ পাইছে৷ দৃশ্যটোৰ জৰিয়তে মানস ৰবীনে গ্ৰাম্য সমাজৰ তথা লোক ধৰ্মৰ এটা মৌলিক বৈশিষ্ট্য ধৰি ৰাখিলে৷) সি যি নহওক, ধৰ্মৰ এই ফ’ক ৰূপটো জুবিনে হয়তো বুজি পাইছিল। তেওঁৰ কণ্ঠটো আধুনিক, কিন্তু ধৰ্মীয় লোকগীতসমূহ তেওঁ প্ৰাণ ঢালি গাইছিল ঠিক এজন ব’ৰাগী শিল্পীৰ দৰে; এইক্ষেত্ৰত তেওঁৰ গুৰু আছিল লোকসংগীতৰ সাধক খগেন গগৈ৷ জুবিনৰ কণ্ঠই ধৰ্মীয় লোকগীতসমূহ নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তুলিছিল, আৰু তাৰ পেছাদাৰী চৰ্চাৰ বাবে এটা ভিত্তি প্ৰতিষ্ঠা কৰিছিল৷ তেওঁ বৰগীত যেনেকৈ গাইছিল, তেনেকৈ টোকাৰী গীত, কামৰূপীয়া লোকগীত, গোৱালপৰীয়া লোকগীত, নাগাৰা নাম আদি সকলো গাইছিল৷ অসমৰ ধৰ্মীয় সমন্বয়ৰ নিৰ্মল চানেকি জিকিৰ গাইছিল৷ ‘যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি’, ‘আজি ৰাতি শিলা বৰষিলে এ’’ (জন্মাষ্টমীৰ গীত; ই অসমীয়া ভাষাৰ এটা শ্ৰেষ্ঠতম লোকসৃষ্টি আৰু ভাষাটোৰ প্ৰকাশিকা শক্তিৰ উচ্চতম নিদৰ্শন), ‘কংসৰ কাৰাগাৰে হৰি’, ‘ব্ৰহ্মা আদি কৰি’, ‘পাৱে পৰি হৰি’, ‘শ্ৰীগুৰু শংকৰ কৰুণা সাগৰ’ (ৰামেশ্বৰ পাঠকৰ সৈতে গোৱা, পাঠকৰ মায়াৱী লোককণ্ঠৰ কথাও উল্লেখ কৰিব লাগিব), ‘প্ৰথমে প্ৰণামো ব্ৰহ্ম’ (এইটো গীতত সৰু ল’ৰা-ছোৱালীয়ে দশাৱতাৰ নৃত্য কৰে) — জুবিনৰ কণ্ঠত ভক্তিগীতবোৰে কেনে প্ৰাণস্পৰ্শী ৰূপ লাভ কৰিছে, তাৰ নমুনা হিচাপে এয়া দুটামান গীত উল্লেখ কৰিলো৷ মন কৰিবলগীয়া যে ধৰ্মীয় লোকগীতৰ ভাবগত-ভাষাগত প্ৰতিধ্বনি মাজে মাজে জুবিনৰ আধুনিক গানৰ মাজতো শুনিবলৈ পোৱা গৈছিল; যেনে, বৈৰাগ্য আৰু জীৱনৰ অনিত্যতা চিত্ৰিত হৈছে ‘ভবা কথা নহয় সিদ্ধি’, ‘মই মৰিম যিদিনা’ আদি গানত৷ গতিকে ক’ব পাৰি যে ভক্তিগীতবোৰত জুবিনে কেৱল কণ্ঠদানেই কৰা নাছিল, সেইবোৰ তেওঁ অন্তৰেৰে ভাল পাইছিল৷ এনেকৈয়ে জুবিন হৈ পৰিছিল কৃষ্ণ সংস্কৃতিৰ কণ্ঠ, যাক গঞা ৰাইজে হিয়াৰ আমঠুৰ দৰে জ্ঞান কৰে৷ জুবিনৰ মৃত্যুৰ পাছত শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাইজে ভক্তিগীতৰেই আশ্ৰয় লৈছে; কিছুমান গীত ভক্তিগীতৰ সুৰত ৰচনা কৰা হৈছে, কিছুমান আগৰ গীতকে সালসলনি কৰি বা নকৰাকৈ নতুন অৰ্থৰে গোৱা হৈছে৷ (উদাহৰণস্বৰূপে, বিপুল চেতিয়া ফুকনে আদ্যশ্ৰাদ্ধত গোৱা ‘জুবিন তুমি ঐ/গুচি গ’লা আমাৰ মাজৰপৰা’, ‘দিহাসম্ৰাট’ কমলা গগৈৰ ‘কিয় গুচি গ’লা অ’ হে জুবিনদা’, অনুপম শইকীয়াৰ পৰিচালনাত ‘প্ৰাণৰ জুবিন’ আদি; খগেন গগৈয়ে গাইছে ‘যমুনাৰ ঢৌ দেখি’, য’ত এই সুন্দৰ গীতটোৱে নতুন অৰ্থ বহন কৰিছে জুবিনকো সামৰি লৈ৷) এই পৰিঘটনাই ভক্তিগীতৰ সৈতে জুবিনৰ গভীৰ সম্পৰ্ককে উন্মোচন কৰে৷
এইখিনিতে জুবিনৰ ধৰ্মবিশ্বাস সম্পৰ্কে দুটামান কথা উনুকিয়াব পাৰি৷ জুবিনে ‘মোৰ কোনো ধৰ্ম নাই’, ‘মোৰ কোনো ভগৱান নাই’ বুলি স্পষ্টভাৱে ঘোষণা কৰিছিল৷ কোনো কোনো ঠাইত তেওঁ নিজকে এগনষ্টিক (শব্দটো তেওঁ ভুলকৈ ‘এগনইষ্ট’ বুলি উচ্চাৰণ কৰিছিল) বুলি অভিহিত কৰিছিল৷ তেওঁৰ এখন হাতত চাৰ্লি চেপলিনৰ আৰু আনখন হাতত শিৱৰ টেটু অংকন কৰা আছিল৷ তেওঁ শিৱক এটা চৰিত্ৰ হিচাপে ভাল পাওঁ বুলি উল্লেখ কৰিছিল : শিৱৰ জংগী আৰু বিদ্ৰোহী মনোভাব, বনৰীয়া বা বহেমিয়ান জীৱন, সৃষ্টিশীল মনৰ বাবে৷ আন ঠাইত তেওঁ শিৱক এজন ট্ৰাইবেল দেৱতা বুলি অভিহিত কৰিছিল, আৰু তেওঁক ভাল পোৱাৰ কথা উল্লেখ কৰি পাছত কৈছিল, ‘Be tribal’. আনহাতে, তেওঁ বুদ্ধৰ কথা ভালেমান ঠাইত উল্লেখ কৰা দেখিবলৈ পোৱা যায় আৰু বৌদ্ধ ধৰ্মৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল বুলি জানিব পাৰি৷ বুদ্ধৰ গণতান্ত্ৰিক মনোভাব আৰু পৰম্পৰাবিৰোধী বিদ্ৰোহে তেওঁক অনুপ্ৰাণিত কৰিছিল৷ সি যি নহওক, জুবিনৰ ধৰ্ম-সম্পৰ্কীয় বিভিন্ন বক্তব্যবিলাকৰপৰা সামগ্ৰিকভাৱে ইয়াকে বুজিব পাৰি যে বিশ্বাসৰ দিশৰপৰা জুবিন নিজে এগনষ্টিক আছিল; ধৰ্মীয় আচাৰ-অনুষ্ঠান আৰু ধৰ্মীয় প্ৰতিষ্ঠানৰ (religious rituals and religious establishment) তেওঁ দ্ব্যৰ্থহীন সমালোচনা আৰু বিৰোধিতা কৰিছিল৷ কিন্তু একে সময়তে ধৰ্মৰ ফ’ক ৰূপটোৰ প্ৰতি আছিল তেওঁৰ গভীৰ আন্তৰিকতা আৰু শ্ৰদ্ধা৷ মানৱীয় অনুভূতি আৰু শৈল্পিক অনুসন্ধিৎসাৰে তেওঁ ধৰ্মক বুজিবলৈ চেষ্টা কৰিছিল; তাৰ মাজত থকা গণতান্ত্ৰিক আৰু সৃষ্টিশীল উপাদানবোৰ আঁকোৱালি ল’ব বিচাৰিছিল৷ আধুনিকতাবাদী (অধিক স্পষ্ট ভাষাত, নেহৰুবাদী) ছেকুলাৰবাদীৰ দৰে তেওঁৰ দৃষ্টিভংগী যান্ত্ৰিক নাছিল৷ মন কৰিবলগীয়া যে জুবিনে নিজকে ছেকুলাৰ বুলি কোৱা বা ছেকুলাৰবাদৰ কথা কোৱা আমি শুনা নাই৷ আধুনিক ৰাষ্ট্ৰ আৰু সংখ্যাভিত্তিক ৰাজনীতিৰ প্ৰেক্ষাপটত ছেকুলাৰবাদৰ ধাৰণাটো সৃষ্টি হৈছিল৷ এতিয়া সেই ধাৰণাটো অতীতলৈ প্ৰক্ষেপ কৰি প্ৰাক-আধুনিক ধৰ্মীয় ঐক্য-সংহতিকো ছেকুলাৰ হিচাপে আখ্যায়িত কৰা হয়৷ কিন্তু আজিৰ অৰ্থত সেয়া ছেকুলাৰ নাছিল৷ (এই সম্পৰ্কে আমি আগৰ বিভিন্ন লেখাত বহলাই আলোচনা কৰিছো৷) অসমৰ ধৰ্মীয় ঐক্য-সংহতিৰ অমৰ আৰু মহান নিদৰ্শন জিকিৰক আমি আজি ছেকুলাৰবাদৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰো, কিন্তু তাক ছেকুলাৰ বুলি কোৱাটো সঠিক নহয়৷ সেই সময়ত ধৰ্মীয় পৰিচিতিয়ে আধুনিক কালৰ দৰে কঠোৰভাৱে বহিষ্কৰণবাদী আৰু একশৈলিক ৰূপ লাভ কৰা নাছিল; ধৰ্মীয় পৰিচিতি থাকিলেও সিবিলাকে সমাজত ওপৰা-উপৰিকৈ বসবাস কৰিছিল; জনসাধাৰণৰ দৈনন্দিন জীৱনৰ মিলা-মিছাৰ মাজত ধৰ্মীয় পাৰ্থক্যবোৰ বিলীন হৈ গৈছিল৷ ধৰ্মৰ এক ফ’ক ৰূপটোক আমি প্ৰাক-আধুনিক বোলাতকৈ অনা-আধুনিক (non modern) বুলিলে হয়তো অধিক শুদ্ধ হ’ব; কিয়নো সেয়া আজিও জনসাধাৰণৰ মাজত বহু পৰিমাণে জীয়াই আছে আধুনিকতাৰ সৈতে সহাৱস্থান কৰি৷ জিকিৰৰ যি ঐতিহ্য, তাৰ প্ৰকৃত স্থান হ’ল এই অনা-আধুনিক ফ’ক ধৰ্মৰ বুকুত৷ জুবিনে হয়তো অসচেতনভাৱেই এই সত্য উপলব্ধি কৰিব পাৰিছিল৷ সেয়ে তেওঁ নিজৰ কণ্ঠত ফ’ক ধৰ্মৰ এই ঐতিহ্য আৰু শক্তি বহন কৰিব পাৰিছিল, আৰু তাৰ ভিত্তিত ধৰ্মীয় সমন্বয়ৰ বাট কাটিব পাৰিছিল৷ জনসাধাৰণেও ইয়াৰ প্ৰতিদান জুবিনক দিছিল মৰমৰ মাজেৰে৷ জুবিনৰ মৃত্যুৰ পাছত যি অভূতপূৰ্ব ধৰ্মীয় সমন্বয়ৰ সূচনা হ’ল, তাত জুবিনৰ এই মনোভাব আৰু ভূমিকাৰ নিশ্চয় এক গুৰুত্বপূৰ্ণ অৰিহণা আছিল৷
(ৰচনাকাল : প্ৰথম খণ্ডৰ ১৯-১০-২০২৫; বাকী খণ্ডসমূহৰ আৰম্ভণি ২৮-১০-২৫, সমাপ্তি ০৯-১১-২৫৷)
Originally published at http://jitenbezboruah.wordpress.com on December 6, 2025.
메타데이터
- post_id
- 80da7cf581f5
- slug
- জুবিন-অসমৰ-প্ৰাণস্পন্দন-80da7cf581f5
- url
- https://medium.com/@jitenbezboruah/%E0%A6%9C%E0%A7%81%E0%A6%AC%E0%A6%BF%E0%A6%A8-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A6%B8%E0%A7%8D%E0%A6%AA%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%A8-80da7cf581f5
- canonical_url
- https://medium.com/@jitenbezboruah/%E0%A6%9C%E0%A7%81%E0%A6%AC%E0%A6%BF%E0%A6%A8-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A6%B8%E0%A7%8D%E0%A6%AA%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%A8-80da7cf581f5
- author_url
- https://medium.com/@jitenbezboruah
- status
- ok
- fetched_at
- 2026-06-14 11:28:49