← Back to list

প্ৰশস্তি | Class 10 Assamese Lesson 3 Question Answer Assam

Class 10 Assamese Lesson 3

Assam Learning · 2021-09-01 16:34 · 0 claps · 1.9 min read
#seba #class-10-assamese #lesson-3 #assam #assamese
Open on Medium ↗

প্ৰশস্তি | Class 10 Assamese Lesson 3 Question Answer Assam

Class 10 Assamese Lesson 3

প্ৰশস্তি

ৰঘুনাথ চৌধাৰী

অসমীয়া সাহিত্য চয়নিকা

শব্দার্থ আৰু টোকাঃ অন্তৰীক্ষ ঃ আকাশ ; যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায় । ঊষা ঃ সূর্য ঋত্বিক ঃ ঋতুযাজক , পুৰােহিত । কালৰাত্রি ঃ আন্ধাৰ ৰাতি । কিশলয় ঃ কুঁহিপাত , গজালি , কোঁহ । কীচক বেণু ঃ কীচক বাঁহ , সেই বাঁহৰ বাদ্যৰ শব্দ । কুঙ্কুম ঃ প্রসাধন সামগ্রী বিশেষ । কুসুম ঃ ফুল । ক্লেদ ঃ গেলা মলযুক্ত পানী । চামৰ ঃ চোৱৰ , কুঁৱৰী পহুৰ নেজৰ মুঠা । চিত্তহাৰী ঃ মন — প্রাণ হৰি নিয়া । তন্ত্ৰালস ঃ শ্রান্ত ক্লান্ত , টোপনি যােৱা অৱস্থা । তেজি ঃ ত্যাগ কৰি । তান ঃ সুৰ , ৰাগ । দীর্ণ ঃ ভাগি — ছিগি যােৱা , বিদাৰিত । পৰিমল ঃ সুগন্ধ । পুঞ্জীভূত ঃ সঞ্চিত । ফুল্ল ঃ ফুলি উঠা , পাহি মেলা ফুল । বসুধা ঃ পৃথিৱী ; বসুমতী । বিহঙ্গ ঃ চৰাই ; পক্ষী । মহামহিম ঃ অতিশয় গৌৰৱান্বিত , বৰ মান্য , খ্যাতিমন্ত । ৰঞ্জিলে ঃ ৰঙীণ কৰিলে , পােহৰ কৰিলে ।

ভাব — বিষয়কঃ

১ । অতি চমু উত্তৰ দিয়া । ( ক ) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ? উত্তৰঃ ৰঘুনাথ চৌধাৰীক বহাগীৰ (বিহগী) কবি বুলি জনা যায়।

( খ ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা । উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হল - সদৰী আৰু নৱমল্লিকা। ( গ ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ? উত্তৰঃ প্ৰকৃতিক নতুন কুঁহিপাতবোৰে সদৰি আনিলে বুলি কবিয়ে কৈছে।

( ঘ ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে ? উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে।

( ঙ ) জল , স্থল আৰু ক ‘ ত দেৱতাৰ মহা অভিযান চলিছে ? উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলিছে।

( চ ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ? উত্তৰঃ কীচক বেণুৱেও মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে।

২ । কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা । উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তু টানি আনিছে। সেইবোৰ হল — উষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰীক্ষ, কীচক বেণু আৰু বিহংগ।

৩ । কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে ? উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজত কবিয়ে চিৰসুন্দৰৰ অৰ্থাৎ কেতিয়াও নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰা কথা কৈছে। সেয়েহে সেই চিৰসুন্দৰৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে।

৪ । কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা । উত্তৰঃ প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপৰ কথা কবিয়ে বৰ্ণনা কৰিছে। পুৱাৰ সূৰুযে দশোদিশ পোহৰাই পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে। পৃথিৱীখন ন- পাতেৰে, ফুলেৰে জাতিস্কাৰ হৈ পৰিছে। বনৰ চৰাই, গছ — লতিকা আদিয়ে সুমধুৰ ছন্দৰে যেন কেৱল সৌন্দৰ্য্য সৃষ্টি কৰা নাই, সন্ধান কৰি উলিয়াইছে চিৰসুন্দৰৰ। মাটি, পানী, বায়ু আদি সকলোবোৰে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা। কৰবাত বাজি উঠিছে আকৌ কীচক বাহেঁৰে তৈয়াৰী বাঁহীৰ সুৰ, সি যেন কঢ়িয়াই আনিছে চিৰসুন্দৰৰ কথা। কবিয়ে খোজে প্ৰতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিতি আৰু পকৃতি।

………………………….Click Here Read More………………………………

https://www.assamlearning.com/2021/06/class-10-assamese-lesson-3-question.html


메타데이터
post_id
9154bd2db237
slug
প্ৰশস্তি-class-10-assamese-lesson-3-question-answer-assam-9154bd2db237
url
https://medium.com/@AssamLearning/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B6%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BF-class-10-assamese-lesson-3-question-answer-assam-9154bd2db237
canonical_url
https://medium.com/@AssamLearning/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B6%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BF-class-10-assamese-lesson-3-question-answer-assam-9154bd2db237
author_url
https://medium.com/@AssamLearning
status
ok
fetched_at
2026-07-15 23:48:04